সম্পৰ্কৰ গণিত
সম্পৰ্ক এটিত
যোগ – কৰি নো কি লাভ ?
যদি দুখ কষ্ট ভাগ কৰিয়েই সুখী
হ’ব পৰা যায়,,,
মৰম- বিশ্বাস গুণী সুখবোৰ
চিৰস্থায়ী কৰা যায়।
সম্পৰ্ক এটিত,,
সৰু বৰ কৰি নো কি লাভ
কিয়নো প্ৰেমৰ কোনো
সৰু বৰ নাই।
সম্পৰ্ক এটিত,
জাত- পাত, উচ্চ -নিচ
কৰি কি লাভ
কাৰণ,ভালপোৱা ই নেদেখে,
জাতি ধৰ্ম, বৰ্ণ বৈষম্য।
প্ৰেমত কেৱল এটাই ধৰ্ম,
নিঃস্বাৰ্থ ভালপোৱা।