সাঁচিপাত – অঞ্জুমণি শইকীয়া

Pc Wikipedia

সাঁচিপাত

কাগজ নোপোৱা দিনবোৰত অসমীয়াই সাঁচিপাতত সকলো কথা লিখি ৰাখিছিল ৷ সাঁচিপাত কেইবাশ বছৰ ধৰি নষ্ট নোহোৱাকৈ থাকে ৷ ইয়াত লেখা আখৰবোৰত মলি পৰি পঢ়িব নোৱাৰিলে তিতা কাপোৰে মচি দিলেই পৰিষ্কাৰ হয় ৷ কীৰ্ত্তন , ভাগৱত , ৰামায়ণ , মহাভাৰত , জ্যোতিষ , তন্ত্ৰমন্ত্ৰ , বুৰঞ্জী , নিদান আদি সকলো ধৰণৰ সংস্কৃত , অসমীয়া আৰু আহোম ভাষাৰ পুথি সাঁচিপাতত লিখা ৷

গেইট চাহাবৰ মতে — ৩০/৩৫ ইঞ্চি বেৰৰ ১৫/১৬ বছৰীয়া সাঁচি গছ বা অগৰু গছৰ মাটিৰ পৰা চাৰি ফুট মান ওপৰৰ বাকলি ৬ ফুটৰ পৰা ১৮ ফুট দীঘল কৰি আৰু ৩ ইঞ্চিৰ পৰা২৭ ইঞ্চিলৈকে বহল কৰি চটাচটে এৰুৱাই বাকলিবোৰৰ ভিতৰফালটো বাহিৰলৈ দি প্ৰত্যেকখন বাকলিকে বেলেগে নুৰিয়াই কেইবাদিনো ৰ’দত দিয়ে ৷ বাকলিৰ ওপৰৰ টান ভাগটো এৰুৱাবৰ কাৰণে হাতেৰে কাঠৰ তক্তা বা টান বস্তুৰে বাকলিবোৰ ঘঁহে ৷ পাছদিনা সাৱধানেৰে নিকৰি গুচাই বাকলিবোৰ সুবিধা মতে ৯ ইঞ্চিৰ পৰা ২৭ ইঞ্চি দীঘল কৰি আৰু ৩ ইঞ্চিৰ পৰা ১৮ ইঞ্চি বহল কৰি কাটে ৷ এইদৰে কটা পাতবিলাকৰ খাৰপানী ওলাবৰ কাৰণে এঘণ্টামান চেঁচা পানীত ডুবাই থৈ কটাৰীৰে চাঁচি ওপৰখন মিহি কৰে ৷ তাৰ পাছত আধা ঘণ্টামান ৰ’দত পাত বিলাক সম্পূৰ্ণৰূপে শুকুৱাই তাত পোৰা ইটা ঘঁহে ৷ ইয়াৰ পাছত মাটি মাহৰ কঢ়াল আৰু হালধীয়া ৰং দি পাটবিলাক ৰ’দত শুকুৱাই মিহি কৰিলেই লিখিবৰ উপযুক্ত হয় ৷

-( “ ইতিহাসে সোঁৱৰা ছশটা বছৰ “ নামৰ গ্ৰন্থৰ পৰা সংগ্ৰহ )

– অঞ্জুমণি শইকীয়া ৷
যোৰহাট