নাৰী বুলি ক’লেই মনলৈ আহে এক সৌন্দৰ্যৰ প্রতীক, লাহীদেহ, মমতাৰ প্ৰতিমূৰ্তি, ধৈর্যশীলা এক মূর্তি৷ নাৰী মাতৃ, ভগ্নী, পত্নী, গৃহিণী, জীয়ৰী, বোৱাৰী আদি বিভিন্ন ভূমিকা পালন কৰে নিজৰ জীৱনত। সকলো সম্বন্ধ অতি নিয়াৰিকৈ পালন কৰিব পাৰে একমাত্ৰ নাৰীয়েহে। হিন্দু সমাজত নাৰীৰ প্ৰতিমূৰ্তি সাজি পূজা কৰা হয় ৷ তাৰেই উদাহৰণ হ’ল দেৱী দুর্গা, মা কালী, লক্ষ্মীদেৱী, সৰস্বতীদেৱী আদি বিভিন্ন ৰূপত পূজা কৰা হয়। হিন্দু-মুছলমান, শিখ, খ্ৰীষ্টান সকলো ধৰ্মৰ মানুহৰ মাজতে নাৰীৰ এক সুকীয়া স্থান আছে। তেওঁলোকে স-সন্মানেৰে সমাজত জীৱন-যাপন কৰে। কিন্তু সমাজত নাৰীক এক অন্য ৰূপতো ব্যৱহাৰ কৰা হয়, তেওঁলোকে সমাজত উচিত মর্যাদা নাপায়। আদিম কালৰে পৰা ৰজা-মহাৰজা আদিয়ে নাৰীক ৰক্ষিতা হিচাপে ব্যৱহাৰ কৰিছিল। আদিম যুগৰ সেই নিয়ম আজিও থাকিয়েই গ’ল। নাৰীৰ সকলো সম্বন্ধৰে সন্মান আছে যদিও ৰক্ষিতা হিচাপে ব্যৱহাৰ হোৱা নাৰীক সন্মানৰ দৃষ্টিৰে চোৱা নহয়৷ কিন্তু পুৰুষ সমাজৰ বাবেই এইসকল নাৰীয়ে নিজৰ জীৱন, যৌৱন উচৰ্গা কৰি সমাজত বৰ্জিতা হৈ থাকি জীৱনটোত নানান দুখ, শোক লৈ জীয়াই থাকিবলগীয়া হয়। সমাজৰ সকলো নাৰীয়ে বিচাৰে এক সন্মানজনক জীৱন, এখন সুখৰ সংসাৰ লৈ জীয়াই থকাটো সকলো নাৰীৰে সপোন। কিন্তু এই দুৰ্ভগীয়া নাৰীসকলে সকলো সুখৰ পৰা বঞ্চিত হৈ কেৱল এচাম পুৰুষৰ যৌন লালসাৰ চিকাৰ হৈ তিলতিলকৈ জীয়াই থাকিব লাগে। এই নাৰীসকলৰ ওচৰত যোৱা পুৰুষসকল কিন্তু সমাজত সদায় সন্মানীয় হৈ থাকে। তেওঁলোকে সুখৰ সংসাৰ লৈ স সন্মানেৰে জীয়াই থাকে।হয়তো কিছুসংখ্যক নাৰীয়ে পেটৰ তাড়নাত বা পৰিয়ালৰ ভৰণ-পোষণৰ বাবে উপায়বিহীন হৈ দেহ ব্যৱসায়ত লিপ্ত হ’বলগা হয়। আৰু পুৰুষ সমাজৰে কিছুসংখ্যক ভণ্ডই কিশোৰী-বোৱাৰী, যুৱতীক ফুচুলাই লৈ গৈ দেহ ব্যৱসায়ীৰ ওচৰত বিক্ৰী কৰে। এবাৰ এই ব্যৱসায়ত জড়িত হোৱাৰ পাছত কিশোৰী বা বোৱাৰীগৰাকীক কোনেও ভাল চকুৰে নাচায় আৰু সমাজেও আদৰি নলয়, ফলত তেওঁলোকে দেহ ব্যৱসায়ত অনিচ্ছা সত্ত্বেও জড়িত হৈ থাকিবলৈ বাধ্য হয়। তেওঁলোকৰ বাবে প্ৰতিটো দিনেই ভয়াৱহ আৰু অনিশ্চয়তাৰে আগুৰি থাকে। অতি ঘৃণাৰে নিজৰ দেহটো আগবঢ়াই দিবলগা হয় এচাম মুখাপিন্ধা ভদ্রলোকক ৷ আমাৰ সমাজত যেনেকৈ আন মহিলাসকল সন্মানেৰে জীয়াই থাকে, তেনেকৈ এওঁলোককো এক সুন্দৰ ভৱিষ্যৎ দাবী কৰিব পৰাকৈ জীয়াই থাকিব দিব নোৱাৰিনে? তেওঁলোকৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে চৰকাৰী-বেচৰকাৰী সংস্থাবোৰে আগবাঢ়ি আহি তেওঁলোকৰ নৰকসদৃশ জীৱন উদ্ধাৰ কৰিব নোৱাৰিনে? কাৰণ তেওঁলোকো আমাৰ সমাজৰে অংশ, কাৰোবৰ ভগ্নী, কাৰোবাৰ প্ৰেয়সী, কাৰোবাৰ জীয়ৰী।
আমি প্ৰতিবছৰে নাৰীমুক্তি আন্দোলন কৰি নাৰীৰ অধিকাৰ বিচাৰি মেল-মিটিং পাতো, কিন্তু এইসকল নাৰীৰ বাবে কোনোবাই চিন্তা কৰে জানো? কিমান দুখ-বেদনা, ঘৃণা বুকুত বান্ধি তেওঁলোক সমাজত বৰ্জিতা হৈ জীয়াই থাকিবলগীয়া হয় ৷ সকলোৱে তেওঁলোকক ঘৃণাৰ হয়৷ চকুৰে চায়। কিন্তু তেওঁলোকৰ ওচৰলৈ যোৱা পুৰুষসকল লোকচকুৰ আঁৰ হৈ থাকি সন্মানীয় জীৱন-যাপন কৰে। আহক আমি সকলোৱে মিলি সমাজৰ এই বৰ্জিতা নাৰীসকলক সন্মানেৰে জীয়াই থকাত সহায় কৰো৷
ফোন : ৭০০২ ৩৭১২৩