সমাজত সুবক্তা আৰু সুশ্ৰোতাৰ আদৰ – নলিনী ৰঞ্জন ভূঞা

Pc Walden University

সমাজত সুবক্তা আৰু সুশ্ৰোতাৰ আদৰ 

নলিনী ৰঞ্জন ভূঞা
জামুগুৰিহাট, শোণিতপুৰ

মানুহে নিজৰ মনৰ ভাৱ, চিন্তা আৰু অনুভূতিক ইজনে সিজনৰ মাজত আদান প্ৰদান কৰা প্ৰক্ৰিয়াটোৰ সফল পৰিচালনাৰ বাবে দুটা মুখ্য চৰিত্ৰৰ অপৰিহাৰ্যতা থাকে ৷ সেই দুটা চৰিত্ৰ হ’ল–  বক্তা আৰু শ্ৰোতা। বক্তা হ’ল- কথা কোৱাজন আৰু শ্ৰোতা হ’ল-বক্তাই কোৱা কথাখিনি শুনা মানুহজন ৷  মানুহৰ জীৱনত কথা কোৱা আৰু কথা শুনা  অত্যন্ত গুৰুত্বপূর্ণ দিশ। দৰাচলতে বক্তা গৰাকী সুবক্তা আৰু শ্ৰোতা গৰাকী সুশ্ৰোতা হোৱাতো অতিকে প্ৰয়োজন ৷ সুবক্তা বুলিলে সেইজন ব্যক্তিক বুজায়– যি সুললিত, স্পষ্ট আৰু যুক্তিসংগত ভাৱে কথা ক’ব পাৰে আৰু নিজৰ বাকশৈলীৰে আনক প্ৰভাৱিত কৰিব পাৰে। আনহাতে, সুশ্ৰোতা হৈছে সেইজন ব্যক্তি– যি মনোযোগ সহকাৰে আনৰ কথা শুনে, তাৰ প্ৰকৃত অৰ্থ বুজি সযত্নে গ্ৰহণ কৰে। এই দুয়োটা গুণৰে অধিকাৰী অৰ্থাৎ -সুন্দৰকৈ কথা ক’ব জনা আৰু গভীৰভাৱে কথা শুনিব পৰা গুণৰে সমৃদ্ধ ব্যক্তি অধিক পৰিপূর্ণ, মার্জিত আৰু সকলোৰে প্ৰিয়পাত্ৰ হৈ পৰে। লগতে সুবক্তা আৰু সুশ্ৰোতাৰ মাজত গঢ়ি উঠা সমন্বয়ে সমাজৰ সকলো স্তৰতে এক সুস্থিৰ আৰু ফলপ্ৰসূ পৰিৱেশৰ সৃষ্টি কৰে। সেয়েহে, তেওঁলোক উভয়কে সকলোৱে আদৰ কৰে, কিয়নো তেওঁলোকে কথা কোৱা বা শুনাৰ সীমা অতিক্ৰম কৰি জ্ঞান, বুজাবুজি আৰু মানৱীয় সম্পৰ্কৰ এক শক্তিশালী সেঁতু নিৰ্মাণ কৰে, যিয়ে সমাজৰ ভেটি সবল কৰে।

