_অৱলোকন_
সম্পাদনা (Editing)
কনক শৰ্মা,
দমদমা,হাজো
“The first draft is black and white,
Editing gives the story colour.”
Emma Hill (London)
সম্পাদনাৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তাক বুজিবলৈ বোধহয় ইমা হিলৰ উপৰ্যুক্ত উক্তিটোৱে যথেষ্ট। সম্পাদনা ঘাইকৈ সাহিত্য (গ্ৰন্থ, আলোচনী আদি) আৰু সংস্কৃতি (সংগীত, কথাছবি নাটক আদি) ৰ সৈতে সম্পৃক্ত বিষয়। সম্পাদনা কাৰ্য্যৰ মূল উদ্দেশ্যই হৈছে লেখক আৰু পাঠকক নাইবা কলাকাৰ আৰু দৰ্শকৰ মাজত এক সমন্বয়ৰ সেঁতুবন্ধনৰ সৃষ্টি কৰা যিয়ে জ্ঞানৰ প্ৰসাৰৰ বাবে এখন গ্ৰন্থ বা আলোচনী, সংগীত বা নাটক বা কথাছবি আদিক সুন্দৰকৈ উপস্থাপন কৰে।
লিখন কলাৰ ইতিহাস খুবেই প্ৰাচীন। লিপিৰ উদ্ভৱ হোৱাৰ পূৰ্বতে খ্ৰীষ্টপূৰ্ব ৩২০০ শতিকাত মেছোপোটামিয়া (Mesopotamia, বৰ্তমান ইৰাক, কুৱেট, ছিৰিয়া, টুৰ্কী) ত প্ৰথম লিখনকলাৰ বীজ অঙ্কুৰিত হৈছিল। আঠালতীয়া মাটি বা ইকৰা সাগৰিৰ পাতত চিত্ৰৰ দৰে কিছুমান আঁক-বাক অঙ্কন কৰা হৈছিল।
উল্লেখযোগ্য যে পৃথিৱীৰ ভিতৰত প্ৰথম লিপিৰ উদ্ভৱ হৈছিল খ্ৰীষ্টপূৰ্ব ১২০০ ৰ পৰা ৫০০ খ্ৰীষ্টাব্দৰ ভিতৰত সুমেৰীয় কিউনিফৰ্ম লিপিৰ বৰ্তমানৰ ইৰাক, জৰ্দানত। ভাৰতৰ প্ৰাচীনতম লিপি হৈছে ব্ৰাহ্মী লিপি। উদ্ভৱ কাল খ্ৰীষ্টপূৰ্ব ৩ শতাব্দীত।
লিপিৰ উদ্ভাৱনাই লিখন কলাৰ উত্তৰণ ঘটালে। চিত্ৰৰ প্ৰতীক ধৰ্মীতাৰ ঠাইত বৰ্ণৰ ব্যৱহাৰ হ’বলৈ ধৰিলে। ১৪৪০ খ্ৰীষ্টাব্দত জাৰ্মানৰ জোহেন্স গুটেনবাৰ্গে ছপা যন্ত্ৰৰ আৱিষ্কাৰ কৰিলে। ফলত ক্ৰমবৰ্দ্ধমান ৰূপত কিতাপ, আলোচনী আদিৰ ছপা হ’বলৈ ধৰিলে।
পৰৱৰ্তীকালত ইংৰাজ গণিতজ্ঞ চাৰ্লছ ব্যাবেজ (Charles Babnage) এ ১৮২০ ৰ দশকত প্ৰথম মেকানিকেল কম্পিউটাৰ আৰু ১৮৩৭ চনত আধুনিক কম্পিউটাৰ আৱিষ্কাৰ কৰাৰ পিছত গ্ৰন্থ, আলোচনী, কাকত আদিৰ প্ৰকাশনৰ পথ সুচল হ’বলৈ ধৰিলে।
“ৱিকিপিডিয়া” (wikipedia)ই সম্পাদনাৰ লক্ষ্য আৰু উদ্দেশ্য সম্পৰ্কত কেইটিমান গুৰুত্বপূৰ্ণ দিশৰ অৱতৰণা কৰিছে, —
