সমালোচনা
সবিতা বেগম,পাকাবেত বাৰী পাম
তোমাক কোনেও বুজিব নিবিচাৰে
হয়তো কোনো দিনেও বুজিব নিবিচাৰিব
নাইবা তুমি ক’ব বিচাৰিলেও
তোমাৰ কথা শুনাৰ
ইচ্ছা নাইবা সময় কাৰো হাতত নাই …
কিন্তু তুমি বিৰতি হীন
প্ৰতি মূহুৰ্তত কোনে কি খাব
কোনে কি পিন্ধিব, কাৰ কি প্ৰয়োজন…
পূৰ্ণ কৰি পাৰিলেই
হিঃ ঠিক আছে….
তেতিয়ালৈকে তুমি সঠিক ।।
আৰু যদি তুমি প্ৰতিবাদ কৰা
অন্যায় সহ্য কৰিব নোৱাৰি…
যদি তুমি বিৰোধ কৰা অধৰ্ম দেখি
তেন্তে তুমি মহা বদনামী…।
যদি তুমি তোমাৰ ইচ্ছা অনুভূতিত চলা
আৰু দুই চাৰি জন বিপৰীত লিংগৰ
বন্ধুৰ সতে যদি কথা-বতৰা নাইবা
যোগাযোগ ৰাখি চলা
তেন্তে তুমি চৰিত্ৰ হীন
যদি বিয়াৰ পাছতো যোগাযোগ থাকে
নাইবা কোনো অফিচত কাম কৰা
আৰু যদি বচে্ ফোন কৰে
তেন্তে তোমাৰ উপাধি ‘বেশ্যা’।
যদি দুই চাৰিটা ভাল উপদেশ দিয়া
তেন্তে তুমি বক্তা মহা ধাৰ্মিক।
যদি কাপোৰ পিন্ধি সাজি-কাচি
ভাল কিবা এটাও কৰা
তেন্তে তুমি ‘হিৰোইন’।
যদি সমাজৰ কিবা কাম কৰা
তেন্তে ৰাজনৈতিক ‘জন দৰদীৰ নেতা’…….
আৰু যদি একো নকৰা
ঘৰতো বহি বহি খোৱা তেন্তে
দিন সপ্তাহ মাহ বছৰ….
অনুভৱ হ’ব পদে পদে….
যেন এটি প্ৰকাণ্ড আহত পশু হে
কঢ়িয়াই কঢ়িয়াই ফুৰি আছোঁ….
তেতিয়া…
কষ্টবোৰ গোপনে গোপনে যেন
অভ্যাসত আৰু পৰিণত নহয়।
হাতুৰীৰ কোবে অশ্ৰুবোৰ অবুজন হৈ যায়।
মুক্তিৰ পথ বিচাৰি বিচাৰি অনুভৱ হয়
জীৱনটো যেন অমৰত্ব লাভ কৰিছে ….।
জীৱন! জীৱন মাথোঁ সমালোচনা……।।
হ্যিঃ এয়াই মানৱ প্ৰজাতিৰ মাহাত্ম্য
নিজৰ পাপ-পূণ্য, দোষ-গুণৰ
সমালোচনা কেতিয়াও নকৰে…
মাথোঁ আনৰ সমালোচনা….।।
পৰিবৰ্তন আৰু কেতিয়াও নহয়
মৰীচিকা মাথোঁ সুখ বিচাৰি…।