সমালোচক সকলোলৈকে ধন্যবাদ
আমাৰ সমাজত দৃশ্যমান হোৱা মহান সমালোচক সকলৰ এটি ডাঙৰ বৈশিষ্ট্য হ’ল তেওঁলোকে নিজে আগুৱাই যাবলৈ সক্ষম নহয় বা আগুৱাই যাবলৈ চেষ্টায়ে নকৰে আৰু নিজৰেই ঘৰৰ কাষতে থকা ওচৰ-চুবুৰীয়া বা আত্মীয়,সম্বন্ধীয় নাইবা একেখন সমাজতে বসবাস কৰা কিছুমান লোকসকলে সচাঁ অৰ্থত কলে সেই লাহে লাহে আগুৱাই যাবলৈ প্ৰচেষ্টা কৰা ব্যক্তিগৰাকীৰ প্ৰতি এক বিদ্বেষ মনোভাৱৰ সৃষ্টি হোৱা দেখা যায়। ইয়াতেই আমাৰ ভুল ক’ত হয় জানে ?। আচলতে আমি আমাৰ সমালোচনা প্ৰতি ভয়ভীত হৈ নিজৰ লক্ষ্য, উদ্দেশ্যৰ পৰা আতঁৰি আহো নহয়নে?। কিন্তু আমি একেটাই কথা মনত গাঠ বান্ধি থোৱা উচিত যে, বৰ্তমান সময়ছোৱা হ’ল কলি কাল।এতিয়াৰ মানুহবোৰে আমাৰ সৃষ্টিকৰ্তাকো সমালোচনা কৰি থকা দেখা যায়। তাতেই আপুনি আৰু মই সামান্য মানুহে। গতিকে নিজৰ জীৱনত সফল ব্যক্তি এজনে সমালোচক সকলৰ লগত লাগি নাথাকে বা নিজৰ সমালোচনাবোৰ আওকাণ কৰি তেখেতে কেৱলমাত্ৰ নিজৰ কৰ্মৰ দ্বাৰা আত্ম-পৰিচয় জগতৰ আগত দাঙি ধৰে। চাওঁক সমালোচনা কৰা লোকসকলক কামে হ’ল আনৰ উন্নতিৰ মাৰ্গত শব্দ বাণৰ জৰিয়তে আন্তৰিক প্ৰহাৰ কৰা। গতিকে আন্তৰিক প্ৰহাৰ আমাৰ দেহৰ বাহ্যিক প্ৰহাৰবোতকৈ ভয়াবহ নহয়নে ?। এতিয়া কথা হ’ল আপুনি যদি মূৰ্খ নহয় তেন্তে তেনেধৰণৰ ঘৃণনীয় চৰিত্ৰৰ মানুহৰ লগত বাক যুদ্ধ বা শাৰিৰীক যুদ্ধৰ পৰা নিশ্চয় নিজকে আতৰ কৰি আনিব পাৰিব লাগিব।
সৰ্বশেষত আপোনালোকলৈ এটাই অনুৰোধ যে, নিজৰ লক্ষ্য,উদ্দেশ্যৰ স্পষ্ট ৰাখি কতো কণমানো বিচলিত নোহোৱাকৈ দুই হাত যোৰ কৰি নিজ নিজ সমালোচক সকলোলৈকে ধন্যবাদ জনাব। কাৰণ তেওঁলোকে কৰা সমালোচনাৰ জৰিয়তে হয়তো আপুনি এদিন গৈ নিজৰ জীৱনত সফলতাৰ শিখৰত অতিক্ৰম কৰিবলৈ বহু অৰিহণা যোগায় ধৰিব। লগতে আপুনি নিজে নিজৰ ব্যক্তিগত উন্নতিৰ বাবে কিছু পৰিমাণে আত্ম সমালোচনা কৰাটো অতিকৈ প্ৰয়োজন। কাৰণ আত্ম-সমালোচনাৰ জৰিয়তেহে নিজ আত্ম উপলব্ধি কৰাটো সম্ভৱ। সেয়েহে কেৱল মাত্ৰ নিজ কৰ্মৰ জৰিয়তে নিজ আত্ম -পৰিচয় সমাজৰ আগত দাঙি ধৰিব পাৰিব লাগিব। কাৰণ বাক যুদ্ধ বা শাৰিৰীক যুদ্ধৰ জৰিয়তে হিংসাত্মক মনোভাৱৰ সৃষ্টি হয়। গতিকে হিংসাত্মক মনোভাৱৰ জৰিয়তে নিজৰ ব্যক্তিগত উন্নতিৰ মাৰ্গত বহুতো বাধা উৎপন্ন হোৱা দেখা যায়।
চন্দ্ৰ শেখৰ পৰাজুলী
বিশ্বনাথ চাৰিআলি, অসম
