সমাধি
জিণ্টু চাংমাই
নগাঁও ,গেন্ধালী মাজৰআটি
ক’তেইবা তুমি
ক’ত আছোঁ মই?
মই তোমাৰ হৃদয়
তুমি মোৰ ভালপোৱা।
আলি বাটত পৰি থাকে
অহা-যোৱা এমুঠিমান খোজ,
ৰঙাকৈ ফাগুন আৰু সৰাপাত।
জীৱন জোনাক আকাশ কঁপাই
বসন্তৰ ছবি আৰু কবি,
উশাহ সলোৱা কথাৰ আঁচল থৈ
মোৰ শৃংখলাৰ বুকুত বিশৃংখল হৈ
তুমি ক’ত…!
ক’তেইবা তুমি মই ক’ত।