সুবক্তা হোৱা মানে কেৱল কথা কোৱাতে সীমাবদ্ধ নহয়, ইয়াত কথাৰ সঠিক বাচনি, উচ্চাৰণ আৰু সময়ৰ যথোচিত ব্যৱহাৰ জড়িত হৈ থাকে । সুবক্তা জন হৈছে শব্দৰ মাধ্যমেৰে চিন্তাৰ প্ৰকাশক। তেওঁ কোৱা বাক্যত থাকে যুক্তিৰ সুন্দৰ গাঁথনি, বিশ্লেষণৰ গভীৰতা আৰু হৃদয়ৰ আন্তৰিকতা। সুবক্তাই যেতিয়া কোনো বিষয় উত্থাপন কৰে, তেতিয়া তেওঁ বিষয়টোক সকলো দিশৰ পৰা সূক্ষ্মভাৱে অধ্যয়ন কৰি লয়, যাতে শ্ৰোতাৰ মনত কোনো সন্দেহ বা দ্ব্যৰ্থতাৰ অৱকাশ নথাকে। তেওঁৰ কথাত স্পষ্টতা থাকে আৰু ভাৱৰ গভীৰতা থাকে। তেওঁৰ ভাষণত উচ্চাৰণৰ স্পষ্টতা, শব্দ চয়নৰ মাধুৰ্য আৰু বাচনভংগীৰ স্থিৰতাই এক বিশেষ আকৰ্ষণৰ সৃষ্টি কৰে। তেওঁৰ এই অনন্য ক্ষমতাই কঠিন বিষয় এটা অতি সৰলতাৰে, সহজ-সৰল উদাহৰণেৰে উপস্থাপন কৰিবলৈ তেওঁক সহায় কৰে, যাৰ বাবে তেওঁ সমাজৰ পথ প্ৰদৰ্শক হিচাপে পৰিগণিত হয়। তেওঁ মানুহক অনুপ্ৰাণিত কৰে, চিন্তাৰ দুৱাৰ মুকলি কৰে আৰু নতুন দিশত আগুৱাই যাবলৈ সাহস যোগায়। ইয়াৰ উপৰিও, এজন সুবক্তা সদায় বিনয়ী আৰু মৰমিয়াল হয়। তেওঁ নিজৰ মতক আনৰ ওপৰত জাপি নিদিয়ে, বৰঞ্চ শ্ৰোতাক নিজৰ মন-মগজুৰে বিষয়টো গ্ৰহণ কৰিবলৈ সম্পূৰ্ণ স্বাধীনতা দিয়ে। এনে সুন্দৰ গুণৰাজিৰ বাবেই সুবক্তা সকলোৰে প্ৰিয় হৈ উঠে। এইদৰে বিশ্লেষণ কৰিলে দেখা যায় যে সুবক্তা হোৱাটো এটা কলা যিয়ে জীৱনৰ সকলো ক্ষেত্ৰত সফলতা আনে।

এজন ভাল বক্তাৰ দৰে এজন ভাল শ্ৰোতা হব পৰাটোও এটা মহৎ গুণ ৷ ভাল শ্ৰোতা অৰ্থাৎ সুশ্ৰোতা হোৱাৰ অৰ্থ কেৱল কথা শুনাতে সীমাবদ্ধ নহয় ৷ ইয়াৰ সৈতে জৰিত হৈ আছে আনৰ কথাৰ অন্তৰালত থকা অনুভৱক গভীৰভাৱে উপলব্ধি কৰা বিষয়টো । এজন সুশ্ৰোতাই মনোযোগ সহকাৰে কথা শুনে, ধৈৰ্য ধৰে আৰু আনৰ দৃষ্টিভংগীক সন্মানজনক ভাৱে গ্ৰহণ কৰে। এক কথাত– সুশ্ৰোতাই কেৱল কাণেৰে শুনাই নহয়, তেওঁ মন-মগজুৰে বক্তাৰ কথা গভীৰভাৱে গ্ৰহণ কৰে, সূক্ষ্মভাৱে বিশ্লেষণ কৰে আৰু আন্তৰিকতাৰে অনুভৱ কৰে। বক্তাৰ বক্তব্যৰ প্ৰতি তেওঁৰ মনোযোগ নিৱদ্ধ হয় গভীৰ আৰু নিৰৱচ্ছিন্নতাৰে । সুশ্ৰোতাই এজন বক্তাই প্ৰকাশ কৰা বাক্যৰ মাজত লুকাই থকা মূল ভাৱ আৰু উদ্দেশ্যটোক বিচাৰি উলিয়াবলৈ চেষ্টা কৰে। তেওঁৰ মনত প্ৰশ্নৰ উদয় হব পাৰে , কিন্তু তেওঁ উপযুক্ত সময়লৈকে ধৈৰ্য ধৰি অপেক্ষা কৰে। এই ধৈৰ্য আৰু গভীৰ অনুভৱ কৰাৰ ক্ষমতাই সুশ্ৰোতাক সাধাৰণ শ্ৰোতাতকৈ পৃথক কৰি তোলে। সুশ্ৰোতাৰ আন এক ডাঙৰ গুণ হৈছে– তেওঁৰ সহনশীলতা আৰু ভিন্ন মতক সন্মান জনোৱাৰ মানসিকতা। তেওঁ হয়তো বক্তাৰ মতৰ সৈতে সম্পূৰ্ণ একমত নহ’বও পাৰে, কিন্তু তেওঁ সদায় বক্তাক নিজৰ কথা শেষ কৰিবলৈ সম্পূৰ্ণ সুযোগ দিয়ে। তেওঁ বক্তাক মাজে মাজে সঁহাৰি জনাই বা নিজৰ মনোযোগৰ দ্বাৰা ইয়াৰ ইংগিত দিয়ে ৷ যিয়ে বক্তাক অধিক অনুপ্ৰাণিত কৰে। এজন সুবক্তাই এনে শ্ৰোতাক বিচাৰে– যি তেওঁৰ কথা মনোযোগেৰে শুনিব আৰু তাৰ প্ৰতি আন্তৰিক সঁহাৰি জনাব। সুশ্ৰোতা এজনে বক্তাক প্ৰতিটো শব্দ কোৱাৰ বাবে সাহস যোগায় আৰু তেওঁৰ শ্ৰমক গুৰুত্ব দিয়ে। আচলতে শ্ৰোতা গৰাকীয়ে বক্তাৰ কথা যিমানেই মনোযোগ দি শুনিব সিমানেই বক্তা গৰাকীৰ কথা কোৱাৰ উদ্যম বাঢ়ে আৰু সিমানেই কথা অধিক মনোগ্ৰাহী হৈ গৈ থাকে ৷ কেৱল শুনাতেই ব্যস্ত নাথাকি মাজে মাজে দুই এটা প্ৰশ্ন কৰিলেও বক্তাৰ বক্তব্য অধিক মনোগ্ৰাহী হৈ গৈ থাকে আৰু ৰসিকতাও প্ৰকাশ পায় ৷ এনে মহান গুণৰ বাবেই সুশ্ৰোতাও সমাজত সকলোৰে বাবে  আদৰৰ পাত্ৰ হৈ পৰে।

