সময়
অনামিকা কলিতা
‘সময়’ এটা অতি মূল্যবান শব্দ। আগতে কোৱা শুনিছিলো ডাঙৰৰ মূখত “সময়” অতি তাকৰ, ই এবাৰ গলে আৰু ঘূৰি নাহে। সচাই সময়ৰ সৎ ব্যৱহাৰ কৰিব জানিলে আমি বহুতো মূল্যবান সম্পদ গোটাব পাৰো জীৱনত। ‘সময়’ কাৰো বাবে কেতিয়াও ৰৈ নাথাকে। সময়ৰ টিকনি আগফালে উৰে সদায়। সময়ৰ বান সময়ত মাৰিব লাগে। সচাই এইবোৰ শব্দৰ অৰ্থ যেন এতিয়াহে ভালকে উপলব্ধি কৰিব পাৰিছো। হয়তো আমিও এনেকে বহুত অযথা সময় অবাবত কটাইছিলো।
এতিয়া অনুভৱ হয় সেই সময়ত যদি সেইটো কৰা হ’লে যেন কিমান ভাল হ’লহেতেন। যিয়ে সময়ৰ সৎ ব্যৱহাৰ কৰিব জানে সেই জনে জীৱনত কৃতকাৰ্য্য লাভ কৰে। ‘সময়’ পৰিৱৰ্তনশীল। সময়ৰ পৰিৱৰ্তনৰ লগে লগে মানুহৰ জীৱনৰ উদ্দেশ্যও বেলেগ বেলেগ হয়। মহৎলোকৰ জীৱনী বিলাক পঢ়িলে আমি গম পাম যে তেওঁলোকে অধিক পৰিশ্ৰম, নানা ঘাত- প্ৰতিঘাত আৰু সময় অপচয় নকৰি নিজৰ উদ্দেশ্য সিদ্ধিৰ ওপৰত হে গুৰুত্ব দিছিল। বিল গেইটচে য়ে কৈছিল- সময়ৰ লগত নিজক সলনি কৰিব লাগিব।যদিহে আমি সময়ৰ লগত নতুন নতুন শৈলী শিকিব নোৱাৰো তেতিয়া আমি প্ৰতিযোগিতাত পিছ পৰি থাকিব লাগিব।সময়ৰ উচিত ব্যৱহাৰে আমাক বহুত আগুৱাই লৈ যাব পাৰে। মানসিক দৃঢ়তাৰে আমি আমাৰ আত্মবিশ্বাস বঢ়াই তুলিব লাগিব সময়ত। আমাৰ জীৱনটো নিজৰ পছন্দ অনুসৰি গঢ় লয়।আমাৰ পছন্দ অনুসৰিয়েই ইজনৰ জীৱন সিজনতকৈ বেলেগ হয়।
আমাৰ জীৱনটো কুমাৰে যেনেকৈ মাটিক তেওঁৰ ইচ্ছা অনুসাৰে বেলেগ বেলেগ সাঁচত গঢ় দিয়ে, ঠিক তেনে ধৰণৰ। আমিও আমাৰ জীৱনটো নিজে বিচৰা ধৰণে গঢ় দিব পাৰো। কিন্তু সময় জানো কাৰোবাৰ বাবে ৰই থাকে। জীৱনতটো আমাৰ আনন্দ-অভ্যৰ্থনাৰে পৰিপূৰ্ণ নহয়, ইয়াত অনেক দুখ-দুৰ্দশাও আছে। জীৱনত অভাৱনীয় ঘটনাও ঘটে। সময়ত কেতিয়াবা সকলোবোৰ ওলট-পালট হৈ যায়। ভাল মানুহৰ জীৱনলৈ বেয়া সময় আহে। কিন্তু বেয়া সময়ত আমি নিৰাশ নহৈ আগুৱাই যাব পৰাটোহে আচল বুদ্ধিমত্তাৰ পৰিচয়। মূল্যবোধ আমাৰ জীৱনৰ লগৰী।মূল্যবোধে আমাৰ চৰিত্ৰ আৰু বিশ্বাসৰ সততা বৃদ্ধি কৰে। মূল্যবোধ ৰক্ষা কৰা আৰু ইয়াক আগুৱাই লৈ যোৱা আমাৰ সকলোৰে কৰ্তব্য। সত্য কেতিয়াও সময়ৰ পৰিবৰ্তনৰ লগত সলনি নহয়।
