সম্পৰ্ক বা সম্বন্ধবোৰ কেৱল তেজৰ জৰিয়তে নহয় কৰ্মৰ জৰিয়তে গঠিত হয়
চন্দ্ৰ শেখৰ পৰাজুলী,
বিশ্বনাথ চাৰিআলি
বৰ্তমান সময়ত সম্বন্ধবোৰত বা সম্পৰ্কবোৰত বংশগত ভাবধাৰাৰ চিন্তা-চৰ্চা কৰি বহি থকাৰ সময় আৰু নাই। কাৰণ বংশগতৰ চিন্তাধাৰাৰ জৰিয়তে এজন মানুহ বিভিন্ন ধৰণৰ সামাজিক বান্ধোনত বান্ধি পৰা দেখা যায়। যাৰ ফলত প্ৰায়বোৰ মানুহৰ জীৱনত আগুৱাই যোৱাত হেঙাৰৰ সৃষ্টি হোৱা দেখা যায়। আচলতে যিসকল লোকে প্ৰয়োজনীয়তাকৈ বেছি বংশ, পৰিয়াল বা সম্বন্ধবোৰৰ চিন্তা কৰা দেখিবলৈ পাওঁ আচলতে তেনে লোকসকলে অন্তিম অৱস্থাত গৈ নিজ প্ৰিয় মানুহৰ পৰা বা আপোনজনৰ পৰা বহু কষ্ট ভোগ কৰিবলগীয়া হোৱা দেখা যায়। ফলত নিজা সম্বন্ধ বা আপোন সম্পৰ্কীয় মানুহৰ কথাবোৰ ভালদৰে ভাবি থকাৰ বিপৰীতে যদি ওলোটাই শাৰীৰিক বা মানসিক কষ্ট ভোগ কৰিব লগিয়া হয় তেন্তে তেনেকুৱা ধৰণৰ সম্পৰ্কবোৰক আগতিয়াকৈ নমস্কাৰ জনাই দূৰত্ব বনাই ললে ভাল হয়। গতিকে মই মোৰ জীৱনৰ কম বয়সীয়া অভিজ্ঞতা জৰিয়তে এই কথাটো স্পষ্ট ৰূপত বুজিবলৈ সক্ষম হৈছোঁ যে,সম্পৰ্ক বা সম্বন্ধবোৰ কেৱল তেজৰ জৰিয়তে নহয় কৰ্মৰ জৰিয়তে গঠিত হয় ।
আচলতে বৰ্তমান সময়ত আমাৰ কৰি থকা কৰ্মৰ জৰিয়তে নিৰ্ধাৰণ কৰিব পাৰি যে,আমাৰ সংস্পৰ্শলৈ অহা মানুহৰ লগত মোৰ বা আমাৰ সম্বন্ধ বা সম্পৰ্ক কিমান গভীৰ হয়। এজন মানুহৰ লগত সম্পৰ্ক ৰক্ষাৰ বাবে তেজৰ সম্পৰ্কতকৈ মানুহৰ আন্তৰিক সম্পৰ্ক কিমান গভীৰ এইটোৱেই বেছিকৈ মহত্ত্বপূৰ্ণ বিষয়। আৰু এই গোটেই বিষয় বস্তু নিৰ্ভৰ কৰে মানুহ এজনৰ কৰ্মজীৱনৰ ওপৰত। আমি যদি প্ৰকৃত অৰ্থত এজন ভাল মানুহৰ শাৰীত পৰো আৰু ভাল ভাল কৰ্ম কৰোঁ, সকলোবোৰ মানুহকে মৰম, চেনেহ আৰু সন্মান প্ৰদান কৰোঁ তেন্তে পৰাপক্ষত হয়তো আপোনাৰ কৰ্মবোৰ দেখি আত্মীয়-সম্বন্ধীয়বোৰ জ্বলি উঠিব পাৰে তথাপিও কিন্তু আপোনাৰ মনৰ লগত মনৰ মিলন হোৱা বহু ভাল ভাল মানুহে আপোনাৰ সংস্পৰ্শ বিচাৰি আপোনাৰ কাষ চাপি আহিব। আচলতে এনেধৰণৰ আন্তৰিকতাৰে যিবোৰ সম্পৰ্ক গঠন হৈ উঠে সেইবোৰ আমাৰ তেজৰ দ্বাৰা বংশগতভাবে অৰ্জন কৰা সম্পৰ্কবোৰতকৈ শ্ৰেষ্ঠ বুলি কব পাৰি। আৰু আন্তৰিকতাৰে গঠন হোৱা সম্পৰ্কবোৰ প্ৰয়বোৰ ক্ষেত্ৰতে চিৰস্থায়ী হোৱা দেখিবলৈ পোৱা যায়। আৰু আনহাতে তেজৰ সম্পৰ্কবোৰত স্বাৰ্থ বেচিকৈ জড়িত হোৱাৰ ফলত দিনক দিনে দূৰত্ব বাঢ়ি গৈ থকা দেখিবলৈ পোৱা যায়।গতিকে অন্তিমত পুনৰ এবাৰ উল্লেখ কৰিছোঁ যে,সম্পৰ্ক বা সম্বন্ধবোৰ কেৱল তেজৰ জৰিয়তে নহয় কৰ্মৰ জৰিয়তে গঠিত হয় ।