সমাজৰ উন্নতিত শিশু গুৰুত্ব
আয়শা ছিদ্দিকা (আছৰি),
বাংলিপাৰা, বৰপেটা
আমি সদায় এই এটা কথা কিতাপৰ পৃষ্ঠাত হওক কিংবা মানুহৰ মুখত হওক কিংবা কোনো মঞ্চৰ শক্তিশালী ভাষণত পাই থাকোঁ। কথাটো হ’ল ” আজিৰ শিশু কাইলৈ দেশৰ ভৱিষ্যত”।
বৰ্তমান সমাজত শিশুৰ চিন্তা শক্তি , আচৰণ আৰু ব্যৱ্হাৰে নিৰ্ণয় কৰে সমাজ এখন বা দেশ এখনৰ আগন্তক চিত্ৰ কিংবা অৱস্থা কেনেকুৱা হ’ব। যাৰ বাবে চৰকাৰেও শিশুৰ সৰ্বাংগীণ বিকাশৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি বিভিন্ন কাৰ্য্যসূচী ৰূপায়ন কৰাও দেখা যায়।
ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী তথা ভাৰতৰত্ন প্ৰাপ্ত পণ্ডিত জৱাহৰলাল নেহৰু, যিজন ব্যক্তিয়ে শিশু সকলক স্বাৰ্থহীনভাবে ভাল পাইছিল আৰু শিশু সকলেও মৰমতে “চাচা” সম্বোধন কৰিছিল। সেই মহান ব্যক্তিজনৰ জন্মদিনক স্মৰণ কৰি আজিৰ দিনতো ১৪ নৱেম্বৰ তাৰিখে শিশু দিৱস পালন কৰা হয়।
বৰ্তমান সময়ত শিশুৰ শাৰীৰিক, মানসিক, আৰু নৈতিক বিকাশৰ প্ৰতি গুৰুত্ব দিয়া দেখা যায়।শিশুৰ মনত সৃষ্টিশীলতা, যুক্তিবাদিতা, সহনশীলতা, আৰু দেশপ্ৰেমৰ দৰে গুণৰ বিকাশ নহ’লে এখন উন্নত সমাজ গঢ়ি উঠা অসম্ভৱ। চৰকাৰে ইয়াৰ বাবে শিক্ষাৰ সাৰ্বজনীনতা, শিশু স্বাস্থ্যৰ যত্ন, আৰু শিশুৰ মৌলিক অধিকাৰৰ ৰক্ষণাবেক্ষণ আদি পদক্ষেপ লোৱাও দেখা যায়।এই পদক্ষেপসমূহে শিশুক সুস্থ, সক্ষম, আৰু দায়বদ্ধ নাগৰিক হিচাপে গঢ়ি তোলাৰ ওপৰত গুৰুত্ব দিয়ে।
সামাজিক দায়বদ্ধতাৰ অংশ হিচাপে প্ৰত্যেক ব্যক্তি, পৰিয়াল, আৰু সমাজে শিশুৰ উন্নতিৰ বাবে একোটা সুস্থ পৰিৱেশৰ ব্যৱস্থা কৰিব লাগে । শিশুৱে যাতে নিজৰ সম্ভাৱনাৰ পূৰ্ণ বিকাশ কৰিব পাৰে, তাৰ বাবে শিক্ষা, স্বাস্থ্য, আৰু নৈতিক মূল্যবোধৰ দিশত পূৰ্ণ সমৰ্থন আগবঢ়োৱাটো অতি প্ৰয়োজনীয়।শিশুৱেই হ’ল আমাৰ ভৱিষ্যতৰ ৰূপকাৰ। শিশুৰ সঠিক দিশনিৰ্দেশনা আৰু বিকাশে এখন সমাজক অগ্ৰসৰ, ন্যায়পূৰ্ণ, আৰু সমৃদ্ধিশালী কৰি তুলিব পাৰে । শিশুক কেন্দ্ৰ কৰি যি কোনো উন্নয়নমূলক কাৰ্য্য পৰিকল্পনা ৰূপায়ণ কৰাটো এখন ৰাষ্ট্ৰৰ দীৰ্ঘদৰ্শী চিন্তাৰ ইঙ্গিত বহন কৰে।
বাস্তৱত এই বিষয়ে বিশ্লেষণ কৰিব গ’লে সকলো শিশু একে পৰিমাণৰ সুযোগ পোৱা নাই। বৰ্তমানতো বহু শিশু দাৰিদ্ৰ্য ,অনাহাৰ, অশিক্ষা আৰু শিশু শ্ৰমিকতাৰ বলি হৈ পৰিছে। বহুজন শিশুৱে বিদ্যালয়লৈ যোৱাৰ সুযোগ নাপায় বিনামূল্য শিক্ষা ব্যৱস্থা হোৱাৰ পিছতো। এতিয়া আমাৰ সমাজৰ কৰ্তব্য হ’ব লাগে এই পিছপৰা শিশুবোৰকও শিক্ষাৰ মূল প্ৰবাহত অন্তৰ্ভুক্ত কৰা, তেওঁলোকক সুৰক্ষিত পৰিৱেশ প্ৰদান কৰা, আৰু তেওঁলোকৰ মনত আশা আৰু সপোন বাস্তবায়িত কৰাৰ চেষ্টা কৰা ।
শিশুবোৰৰ মাজত মানৱতা, নৈতিকতা, কৰুণা আৰু সামাজিক দায়িত্ববোধৰ শিক্ষা দিয়া হয় যদিও ইয়াৰ ওপৰত আৰু গুৰুত্ব দিয়া উচিত। পাঠ্যক্ৰমত শিক্ষাৰ ওপৰিও তেওঁলোকক সত্যবাদী, সহিষ্ণু আৰু ন্যায়প্ৰিয় নাগৰিক হিচাপে গঢ়ি তোলা হ’লেহে সমাজ এখন দেশ এখন সুন্দৰ হিচাপে গঢ়ি উঠিব।
শিশুবোৰ ফুলৰ দৰে কোমল আৰু দেশৰ ভৱিষ্যতৰ মূল সেইকাৰণে তেওঁলোকক সঠিক যত্ন, শিক্ষা আৰু সহিষ্ণুতাৰ দিশে আগবঢ়াই নিব লাগে ।
সমাজত চলি থকা শাসনৰ নামত শিশু নিৰ্যাতন, উপাৰ্জনৰ তাগিদাত শিশু অত্যাচাৰ নিপাত যাওক সকলোৰে সপোনৰ পূৰ্ণতাৰে সুন্দৰ, সুশীল হিংসা-বিবাদ নথকা সমাজ গঢ়ি উঠক।
