সমালোচনাই হ’ল সফলতাৰ প্ৰথম মাৰ্গ – চন্দ্ৰ শেখৰ পৰাজুলী

PC- Addicted 2 Success

সমালোচনাই হ’ল সফলতাৰ প্ৰথম মাৰ্গ

চন্দ্ৰ শেখৰ পৰাজুলী, বিশ্বনাথ চাৰিআলি

আপোনালোকক হয়তো শুনিবলৈ সচাকৈ বৰ বেয়া লাগিব পাৰে যদিও প্ৰকৃত অৰ্থত কবলৈ গলে সমালোচনাই হ’ল সফলতাৰ প্ৰথম মাৰ্গ । কাৰণ সমালোচনাৰ অবিহনে প্ৰকৃত সফলতাই আমাৰ কাষ চাপি নাহে। আৰু যিকোনো‌ সফলতা সমালোচনাৰ অবিহনে যদি আয়ত্ত কৰা হয় তেন্তে তেনেধৰণৰ সফলতাই এক সফল ৰূপ ধাৰণ কৰাত অসামাৰ্থ হৈ পৰে। অৰ্থাৎ সফলতাৰ বাবে সমালোচনা হ’ল একমাত্ৰ ইন্ধন। সাধাৰণতে বেছিভাগ ক্ষেত্ৰতে বহুতো মানুহে নিজ নিজ ব্যক্তিগত জীৱনত একেবাৰে সামান্যতম সমালোচনা সহ্য কৰিব নোৱাৰি নিজৰ লক্ষ্য পৰা ভ্ৰমিত হৈ পৰে। কিন্তু এটা কথা মনত ভালকৈ গাঠ বান্ধি লওক যে,ব্যক্তিগত সমালোচনা সহ্য কৰাৰ গুণসমূহ নিজৰ মাজত আয়ত্ত কৰাৰ অবিহনে আপুনি জীৱনত কেতিয়াও গগণ স্পৰ্শ কৰিব নোৱাৰে।সচৰাচৰ বৰ্তমান সময়ত উঠি অহা নৱপ্ৰজন্মৰ মাজত সমালোচনা সহ্য কৰাৰ গুণসমূহ একেবাৰে নাই বুলিয়েই কব পাৰি ।সেয়েহে তেওঁলোকক একেবাৰে সামান্য সমালোচনা জৰিয়তে অতি সহজেই লক্ষ্যস্থানৰ পৰা পথ ভ্ৰমিত কৰিব পাৰি। অবশ্য বয়স বঢ়াৰ লগে লগে ব্যক্তিগত পৰিস্থিতিতে সকলো মানুহকে  সময়ে সময়ে শিক্ষা প্ৰদান কৰে। আচলতে আমি যদি ভালদৰে লক্ষ্য কৰো তেন্তে গম পাওঁ যে, একেবাৰে সাধাৰণ শ্ৰেণীৰ মানুহৰ বা একেবাৰে নিম্ন শ্ৰেণীৰ মানুহৰ সন্তানবোৰে ভবিষ্যতে গৈ একেবাৰে সফলতাৰ শিখৰত উপনীত হৈ পৰে। আনহাতে বেচিভাগ ক্ষেত্ৰত উচ্চ শ্ৰেণীৰ ল’ৰা ছোৱালীয়ে অন্যান্য মানুহে ভবাৰ দৰে বৰ বেছিকৈ সফলতা অৰ্জন কৰিবলৈ সক্ষম নহয়। ইয়াৰ একমাত্ৰ কাৰণ হ’ল, উচ্চ শ্ৰেণীৰ ল’ৰা বা ছোৱালীক নিজ নিজ অভিভাৱক জৰিয়তে আৰু প্ৰায়বোৰ মানুহৰ মুখেদি কেৱল বহুত ভাল, ধুনীয়া বুলি কেবল প্ৰশংসা প্ৰদান কৰি থকা দেখা যায়। যাৰ ফলস্বৰুপে উচ্চ শ্ৰেণীৰ মানুহৰ সন্তানবোৰে সামান্য নিন্দা বা সমালোচনা একেবাৰে সহ্য কৰাত ব্যৰ্থ হৈ অতি সহজেই ভাঙি পৰা দেখা যায়। উপৰোক্ত উল্লেখ কৰা মোৰ কথাবোৰ ভুলকৈ বাখ্যা নকৰিব। মই ইয়াত কোনো এক শ্ৰেণীৰ ওপৰত ব্যক্তিগতভাৱে আঘাত কৰিবলৈ বিচৰা নাই।গতিকে অন্তিমত আপোনালোকক আৰু বিশেষকৈ উঠি অহা নৱপ্ৰজন্মক আকৌ এবাৰ এইটো কথাকে অবগত কৰিব বিচাৰোঁ যে,সমালোচনাই হ’ল সফলতাৰ প্ৰথম মাৰ্গ । মুঠতে আপুনি যদি সৎ মন, মস্তিষ্কৰ জৰিয়তে একেবাৰে সঠিক পথত গতি কৰিবলৈ আৰম্ভ কৰি দিছে তেন্তে সচৰাচৰ আমি বেয়া বুলি গণ্য কৰা দিশবোৰতৈ আৰু অধিক ৰূপত সমালোচনাৰ সন্মুখীন হ’ব লগিয়া হয়। আমাৰ মানুহৰ স্বভাৱবোৰে এনেকুৱা যে, ভাল কামবোৰত বেছিভাগ মানুহে প্ৰথমে হাঁহে বা বহুতো সমালোচনাৰ সন্মুখীন হ’ব লগিয়া হয়। কিন্তু অন্তিম গৈ উপায় অন্তৰ হৈ ভাল কামবোৰৰ প্ৰতি সহাঁৰি জনোৱা বা স্বীকাৰ কৰিবলৈ বাধ্য হৈ পৰে। সেয়েহে আজিয়ে সমালোচনা প্ৰতি ভয় নকৰাকৈ ধৈৰ্য্য সহকাৰে আৰু বুদ্ধিমত্তাৰ সৈতে সৎ পথত নিৰন্তৰ ৰূপত গতি কৰিবলৈ আৰম্ভ কৰি দিয়ক। এনেদৰে আগবাঢ়ি গৈ থাকিলে এসময় আপোনাৰ সফলতাবোৰৰ জৰিয়তে আপোনাৰ সমালোচকৰ নিজে নিজে মুখ বন্ধ হৈ পৰিব।