সহোদৰ
ৰশ্মি ৰেখা দুৱৰা,ডিব্ৰুগড়
সোণে এখোজ-দুখোজকৈ খোজ কাঢ়িয়েই বায়েক জোনৰ সকলো খেলা বস্তু খেলি-মেলি কৰি দিয়ে।তথাপিও জোনে সকলোবোৰ সজাই পৰাই লয়,অলপো খং নকৰে।দুয়োজনীৰ বয়সৰ পাৰ্থক্য চাৰি বছৰ।কোলাত লৈয়ো জোনে ভনীয়েকক খেলাব পাৰে।যিমানেই ভনীয়েকে দুষ্ট নকৰক জোনে খেলিবলৈ লগ পাইছে।অতদিনে তাই অকলেই খেলি আছিল।
জোন-সোণহঁতৰ ঘৰটো এখন সৰু গাঁৱত।বাট-পথ সুচল নহয়।চকুৰে মনিব পৰালৈকে ঘৰ এটাও দেখিবলৈ পোৱা নাযায়।বহু আঁতৰত দুই-এটা ঘৰ আছে।চিঞৰিলেও কোনো শুনা নাপায়।দেউতাকে দিনটো খেতি পথাৰত ব্যস্ত হৈ থাকে।মাকেও তাত বোৱা,সোণক চোৱা চিতা কৰা,ঘৰৰ কাম আদিত ব্যস্ত হৈ থাকে।পুৱা-গধূলি পঢ়াওতেহে জোনক মাকে সময় দিব পাৰিছিল।সেয়েহে তাই ধূলি-বালিৰ লগত অকলেই খেলিছিল।ভনীয়েক সোণ খোজ কাঢ়িব পৰাৰে পৰা তাই অকলে খেলিবলগীয়া হোৱা নাছিল।
“বা,বা, কৈ থোপোক-থাপাক খোজেৰে সোণে বায়েকৰ ওচৰলৈ যায়।বায়েকে খুব মৰমেৰে নাৰিকল খোলাত বালি ভাত ৰান্ধিবলৈ ভনীয়েকক শিকাই দিয়ে।” তাই কেতিয়াবা গোটেইবোৰ দলিয়াই দিয়ে।যিহেতু জনা হোৱা নাছিল।লাহে লাহে ডাঙৰ হোৱাত দৰা-কইনা খেলা,লুকা চুৰি,বালিত ভাত ৰন্ধা,চেংগুটি আদি সকলোবোৰ খেলত সোণে বায়েকক লগ দিয়ে।দেওবাৰ দিনটো মাকে খাবলৈও চিঞৰি থাকিব লাগে।ইমানেই মনোযোগেৰে উমলি থাকে,খাবলৈ আহিবলৈয়ো আহৰি নাই।বাকী দিনবোৰত খেলিবলৈ সময়ৰ অভাৱ।বিদ্যালয়ৰ পৰা আহি বিদ্যালয়ত কৰিব দিয়া কাম কৰিব থাকিলে কৰি লয়।ৰাতিলৈ পঢ়া টেবুলত টোপনিয়াব বুলি মাকে দুয়োজনীকে দিনত অলপ শুৱাই লয়।
জোন-সোণৰ দেউতাক যিহেতু এজন খেতিয়ক সেয়ে দুয়োজনীকে বোকা মাটিৰ লগত সৰুৰে পৰাই পৰিচয় কৰাই দিছে।আঘোণৰ পথাৰৰ সোণোৱালী ধান চপোৱাৰ সময়তো মাকে পথাৰলৈ দুয়োজনীকে লৈ যায়।জেওৰা খুটি দুটা পুতি কাপোৰ এখন মেলি দিয়া ছাঁটোত দুয়োজনীয়ে খেলে।জোনে এথোক-দুথোককৈ ধান দায় মাকৰ হাতত তুলি দিয়ে,এমুঠি কৰি মাকে বান্ধি থয়।দেউতাকে নৰা কাটি নৰা পেঁপা বনাই দুয়োজনীক বজাবলৈ দিয়ে।বজাব নোৱাৰিলেও চেষ্টা কৰে।দেউতাকে বাঁহেৰে জোঙা কৰি দিয়া হোলাংদালে চেঁচু খান্দিবলৈ চেঁচুগছ বিচাৰি ফুৰে।দুয়োজনীয়ে বৰ স্ফূৰ্তি পায়।পাৰিলেও নোৱাৰিলেও দুয়োজনীয়ে সকলো কাম কৰিব বিচাৰে মাক-বাপেকৰ লগত।এদিন-দুদিন কৰি বছৰ বাগৰিল।জোন-সোণ উমলি-জামলিয়ে ডাঙৰ হৈছে।এক কিলোমিটাৰ আঁতৰৰ বিদ্যালয়খনত মাকে দুয়োজনীকে থৈ আহেগৈ।বিদ্যালয় ছুটীৰ পাছত দেউতাকে ব্যস্ততাৰ মাজতে দুয়োজনীকে লৈ আহেগৈ।এজনীৰ প্ৰতি আনজনীৰ অত্যন্ত মৰম।দুয়োজনীয়ে অলপো কাজিয়া নকৰে।ভনীয়েকে ভুল কৰিলেও বায়েকে বুজাই দিয়ে।বহুত বেছি বয়স নহ’লেও জোনৰ বুজা শক্তি গভীৰ।
মাক-বাপেকে খেলা-ধূলাৰ লগতে দুয়োজনীকে পঢ়াৰ প্ৰতি অত্যন্ত গুৰুত্ব দিয়ে।পঢ়াতো কিমান জৰুৰী সেই কথা বুজাই দিয়ে।দেউতাকৰ কষ্টবোৰ যিহেতু ওচৰৰ পৰা দেখিছে,দুয়োজনীয়ে বৰ মনোযোগেৰে পঢ়ে।মাকে সময় পালে কেতিয়াবা সাধু শুনাই আৰু পাঠ্যক্ৰমৰ বাহিৰেও আনুষঙ্গিক জ্ঞান দিবলৈও চেষ্টা কৰে।জোন-সোণ পিতৃ-মাতৃৰ একান্ত বাধ্য সন্তান আৰু শিক্ষাগুৰুৰ একান্ত বাধ্য ছাত্ৰী।দুয়োজনী সকলোৰে সোণৰ-সোলেং।কোনোদিনে ডাঙৰৰ মুখে-মুখে কথা কৈ পোৱা নাই।
মাকে কয়,বাই-ভনীৰ বান্ধোন কেতিয়াও নাভাঙিবা।কোনোবাজনীয়ে ভুল কৰিলে আনজনীয়ে শুধৰাই দিবা।সহোদৰতকৈ এই পৃথিৱীত আপোন কোনো নাই।সৰুৰে পৰা যেনেদৰে সকলোৰে পৰা মৰম বুটলিবলৈ সক্ষম হৈছিলা,সেই মৰম সদায় অটুট ৰাখিব চেষ্টা কৰিবা।
