সম্বিৎ হেৰুৱাও নৈসৰ্গত
এজাৰ ফুলিছে দোঁ খাই
বনপখীৰ কলৰৱত পুৱাতো হৈছে মাতাল
সখি ঐ-ঢোলটো বজোৱা ৰজন জনাই।
পথাৰখন সেউজীয়া হওঁক মন জুৰাই।
ওৰে ৰাতি হাস্নাহানাৰ গোন্ধত
জোনৰ আবদাৰ
বুকুখন মদিৰ হৈ আছে
কপৌফুলীয়া দেহা।
মানুহ-মাটিৰ মৰ্মত
আহা-আজন্ম হওঁ বলিয়া।
মাধুৰী শৰ্মা সভাপণ্ডিত
যোৰহাট