সলনি হ’ব কৰিমগঞ্জ জিলাৰ নাম

সলনি হ’ব কৰিমগঞ্জ জিলাৰ নাম

ৰঙিলী বাৰ্ত্তাসেৱা- মঙলবাৰে জনতা ভৱনত সম্পন্ন হয় অসম চৰকাৰৰ কেবিনেট বৈঠক। এই কেবিনেট বৈঠকতে ৰাজ্যৰ যিসমূহ গাঁও, চহৰ-নগৰৰ নামৰ ঐতিহাসিক পটভূমি নাই, তেনে গাঁও, চহৰ-নগৰৰ নাম সলনি কৰাৰ বাবে ইতিপূৰ্বে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰিয়েই  কৰিমগঞ্জ জিলাৰ নাম সলনি কৰি শ্রীভূমি জিলা হিচাপে নামকৰণৰ সিদ্ধান্ত গ্রহণ কৰে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যিক কেবিনেটৰ এই সিদ্ধান্ত সন্দর্ভত সবিশেষ সদৰী কৰি উল্লেখ কৰে যে ঐতিহ্যৰ চানেকি, পৰম্পৰা নথকা তথা সামাজিক দৃষ্টিত ভাল শব্দ নথকা ৰাজ্যৰ গাঁও, নগৰ-চহৰসমূহৰ নাম সলনি কৰি আহিছে চৰকাৰে। এই শৃংখলাক আগুৱাই নি কৰিমগঞ্জ জিলাক শ্রীভূমি জিলা হিচাপে নামকৰণৰ সিদ্ধান্ত লয় ৰাজ্য চৰকাৰে। উল্লেখ্য যে ৰাজ্যৰ একেবাৰে দক্ষিণপাৰত অৱস্থিত কৰিমগঞ্জ জিলাৰ নামটোৰ কোনো ঐতিহাসিক পটভূমি নাই অথবা ইয়াৰ অৰ্থও অভিধানত পাবলৈ নাই। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এই প্রসংগতে উল্লেখ কৰে যে কৰিমগঞ্জ জিলাৰ প্রাচীন গৌৰৱ পুনৰ উদ্ধাৰৰ লক্ষ্যৰে ইয়াৰ নাম শ্রীভূমি কৰা হৈছে। কবিগুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰে ১৯১৯ চনত তদানীন্তন চিলেট জিলা ভ্ৰমণ কৰাৰ সময়ত বৰ্তমানৰ কৰিমগঞ্জত উপস্থিত হৈ সমগ্র অঞ্চলটোক সুন্দৰী শ্রীভূমি বুলি উল্লেখ কৰিছিল। অবিভক্ত ভাৰতৰ ভৌগোলিক এই স্থানটোক শ্রীভূমি নাম দিয়া কবিগুৰুৰ সপোনৰ প্ৰতি সন্মান জনাই কেবিনেটে কৰিমগঞ্জৰ নাম পৰিৱৰ্তন কৰি শ্রীভূমি জিলা হিচাপে নামকৰণ কৰে। মুখ্যমন্ত্রীয়ে ইয়াকো উল্লেখ কৰে যে এই সিদ্ধান্ত খৰধৰকৈ লোৱা সিদ্ধান্ত নহয়। যোৱা সময়ছোৱাত এই সন্দৰ্ভত বিভিন্ন আলোচনা তথা সাংসদ-বিধায়কৰ পৰামৰ্শৰ ভিত্তিত জিলাখনৰ নাম সলনি কৰা হৈছে।