সম্পৰ্কৰ বান্ধোন
মনোৰঞ্জন বৰা
গোলাঘাট, দেৰগাঁও
সম্পৰ্কবোৰ মাত্ৰ দুদিন তিনিদিনৰ বাবে কৰা হয় নেকি ? নিশ্চয় নহয় । বন্ধুত্ব হওঁক, বায়েক ভায়েক সম্পৰ্ক হওঁক ভালপোৱা হওঁক যিটো সম্পৰ্কই নহওঁক কিয় সকলো স্থায়ী হোৱাটো প্ৰয়োজনীয়। সকলোতে বিশ্বাস থকাটো বাঞ্চনীয়। যদি বিশ্বাস নাথাকে সেই সম্পৰ্ক এদিন নহয় এদিন ফাট মেলিবই । যদি বিশ্বাস থাকিও তেওঁ আপোনাৰ পৰা আতঁৰি গৈছে তেন্তে তাত নিশ্চয় কিবা কথা থাকিব। হয়তো তেওঁক বাধ্য কৰোৱা হৈছে নাইবা সময়ৰ লগত পৰি তেওঁ সলনি হ’বলৈ ধৰিছে । আপুনি গম পাইছে তেওঁ সলনি হৈছে তথাপিও আপুনি তেওঁৰ লগত আগৰ দৰেই কথা পাতিছে কিন্তু তেওঁ যেন আগৰ দৰে আপোনাৰ লগত কথা পাতিব বিচৰা নাই । ইয়াতো তিনিটা কথা আহিব পাৰে —
১/ তেওঁ আপোনাৰ পৰা আতঁৰি যাব বিচাৰে নাইবা আপোনাক কিবা কথাত বেয়া পাই আছে ।
২/ হয়তো আপোনালোকৰ মাজত তৃতীয়জন ব্যক্তি সোমাবলৈ চেষ্টা কৰিছে নাইবা তেওঁৰ জীৱনলৈ আপোনাতকৈ ভাল কোনোবা আহিল কিন্তু আপোনাৰ লগত কথা পতাৰ অভ্যাস হোৱাৰ বাবে এটা বা দুটা মেচেজ নকৰিলে বেয়া লাগে মনটো।
৩/ সময় আৰু পৰিস্থিতিৰ লগত পৰি আপোনাৰ পৰা আতঁৰি আছে । আপোনাক বেয়া নাপায় তেওঁ কিন্তু প্ৰথমে তেওঁ নিজৰ জীৱনৰ ভেটি সুদৃঢ় কৰিব বিচাৰে , তাৰ পিছত আপোনাৰ লগত আকৌ আহিব সম্পৰ্কত ।
আৰু যদি এই তিনিটাৰ এটাও নহয় তেন্তে তেওঁ আপোনাৰ পৰা আতঁৰি বুলিয়ে আঁতৰি আছে । আপুনি তেওঁক যিমান বুজাবলৈ চেষ্টা নকৰক কিয় আপুনি ব্যৰ্থ হ’ব । আপোনাৰ প্ৰত্যেকটো কথাই তেওঁৰ বাবে আমনিদায়ক হ’ব। আপুনি যিমানেই সেই বিষয়ে জানিবলৈ চেষ্টা কৰিব সিমানেই তেওঁ আপোনাৰ পৰা আতঁৰি যাবলৈ চেষ্টা কৰিব। ইয়াৰ মূলতে হৈছে বিশ্বাস আৰু সময়ৰ পৰিবৰ্তন।
বিশ্বাসৰ কথা কʼবলৈ গ’লে বহুতো কথা আহিব, আপোনালোকে জানেই আমাৰ সমাজত থকা কথা লগায় ভাল পোৱা সকলৰ কথা যিয়ে কথা খুচৰি ফুৰি বহুত ভাল পাই । তিলটোকে তাল কৰি কথা লগাই ভালপোৱা সকলৰ কথা। তেওঁলোক থকা মানে চচিয়েল মিডিয়া , নিউজ এইবোৰ নাথাকিলেও হয়। যাৰ পৰা বিশ্বাস ভংগ হ’বলৈ অলপো সময় নলয় ।
সময় আৰু পৰিস্থিতিৰ লগত পৰি তেওঁলোকে বহুতো অভিজ্ঞতা লাভ কৰে যাৰ বাবে কিছুমান কথাই তেওঁলোকক ভিতৰি মানসিক ভাৱে বহুত কষ্ট দিয়ে কিন্তু কাকো ক’ব নোৱাৰে তেওঁলোকে নিজৰ মনৰ কথাবোৰ আনক কৈ আনৰ পৰা তেওঁলোকে প্ৰেৰণা পাব নিবিচাৰে আনৰ পৰা সান্তনা ল’বলৈ নিবিচাৰে। যাৰ বাবে তেওঁলোক আঁতৰি যায় যান্ত্ৰিক সমাজৰ পৰা আঁতৰত।
আপুনি যদি ভাৱিছে আপোনাৰ প্ৰিয় জন , বন্ধুজন বা আপোনাৰ মৰমৰ বা ভাইটি জন যদি আঁতৰি গৈছে তেন্তে তেওঁক আঁতৰি যাব দিয়ক আপুনি , আপোনাৰ জীৱনৰ পৰা নহয় অলপ সময় অকলশৰে কটাবলৈ। তেওঁ য’তেই থাকিব সুখতেই থাকিব , আপোনাৰ পৰা তেওঁ কেতিয়াও আঁতৰি নাযায় বৰঞ্চ অলপ পলম কৈ হ’লেও আপোনাৰ জীৱনলৈ আকৌ আহিব তেওঁ চিৰ দিনৰ বাবে। মাথোঁ আপুনি তেওঁক তেওঁৰ মতে থাকিবলৈ দিয়ক আৰু কেতিয়াও সুধিবলৈ চেষ্টা নকৰিব তেওঁ আপোনাৰ পৰা কিয় আঁতৰি গৈছিল।
