সম্ভাব্য বানপানী সন্দৰ্ভত ডিব্ৰুগড় জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সভা

সম্ভাব্য বানপানী সন্দৰ্ভত ডিব্ৰুগড় জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সভা:: 
 বানপানীৰ মোকাবিলা কৰিব পৰাকৈ সংশ্লিষ্ট বিভাগসমূহক সাজু হবলৈ নিৰ্দেশ
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- বাৰিষাৰ সময়ছোৱাত জিলাখনৰ বিভিন্ন এলেকাত হ’ব পৰা বানপানী তথা এই ক্ষেত্ৰত সংশ্লিষ্ট বিভাগসমূহে কৰিবলগীয়া আগতীয়া প্ৰস্তুতি সন্দৰ্ভত আলোচনা কৰিবৰ বাবে এখনি গুৰুত্বপূৰ্ণ সভা  ডিব্ৰুগড়ৰ জিলা আয়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত ডিব্ৰুগড় জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ উদ্যোগত অনুষ্ঠিত হয়। অতিৰিক্ত জিলা আয়ুক্ত(ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা) ডাঃ মনিকা বৰাৰ উপস্থিতিত অনুষ্ঠিত এই সভাত  জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তৰফৰ পৰা সম্ভাব্য বানপানীৰ বাবে চলাই থকা প্ৰস্তুতি সন্দৰ্ভত সচিত্ৰ উপস্থাপন কৰা হয়। অতিৰিক্ত জিলা আয়ুক্ত ডাঃ মনিকা বৰাই বানপানীৰ মোকাবিলা কৰিব পৰাকৈ সকলো  বিভাগকে আগতীয়াকৈ  সাজু হৈ থাকিবলৈ আহ্বান জনায়। সভাত  জনস্বাস্থ্য কাৰীকৰি বিভাগক বানপীড়িতৰ আশ্ৰয়ৰ বাবে চিনাক্ত কৰা প্ৰতিটো শিবিৰ পৰিদৰ্শন কৰি বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা তথা শৌচাগাৰৰ সুবিধা সুনিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়া হয়। একেদৰে স্বাস্থ্য বিভাগকো আগতীয়াকৈ সাজু হৈ থাকিবলৈ আহ্বান জনায়। শিক্ষা বিভাগক জিলাখনৰ বানপীড়িত এলেকাত থকা বিদ্যালয়সমূহ পৰিদৰ্শন কৰি অসুৰক্ষিত বিদ্যালয়সমূহৰ বিষয়ে বুজলৈ সম্পূর্ণ তথ্য দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। অতিৰিক্ত জিলা আয়ুক্ত গৰাকীয়ে  জলসম্পদ বিভাগৰ বিষয়াৰ সৈতে ডিব্ৰুগড় জিলাৰ মথাউৰিসমূহৰ অৱস্থাৰ বুজ লোৱাৰ লগতে তৎকালীনভাবে মথাউৰিসমূহৰ মেৰামতিৰ বাবে যাৱতীয় ব্যৱস্থা ল’বলৈ আহ্বান জনায়। আনহাতে অতিৰিক্ত জিলা আয়ুক্ত গৰাকীয়ে কৃষি তথা  পশুপালন বিভাগকো বানপানীৰ মোকাবিলা কৰিব পৰাকৈ আগতীয়াকৈ সাজু হ’বলৈ কয়। বানপানীৰ সময়ত আশ্ৰয় শিবিৰসমূহত বানপীড়িত সকলক প্ৰয়োজনীয় চিকিৎসা তথা খাদ্য-সামগ্ৰীৰ যোগান সুনিশ্চিত কৰাৰ লগতে  ঘৰচীয়া জীৱজন্তুৰ বাবে প্ৰয়োজনীয় পশুখাদ্য যোগানৰ  ওপৰতো অতিৰিক্ত জিলা আয়ুক্তগৰাকীয়ে গুৰুত্ব আৰোপ কৰে।  বানপানীৰ সময়ছোৱাত উদ্ধাৰ কাৰ্য্যৰ ব্যৱস্থাৱলী সমূহৰ ওপৰতো  সভাত আলোচনা কৰা হয়। ইতিমধ্যে  উদ্ধাৰ কাৰ্য্যৰ বাবে জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তৰফৰ পৰা বিভিন্ন সময়ত সজাগতা সভা তথা ম’ক ড্ৰীল অনুষ্ঠিত কৰা হৈছে। ডাঃ মনিকা বৰাই বানপানীৰ সময়ছোৱাত উদ্ধাৰ কাৰ্য্যৰ বাবে এছ.ডি.আৰ.এফ তথা এন.ডি.আৰ.এফৰ লগতে গাওঁৰক্ষী বাহিনীকো সষ্টম হৈ থাকিবলৈ আহ্বান জনায়। ইয়াৰোপৰি সভাত জিলাখনত বিগত বৰ্ষত ধুমুহা আৰু অগ্নিকাণ্ডৰ ফলত হোৱা ক্ষয়ক্ষতি সন্দৰ্ভত আলোচনা কৰাৰ লগতে ধুমুহা তথা অগ্নিকাণ্ডত  ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালৰ বাবে চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰা প্ৰেৰণ কৰা পুনৰসংস্থাপন  অনুদানৰ  প্ৰস্তাৱ আৰু সমাজ-কল্যান, শিক্ষা, বিদ্যুৎ তথা অন্যান্য বিভাগৰ পৰা প্ৰেৰণ কৰা ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজিৰ প্ৰস্তাৱসমূহৰ ওপৰত আলোচনা কৰাৰ লগতে অনুমোদন জনোৱা হয়।এই সভাত দুলীয়াজান সম জিলাৰ আয়ুক্ত  অংকুৰ দাস (ভাঃপ্ৰঃসে), টিংখাং সম-জিলা আয়ুক্ত পৰীক্ষিত ফুকন প্ৰমুখ্যে জিলা প্ৰশাসনৰ অন্যান্য উচ্চ পদস্থ বিষয়াসকল, জিলাখনৰ  আটাইকেইটা ৰাজহচক্ৰৰ চক্ৰ বিষয়াসকল, জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ জিলা প্ৰকল্প বিষয়া  আৰু অন্যান্য সংশ্লিষ্ট বিভাগৰ মুৰব্বী বিষয়াসকল উপস্থিত থাকে।