সমাজৰ ভয়ত দূৰলৈ গুচি গ’ল পল্লবী আৰু ছফিকুল

সমাজৰ ভয়ত দূৰলৈ গুচি গ’ল পল্লবী আৰু ছফিকুল

ৰঙিলী বাৰ্ত্তাসেৱা-  হিন্দু যুৱতী আৰু মুছলমান যুৱকৰ প্ৰেমৰ এক কৰুণ পৰিণতি।হয়তো সমাজখনৰ ভয়ত চিৰবিদায় ল’লে এহাল প্ৰেমিক যুগলে।শোণিতপুৰৰ গুদামঘাটত সংঘটিত হৈছে এক কৰুণ ঘটনা।প্ৰেমত সফল হ’ব নোৱাৰি চিৰবিদায় মাগিলে পল্লবী বৰা আৰু ছফিকুল ইছলামে।গেৰেজৰ ভিতৰত উদ্ধাৰ প্ৰেমিক-প্ৰেমিকাৰ এখন চূৰ্ণীৰে চিপ লৈ ওলমি থকা মৃতদেহ।ঘটনা সন্দৰ্ভত জানিব পৰা মতে,বিশ্বনাথ চাৰিআলিৰ ছফিকুল ইছলাম (২৩) আৰু গহপুৰৰ পল্লৱী বৰাৰ(২৩) মাজত বহুদিন ধৰি চলি আছিল প্ৰেমৰ সম্পৰ্ক।দুয়ো যোৱা বৃহস্পতিবাৰে পলাই আহি শোণিতপুৰৰ গুদামঘাটৰ আব্দুল কৰিম নামৰ এজন সম্পৰ্কীয় ককাকৰ ঘৰত লুকাই আছিল।তেনে সময়তে যুৱকজনৰ পৰিয়ালে এই তথ্য লাভ কৰি দুয়োজনক বিচাৰি আহোতেই দুয়োজনক বিচাৰ-খোচাৰ কৰি এটা গেৰেজত দুই প্ৰেমিক প্ৰেমিকাক চিপ লোৱা অৱস্থাত প্ৰত্যক্ষ কৰে।ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়াত চাৰিদুৱাৰ আৰক্ষীয়ে মৃতদেহ দুটা উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰিছে।প্ৰেম সফল কৰিব নোৱাৰাৰ ভয়তে এই চৰম পন্থা লোৱাৰ সন্দেহ আৰক্ষীৰ। এই ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।