“এটা বিষয় সামাজিক ভাবে প্ৰকাশৰ বাবে প্ৰস্তুত কৰা, প্ৰকাশৰ পূৰ্বে বিষয়টো শুদ্ধ হোৱাতো নিশ্চিত কৰা, বিষয় বস্তুৰ স্পষ্টতা নিশ্চিত কৰা, পাৰস্পৰিক সংগতি ৰক্ষা কৰা, তথ্যগত দিশৰ শুদ্ধতা নিশ্চিত কৰা, উপস্থাপনত পুনৰাবৃত্তি আৰু অস্পষ্টতা দূৰ কৰা, উদ্ধৃতিৰ যথাৰ্থতা নিৰ্ণয় কৰা, ভাষাগত বিভ্ৰান্তি আৰু বৰ্ণাশুদ্ধি বিষয়ত বিশেষ মনোযোগ দিয়া আদিয়ে হৈছে সম্পাদনা কাৰ্য্যৰ গুৰুত্বপূৰ্ণ দিশ। “
‘সম্পাদনা’ শব্দটোৱে মূলতঃ কোনো কাৰ্য্য সুচাৰু ৰূপে আৰু ত্ৰুটিমুক্ত ভাবে নিষ্পন্ন কৰা কাৰ্য্যক বুজায়। গুণগত দিশৰ উৎকৰ্ষ সাধন ইয়াৰ প্ৰধান আৰু প্ৰাথমিক চৰ্ত।
কিন্ত্ত কেতিয়াবা দেখা যায় কোনো কোনো সম্পাদনা সমিতিয়ে আলোচনী, স্মৃতিগ্ৰন্থ আদিৰ বাবে প্ৰেৰণ কৰা প্ৰবন্ধ বা আন কোনো ৰচনা লেখকক জ্ঞাত নকৰাকৈয়ে বিকৃত ৰূপত প্ৰকাশ কৰে। সম্পাদনা সমিতিৰ অবিৱেকী কৰ্মকাণ্ডৰ দৌৰাত্ম্যই নস্যাৎ কৰে লেখকৰ শ্ৰমৰ মৰ্য্যাদাক। অধ্যয়নৰ প্ৰমূল্যবোধক।
USA ৰ প্ৰখ্যাত সাহিত্যিক সমালোচক Richard Due এ বিসঙ্গতিপূৰ্ণ সম্পাদনা কাৰ্য্যক তীৰ্য্যক মন্তব্য কৰি কৈছিল —
” I have reached that final moment of editing a book — the one where the text manifests as a living breathing person and starts slugging me in the face.” ( এখন সজীৱ গ্ৰন্থ সম্পাদনা কৰাৰ অন্তত মোৰ এনে অনুভৱ হৈছিল যেন সম্পাদিত গ্ৰন্থখনে মোৰ মুখত আঘাত হানিবলৈ আৰম্ভ কৰিছিল।)
মিছিছিপিৰ লেখক সমালোচক C.k.Webb এ বিসঙ্গতিপূৰ্ণ সম্পাদনা কাৰ্য্যক সমালোচনা কৰি কৈছিল, —
“Editors can be Stupid at times. They just ignore that Author’s Intention. I always try to read unabridged edition, so much is lost with cut versions of classic literature, even movies donot make sense when they are edited so much. (সম্পাদক সকল সময়ত জ্ঞানহীন হৈ পৰে। তেওঁলোকে লেখকৰ উদ্দেশ্যক উপেক্ষা কৰে। মই সদায়েই সংক্ষিপ্ত নকৰা গ্ৰন্থ পঢ়িবলৈ প্ৰয়াস কৰোঁ। সম্পাদনাৰে সংক্ষিপ্ত কৰিলে ধ্ৰুপদীয় সাহিত্যৰ বহু কিবা হেৰাই যায়। আনকি চিনেমাবোৰো বহু পৰিমাণে সম্পাদনা কৰিলে স্থবিৰ হৈ যায়।)
