সমিধান – সবিতা বেগম

PC- Pexels
সমিধান
সবিতা বেগম, বৰপেটা
আশাৰ সেউজ পথাৰ জুৰি
সহস্ৰ শব্দৰ পিৰামিড
ক্ষন্তেক নীৰৱ অনুভৱ…
জীয়াই থকাৰ বাসনাত
আকাংক্ষাৰ ধ্ৰুৱতৰা
সপোনৰ সংজ্ঞা বিচাৰি ।
হঠাৎ…
কলীয়া মেঘ
নীলিমাৰ বুকু জুৰি
পৰ্বতয়ম প্ৰশ্ন
ঘোৰ অমানিশা
আতংকৰ জ্ৰড়
অস্থিৰ পৃথিৱী
বিধ্বংস উপকূল
অসহায় আজিও
উছন্ন পথাৰ
সমিধান হীন সংজ্ঞা।।