সমাজ হিতৈষী ভগৱান চন্দ্র মজুমদাৰ আৰু নাট্যসম্রাট চন্দ্ৰ চৌধুৰীৰ সোঁৱৰণত মঘাই-মোহন বঁটা- ২৩ ঘোষণা

সমাজ হিতৈষী ভগৱান চন্দ্র মজুমদাৰ আৰু নাট্যসম্রাট চন্দ্ৰ চৌধুৰীৰ সোঁৱৰণত মঘাই-মোহন বঁটা- ২৩ ঘোষণা

গুৱাহাটী ,ৰঙিলী বাৰ্ত্তাসেৱা-  চৰকাৰী পঞ্জীয়নভুক্ত বেচৰকাৰী সাংস্কৃতিক সংস্থা ‘মঘাই-মোহন কৃষ্টি সংঘ, অসম’য়ে বিগত বছৰবোৰৰ দৰে এইবেলিও অসমৰ লোকসংস্কৃতি আৰু নাট্যাভিনয়ৰ ক্ষেত্ৰখনত যোগাই অহা অৱদানৰ ভিত্তিত দুগৰাকী প্রবীন শিল্পীক “মঘাই-মোহন বঁটা” প্রদান কৰিছে। উল্লেখ্য যে লোকসংস্কৃতিৰ সাধক আৰু নাট্যকর্মীক প্রদান কৰিব লগা প্রতিটো বঁটাতে আছে নগদ পঁচিশ হাজাৰ টকা, ফুলাম গামোচা, জাপি, প্রশস্তিপত্ৰ আৰু অংগবস্ত্র ইত্যাদি। যোৱা বৰ্ষৰ এই বঁটা প্রাপক আছিল ক্রমে শিল্পী ড° লক্ষ্যহীৰা দাস আৰু গায়ক দশৰথ দাস। প্রবীন জ্ঞানী-গুণী শিল্পী সকলক সাময়িক ভাবে আর্থিক সকাহ আৰু তেখেতসকলৰ জীৱনজোৰা সাধনাৰ বাবে যথোচিত সন্মান প্রদান কৰাই হৈছে এই বঁটাৰ উদ্দেশ্য। উল্লেখযোগ্য যে ২০২৩ বৰ্ষৰ বাবে সমাজ হিতৈষী ভগৱান চন্দ্র মজুমদাৰ আৰু নাট্যসম্রাট চন্দ্র চৌধুৰীৰ সোঁৱৰণত “মঘাই-মোহন বঁটা”- ২৩ প্রদান কৰা হ’ব ক্রমে প্রবীন কণ্ঠ শিল্পী স্নেহলতা দাস আৰু ভ্ৰাম্যমান মঞ্চজগতৰ বলিষ্ঠ অভিনেতা তৌফিক ৰহমানক । ইপিনে অহা -২৯মাৰ্চ শুক্রবাৰে গুৱাহাটী প্ৰেচক্লাৱত অনুষ্ঠিত হ’ব লগা মঘাই-মোহন কৃষ্টি সংঘ, অসমৰ বাৰ্ষিক সভাত এই বঁটাসমূহ প্ৰদান কৰা হ’ব বুলি বুধবাৰে এক সংবাদ মেল যোগে ঘোষণা কৰে সংঘৰ সভাপতি নৱ কুমাৰ মজুমদাবে জানিবলৈ দিয়ে।