সভা- সমিতি আদিৰ বক্তা সকলৰ উপৰিও পৰিয়াল সমূহতো সুবক্তা আৰু সুশ্ৰোতাৰ গুৰুত্ব অধিক। পৰিয়ালত যদি সকলোৱে ভালকৈ কথা কয় আৰু শুনে, তেন্তে পৰিয়ালত শান্তি বিৰাজ কৰে । উদাহৰণ স্বৰূপে–স্বামী-স্ত্ৰীৰ মাজত যদি এজনে আনজনৰ কথা ভালকৈ শুনে আৰু নিজৰ ভাৱ ভালকৈ প্ৰকাশ কৰে, তেতিয়া সম্পৰ্ক গভীৰ আৰু সৌহাদ্যপূৰ্ণ  হয়। কিন্তু যদি কথা কোৱাত ভুল হয় বা শুনোঁতে অমনোযোগী হয়, তেতিয়া বিবাদৰ সৃষ্টি হয় হয়, ওখনা-ওখনি লাগে । গতিকে পৰিয়াল সমূহত এই গুণ দুটাই সুখৰ চাবিকাঠি। আকৌ,সন্তান সকলক যদি পিতৃ-মাতৃয়ে মৰম লগাকৈ শুৱলা সুৰৰে কথা কয় আৰু তেওঁলোকৰ কথা শুনে, তেতিয়া তেওঁলোকৰ বিকাশ সঠিক ভাৱে হয়। শিক্ষাৰ ক্ষেত্ৰত সুবক্তা আৰু সুশ্ৰোতাৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। শিক্ষক যদি সুবক্তা হয়, তেতিয়া ছাত্ৰই সহজে বুজি পায় আৰু ছাত্ৰ যদি সুশ্ৰোতা হয়, তেতিয়া শিক্ষা সফল হয়। উদাহৰণ স্বৰূপে–এটা শ্ৰেণীকক্ষত যদি শিক্ষকে কথা কওঁতে অৰ্থাৎ বুজাওতে স্পষ্ট আৰু আন্তৰিকতা পূৰ্ণ হয় তেতিয়া ছাত্ৰই মনোযোগ দিয়ে আৰু জ্ঞানৰ বিনিময় সহজ হয়। কিন্তু যদি শিক্ষকে অস্পষ্ট আৰু ভালকৈ বুজায় কব নোৱাৰে তেতিয়া  ছাত্ৰই মনোযোগ নিদিয়ে ৷ ফলত শিক্ষা অৰ্থহীন হয়।ব্যৱসায় আৰু কৰ্মক্ষেত্ৰতো সুবক্তা আৰু সুশ্ৰোতাৰ গুৰুত্ব অধিক। কৰ্মক্ষেত্ৰত জৰিত লোক সকলে যদি ভালকৈ কথা কয় আৰু আনৰ কথা শুনে, তেতিয়া কৰিব লগা কাম সহজতে সফল হয়।

