সম্পৰ্কবোৰ – জেফলিন চুলতানা

সম্পৰ্কবোৰ
জেফলিন চুলতানা,
DMLT প্ৰথম বৰ্ষৰ ছাত্ৰী
সাপ্ৰতিক সময়ত প্ৰায়বোৰ সম্পৰ্কই যেন
জলন্ত চিগাৰেটৰ কুণ্ডলী…!!
পকাই পকাই হেৰাই যোৱা ধূৱাৰ দৰেই …!!
সম্পৰ্কৰ স্বাৰ্থত এখোজ আগবাঢ়িলে
মানুহবোৰ দৌৰি দুখোজ দূৰ হয় ।
আধুনিকতাৰ নামত কেৱল যান্ত্ৰিকতা
এয়া কেনেধৰণৰ আধুনিকতা ?
আপোনালোকৰ এনে আধুনিকতাত
এচাম সহজ-সৰল মানুহে
ডায়েৰীৰ পৃষ্ঠাবোৰ লুটিয়াই
নিশাৰ আন্ধাৰৰ সুযোগ লৈ
নিসংগতাত কিমানে উচুপি কান্দে
এবাৰ উপলব্দি কৰেনে  ?
অধুনিকতাৰ নামত  যান্ত্ৰিকতা বিয়পোৱা মানুহবোৰ ।
ভুল জীৱনৰ এটি পৃষ্ঠা আৰু সম্পৰ্ক
জীৱনৰ এটি কিতাপ ।
আপোনালোকৰ ‌এনে আধুনিকতাৰ নামত ,
যান্ত্ৰিকতা বিয়পোৱাৰ বাবেই
কিমান মানুহে উজাগৰি নিশাত বেবেৰিবাং কবিতা ৰচে …!!
এবাৰ উপলব্দি কৰেনে ?
ধিক এনে বেবেৰিবাং কবিতা ।