সময়
এবছৰ দুবছৰকৈ আঙুলিৰ মূৰত গণোতে গণোতে অৱসৰৰ বাবে দেখোন মাত্ৰ দুটা দিনহে বাকী আছেগৈ । তাইক বিদায় দিয়াৰ উদ্দেশ্যে পৰহিলৈ সহকৰ্মী সকলে বিদায় সভা অনুস্থিত কৰিছে । আইনাখনৰ সমুখত ৰৈ আধাপকা চুলিখিনিত ৰং সানি সানি পুৰণি স্মৃতি ৰোমন্থন কৰি অনামিকাৰ মনটো যেন সেমেকি গ’ল । অতি সাধাৰণ চাদৰ-মেখেলা এজোৰ পিন্ধি, কঁকালৰ তললৈকে পৰা দীঘল চুলিটাৰিৰে বেণী এদাল গুঠি চাকৰিত যোগদান কৰা দিনটোচোন মনতেই আছে । কিন্তু বছৰৰ পাছত বছৰ বাগৰি সময়েযে কেতিয়ানো তাইৰ আগৰ সেই ক’লা চুলিটাৰিত ৰূপালী ৰং বোলালে তাৰ উমান ল’বলৈ দেখোন আহৰিয়েই নাপালে ।
এই সুদীৰ্ঘ সময়ছোৱাত ঘৰুৱা-সাংসাৰিক দায়িত্বৰ লগতে সামাজিক আৰু চাকৰিৰ দায়িত্বও সমানে আগুৱাই নিওঁতে সময়ৰ লগত সাঙোৰ খাই থকা তিতা-মিঠা অনেক অভিজ্ঞতা এটাৰ পিচত এটাকৈ তাইৰ মনলৈ আহিবলৈ ধৰিলে । পুৱা জোঁট-পোটকৈ কামলৈ ওলায় যোৱাৰ সময়ত কতজনে আগ্ৰহেৰে ক’বলৈ লোৱা কথাকো সময়ৰ অজুহাতত আধাশুনাকৈ এৰিব লগীয়া হৈছিলে । ঘৰৰ জনা-শুনা মানুহখিনিয়েতো সেইসময়ত পৰাপক্ষত একো আমনি কৰিবলৈকে নিবিছাৰিছিল । পাঁচ মিনিট পলম হ’লেই তিনিআলিত ৰোৱা বাছখন নাপাব বুলি কতদিনযে ঘৰলৈ অহা আত্মীয়ক পাকঘৰ গতাই দি নিজৰ কৰ্মক্ষেত্ৰলৈ ওলাই যাব লগীয়া হৈছিল । এতিয়া ভাবিলে বেয়াই লাগে । দুদিনৰ পিছতে তাইৰ হাতত অজস্ৰ সময় থাকিব কিন্তু মূৰ খুন্দিয়াই বিচাৰি থাকিলেও স্মৃতি হৈ ৰোৱা ভাললগা দিনবোৰযে আৰু কেতিয়াও ঘুৰাই নাপায় তাকে ভাবি থাকোঁতেই তাইৰ অলক্ষিতে এটা হুমুনিয়াহ
ওলাই আহিল । এৰা, ঈশ্বৰে আমাক দিয়া অমূল্য উপহাৰ ‘সময়ক’ ধৰি ৰখা বা পাৰহৈ যোৱা সময়ক ঘূৰাই অনাৰ সাধ্য কাৰোৱেই নাই ।
সেয়ে হয়তু সময়ৰ ওপৰত এজন মহান ব্য়ক্তিৰ এইষাৰ উক্তি তাইৰ বৰ ভাল লাগে – “তুমি যদি তোমাৰ ভাললগা কাৰোবাক কিবা এটা ভাল উপহাৰ দিব খোজা তেন্তে, মাজে মাজে কেতিয়াবা, তোমাৰ জীৱনৰ, অলপ ‘সময়’ তেঁওক বা তেঁওলোকক উপহাৰ ৰূপে দিবলৈ চেষ্টা কৰিবাছোন। “সময়”খিনি অন্তৰঙ্গ আৰু প্ৰেৰণাদায়ক হ’লে উভয়েই উপকৃত হ’বা “।
‘তুমি আজি শাৰীখন বৰ ধুনীয়াকৈ পিন্ধিছা দেই’ বুলি সহকৰ্মী উৎপলা বাইদেউক এদিন তেঁওতকৈ বয়সত ১০ বছৰ মানৰ ডাঙৰ ভোলানাথ শইকীয়াইযে তাচ্ছিল্যসূচক মন্তব্যৰে কম জ্বলাই মৰা নাছিলে দেই । আত্মসন্মান হানি হোৱা কোনো কথা আৰু কামতে সোমাবলৈ ইচ্ছা নকৰা বাইদেউৰ লাজ আৰু খঙত ৰঙা পৰি যোৱা মুখখন দেখি সেইসময়ত তাইৰো যেন ক্ষোভৰ আগ্নেয়গিৰি উদ্গীৰণ হওঁ হওঁ হৈছিল । ভদ্ৰভাৱে কথা ক’ব নজনা এই মানুহবোৰে কামকৰাৰ পৰিৱেশটোৱেই নষ্ট কৰি দিয়ে । শইকীয়াক ক’বৰ মন গৈছিল, দেহৰ ভাঁজসমুহ প্ৰকট কৰি সাঁজ পৰিধান কৰাবোৰক কওকছোন এনেকৈ, তেতিয়াহে চাম । এগৰাকী নাৰীৰ প্ৰতি কৰা এনে আচৰণৰ প্ৰতিবাদ নকৰি মনে মনে থাকিলে কোনদিনা তাইকো আকৌ অপমান কৰে কোনে জানে । কিন্তু, সমাজত শিৰ উচ্চ কৰি থাকিবলৈ হ’লে আত্মসন্মান নথকা এইবোৰ মানুহৰ কথাক আওকাণ কৰিব পাৰিব লাগিব বুলিয়েই সেইসময়ত দুয়োজনীয়ে কথা আগনবঢ়াই মনে মনে থাকিবলৈ বাধ্য হৈছিল ।
অৱসৰৰ আগমূহুৰ্ত্তত কিযে কথাবোৰ মনলৈ আহিছে ছেঃ, – ভাললগা বিষয়োতো অনেক আছে – কোনোবাই কিবা এটা নতুন বস্তু ল’লে কুতুৰি-কুতুৰি মিঠাই খোৱা, তিনি-চাৰিজনীমান লগ হৈ একেলগে বিয়া-সকাম খোৱা, ডিচেম্বৰ মাহৰ শেষৰ দেওবাৰটোত ফেমেলী পিকনিকৰ আয়োজন কৰা আদি বিগত সময়ৰ মধুৰ স্মৃতিবোৰে তাইৰ মনটো বেদনাসিক্ত কৰি তুলিলে । শেষ ভালেই সকলো ভাল বোলা কথাষাৰৰ সাৰ্থক ৰূপায়নৰ বাবে, তাইৰ সুবিধা-অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন জনে বিভিন্ন সময়ত আগবঢ়োৱা সহায়, পৰামৰ্শৰ প্ৰতি কৃতজ্ঞতা জনাই বিদায় সভাত দুআষাৰ ক’বৰ বাবে যেন ভাৱ সাগৰত বুৰ গ’ল অনামিকাৰ ভাৱ-গধূৰ মন।
মৃদুস্মিতা শৰ্মা গোস্বামী,
যোৰহাট