সুবক্তা আৰু সুশ্ৰোতা এই  দুয়োটা গুণৰ মাজত সুসম্পৰ্ক থাকিলেহে মানুহ সকলোৰে আদৰণীয় হয়। যদি কোনো ব্যক্তি অকল সুবক্তা হয় কিন্তু সুশ্ৰোতা নহয়, তেতিয়া তেওঁক  অহংকাৰী যেন লাগে যাৰ বাবে তেওঁক আনে গুৰুত্ব নিদিয়ে ৷ আকৌ ব্যক্তি জন যদি একমাত্ৰ সুশ্ৰোতাহে হয় কিন্তু সুবক্তা নহয়, তেতিয়া তেওঁৰ চিন্তা প্ৰকাশ নহয় আৰু সমাজত আগবাঢি যাব নোৱাৰে । এই দুটা গুণৰ সংমিশ্ৰণেহে মানুহক সম্পূৰ্ণ কৰে।

আনহাতে সুবক্তা আৰু সুশ্ৰোতাৰ মাজত যোগাযোগ ৰক্ষা হোৱাতো প্ৰয়োজন ৷ সুবক্তা আৰু সুশ্ৰোতাৰ মাজৰ পাৰস্পৰিক নিৰ্ভৰশীলতাই হ’ল সফল যোগাযোগৰ মূল ভেটি। এই সম্পৰ্ক ইমানেই গভীৰ যে ইজনে সিজনৰ অবিহনে যোগাযোগ প্ৰক্ৰিয়াটো অসম্পূৰ্ণ হৈ পৰে। এজন সুবক্তাই তেওঁৰ শ্ৰোতাৰ পৰা পোৱা সঁহাৰিৰ ওপৰত নিৰ্ভৰ কৰি নিজৰ কথাৰ গতি আৰু বিষয়বস্তু সলনি কৰে। যদি শ্ৰোতাৰ মুখত নিৰাশা বা বুজি নোপোৱাৰ ভাৱ দেখা যায়, তেতিয়া সুবক্তাই ততালিকে নিজৰ কথা কোৱাৰ পদ্ধতি সহজ আৰু সলনি কৰিবলৈ চেষ্টা কৰে। আনহাতে, সুশ্ৰোতাৰ মনৰ প্ৰশ্ন আৰু বক্তাৰ প্ৰতি থকা গভীৰ আগ্ৰহ প্ৰকাশে বক্তাক আৰু অধিক বিশদভাৱে ব্যাখ্যা কৰিবলৈ উৎসাহিত কৰে। যেতিয়া এই দুয়োটা চৰিত্ৰই নিজৰ নিজৰ ভূমিকাৰ শ্ৰেষ্ঠত্ব প্ৰদৰ্শন কৰে, তেতিয়া আলোচনা বা যোগাযোগে তথ্য আদান-প্ৰদানৰ সীমা অতিক্ৰম কৰি জ্ঞানৰ এক উচ্চ পৰ্যায়ৰ বিনিময়লৈ উন্নীত হয়। তেতিয়াই এক সুস্থ পৰিৱেশৰ সৃষ্টি হয় আৰু ভুল বুজাবুজিৰ সম্ভাৱনা কমি যায় ৷ যাৰ ফলত মানৱীয় সম্পৰ্কবোৰ অধিক মধুৰ হৈ পৰে। পৰিয়াল, কাৰ্যালয়, শিক্ষানুষ্ঠান বা ৰাজহুৱা সভা— য’তেই নহওক কিয়, সুবক্তা আৰু সুশ্ৰোতাৰ সমন্বয়ে এনে এক ইতিবাচক শক্তিৰ সৃষ্টি কৰে, যিয়ে সমাজক সুস্থিৰতা আৰু উন্নতিৰ পথলৈ লৈ যায় ।

