সমৰেন্দ্ৰ নাৰায়ণ দেৱৰ মৃত্যুত শোক

সমৰেন্দ্ৰ নাৰায়ণ দেৱৰ মৃত্যুত শোক

ৰঙিলী বাৰ্ত্তাসেৱা-  অসমৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত বোলছবি পৰিচালক তথা জ্যোতিপ্ৰসাদ আগৰৱালা স্মৃতি ৰক্ষা কমিটীৰ কোষাধ্যক্ষ সমৰেন্দ্ৰ নাৰায়ণ দেৱৰ মৃত্যুত জ্যোতিপ্ৰসাদ আগৰৱালা স্মৃতি ৰক্ষা কমিটীয়ে গভীৰ শোক প্ৰকাশ কৰে। কমিটীয়ে এক বিবৃতিত কয় যে মহৎপ্ৰাণ মহান শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ২০১০ চনত জনসাধাৰণৰ দান বৰঙণিৰে ভৰলুমুখত পূৰ্ণাবয়ৱ ব্ৰঞ্জৰ মূৰ্ত্তি স্থাপন কৰাৰ ক্ষেত্ৰত তেখেতে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেওঁৰ মৃত্যুত অসমে বোলছবি জগত তথা নাট্য আন্দোলনৰ এগৰাকী প্ৰথিতযশা, প্ৰগতিশীল শিল্পীক হেৰুৱালে। তেওঁৰ মৃত্যুত কমিটীয়ে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে তেওঁৰ শুভানুধ্যায়ী তথা শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।