সুবক্তা আৰু সুশ্ৰোতাৰ এই গুণে সমাজত গভীৰ আৰু ইতিবাচক প্ৰভাৱ পেলায়। তেওঁলোকে বিবাদ আৰু সংঘাত হ্ৰাস কৰাত সহায় কৰে ৷ কাৰণ সুবক্তাই নিজৰ কথা স্পষ্টভাৱে আৰু যুক্তিসংগত ভাৱে প্ৰকাশ কৰে আৰু সুশ্ৰোতাই ধৈৰ্য সহকাৰে সেই কথা মনোযোগ দি শুনি বুজিবলৈ চেষ্টা কৰে। ফলত সৰু-সুৰা ভুল বুজাবুজিৰ পৰা উদ্ভৱ হোৱা  ডাঙৰ সংঘাতো সহজেই এৰাই চলিব পাৰে। ইয়াৰ উপৰিও তেওঁলোকে গণতান্ত্ৰিক মূল্যবোধকো শক্তিশালী কৰে ৷ কিয়নো য’ত মত বিনিময়ৰ স্বাধীনতা থাকে তাত সেই মতক মনোযোগেৰে শুনাৰ পৰম্পৰাও থাকে ৷ গতিকে তেনে সমাজতহে প্ৰকৃত গণতন্ত্ৰই গা কৰি উঠে। আনহাতে  সুবক্তাই বিভিন্ন দিশৰ চিন্তা উপস্থাপন কৰে, আৰু সুশ্ৰোতাই সেইবোৰ গ্ৰহণ কৰি সুস্থ আলোচনাৰ বাট মুকলি কৰে। ইয়াৰ উপৰিও, তেওঁলোকে জ্ঞানৰ প্ৰসাৰ আৰু সৃজনী শীলতাক উদগনি যোগায়। এজন সুবক্তাই দিয়া নতুন ধাৰণা বা চিন্তাক সুশ্ৰোতাই তৎপৰতাৰে গ্ৰহণ কৰি তাৰ ওপৰত ভিত্তি কৰি নতুন সৃষ্টিৰ পথ মুকলি কৰিব পাৰে। এই পাৰস্পৰিক সহযোগিতাই সমাজৰ সকলো ক্ষেত্ৰতে উন্নতিৰ পথ মুকলি কৰে। সমাজৰ প্ৰতিটো স্তৰতে, নেতাই জনসাধাৰণৰ কথা মনোযোগেৰে শুনা আৰু জনসাধাৰণে নেতাৰ কথা মনোযোগেৰে গ্ৰহণ কৰাটো অতি জৰুৰী। এই গুণ সমূহে সমাজক কেৱল এখন সুস্থ সমাজলৈ ৰূপান্তৰিত কৰাই নহয়, বৰং ইয়াক প্ৰগতিৰ শিখৰলৈও লৈ যায়। সেয়েহে, তেওঁলোক কেৱল ব্যক্তি হিচাপে নহয়, বৰঞ্চ এক সুস্থিৰ আৰু উন্নত সমাজ গঠনৰ ভেটি হিচাপে আদৰণীয় হৈ পৰে ।

পৰিশেষত ক’ব পাৰি যে– সুবক্তা আৰু সুশ্ৰোতা সমাজৰ দুটা নিৰ্দিষ্ট চৰিত্ৰ হ’লেও, তেওঁলোকৰ মাজৰ সু-সম্পৰ্কই এক আদৰ্শ সমাজৰ প্ৰতিচ্ছবি দাঙি ধৰে। সুবক্তাৰ বাচন ভংগীৰ গুণ আৰু সুশ্ৰোতাৰ গ্ৰহণশীলতাৰ ক্ষমতাই যোগাযোগৰ ধাৰাটোক এক উচ্চ শিখৰলৈ লৈ যায়। তেওঁলোকৰ আদৰণীয়তাৰ মূল কাৰণ হ’ল— তেওঁলোকে মানুহৰ মনক মূল্য দিয়ে, জ্ঞানৰ প্ৰতি শ্ৰদ্ধা জনায় আৰু পাৰস্পৰিক বুজাবুজিৰে সম্পৰ্ক স্থাপন কৰে। এই গুণবোৰ অৰ্জন কৰিবলৈ সকলো মানুহে যত্ন কৰা উচিত। আমি সকলোৱে ভালকৈ কথা কোৱা আৰু ভালকৈ শুনাৰ অভ্যাস কৰিলেহে সমাজত শান্তি, প্ৰগতি আৰু বুজাবুজিৰ পৰিৱেশ গঢ়ি উঠিব।

(লেখক অৱসৰপ্ৰাপ্ত শিক্ষক, উত্তৰ জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়) , জ্যেষ্ঠ সাংবাদিক,  প্ৰতিষ্ঠাপক সম্পাদক — শোণিতপুৰ জিলা সাংবাদিক সন্থা ৷