সমাজত আলু পাচলিৰ দৰে থকা ব্যক্তিত্বটো বৰ
চন্দ্ৰ শেখৰ পৰাজুলী, বিশ্বনাথ চাৰিআলি
আচলতে আমি সকলোৱে আলুক পাচলিৰ ৰজা বুলি জানো । কাৰণ আলুয়ে হল এনে এবিধ একমাত্ৰ পাচলি যিয়ে প্ৰায় প্ৰতিটো ভাজিৰ লগত সহজেই মিলি যাবলৈ সক্ষম হয়। অৰ্থাৎ পাচলিৰ ক্ষেত্ৰত হয়তো আলুয়ে নিজৰ উচ্চ গুণগত মানদণ্ড পদৰ্শন কৰিলেও কিন্তু সমাজত জীৱন ধাৰণ কৰি অহা জীৱ শ্ৰেষ্ঠ মানুহৰ ক্ষেত্ৰত ইয়াৰ সম্পূৰ্ণৰূপে বিপৰীত ধৰণৰ পতিক্ৰিয়া সৃষ্টি হোৱা পৰিলক্ষিত হয় । কাৰণ আমাৰ সামাজত কিছু কিছু মানুহে প্ৰায় সকলোবোৰ মানুহৰ লগত সমানে মিলি অৰ্থাৎ শত্ৰু পক্ষতো ভাল আৰু মিত্ৰ পক্ষতো ভাল হৈ থাকিবলৈ বিচাৰে তেন্তে তেনেধৰণৰ মানুহৰ পৰা পৰাপক্ষত সাৱধান হৈ থকাটো উচিত হব। মহাভাৰত যুদ্ধ আৰম্ভ হোৱাৰ আগতে সকলোবোৰ বিৰ যোদ্ধাক ভগবান শ্ৰীকৃষ্ণই এফালৰ পৰা প্ৰশ্ন কৰি গৈছিল যে, আপোনালোকে কোনে কোনটো পক্ষত থিয় হৈ যুদ্ধত অৱতীৰ্ণ হবলৈ ইচ্ছা প্ৰকাশ কৰিব। সেই সময়ত প্ৰায়বোৰ বিৰ যোদ্দায়ে নিজ নিজ মতামত শ্ৰীকৃষ্ণৰ আগত স্পষ্ট ৰূপত দাঙি ধৰিলে। কিন্তু তাৰে মাজতে এজন মহান যোদ্ধা বৰবৰিক অৰ্থাৎ বৰবৰিক যিটো পক্ষত থিয় হৈ যোদ্ধা কৰিবলৈ প্ৰস্তুত হব সেই পক্ষটো যদি অতি দূৰ্বল ধৰণৰ হয় তথাপিও বৰবৰিকৰ সহযোগত অতি সহজেই যুদ্ধ জয় হোৱাটো নিশ্চিত আছিল বুলি ধৰি লোৱা হৈছিল । সেইকাৰণে শ্ৰীকৃষ্ণই মনতে ভাবিছিল যে বৰবৰিক পাণ্ডৱ তথা শ্ৰীকৃষ্ণৰ পক্ষত থিয় দি যুদ্ধত অংশগ্ৰহণ কৰাটো ভাল আছিল বুলি। কিন্তু শ্ৰীকৃষ্ণই গৈ যেতিয়া বৰবৰিক প্ৰশ্ন কৰে যে, তুমি কাৰ পক্ষত থিয় দি যুদ্ধত অৱতীৰ্ণ হবলৈ ইচ্ছা প্ৰকাশ কৰিবা। তেতিয়া বৰবৰিকে শ্ৰীকৃষ্ণক এই বুলি কৈছিল যে,যুদ্ধ চলি থাকোতে যিটো পক্ষয়ে হাৰি যোৱা যেন অনুভৱ হব মই গৈ সেইটো পক্ষৰ পিনে থিয় দি যুদ্ধ কৰিবলৈ আৰম্ভ কৰি দিম। অৰ্থাৎ মই দুয়োটা পক্ষতে সমানে সহযোগিতা প্ৰদান কৰি যাম। বৰবৰিকৰ পৰা এনেকুৱা ধৰণৰ অনাস্পষ্ট ধৰণৰ কথা শুনি শ্ৰীকৃষ্ণই মনতে ভাবিলে যে বৰবৰিকে যদি ঠিক এনেকুৱা কিবা কৰে তেন্তে মহাভাৰতৰ যুদ্ধ কেতিয়াও সমাপ্ত হৈ নাযায়। সেয়েহে বৰবৰিকে অন্তিমত গৈ এক জটিল ধৰণৰ সমস্যাৰ উদ্ভাৱন কৰিব বুলি গম পায় লগে লগেই বৰবৰিক শিৰচ্ছেদ কৰি দিলে। আৰু শ্ৰীকৃষ্ণই মহাভাৰতৰ ৰণ স্থলীত গছ এখনত তেওঁৰ শিৰ ওলমাই দি একেবাৰে নিমাত হৈ যুদ্ধখনি উপভোগ কৰি থাকিবলৈ কলে। এই ঘটনাৰ সন্দৰ্ভত ভগৱান শ্ৰীকৃষ্ণক প্ৰশ্ন কৰি বহুতেই শুধিলে যে, প্ৰভু আপুনি বৰবৰিকৰ কি কাৰণত শিৰচ্ছেদ কৰিলে ? তেঁওৰ ভুলটো কত আছিল প্ৰভু ??তেতিয়া ভগৱান শ্ৰীকৃষ্ণই সকলোকে একেবাৰে বিতংকৈ বুজাই কলে যে, সমাজত শত্ৰুৰ পক্ষতো আৰু মিত্ৰ জনাৰ পক্ষতো ঠিয় দিয়া মানুহবোৰতকৈ ভংয়কৰ আৰু কোনো নাই। অৰ্থাৎ কোনো এটা পক্ষ নোলোৱাকৈ মাজত থিয় হৈ থকাটো অতি ভংয়কৰ। তেনেকুৱা ধৰণৰ মানুহৰ পৰা অকস্মতে গৈ বহু ডাঙৰ ডাঙৰ ঘটনা সংগঠিত হৈ যাব পাৰে। সেয়েহে এই মহাভাৰতৰ যুদ্ধখনি এক নিকা,শুদ্ধ ধৰণৰে পৰিসমাপ্তি ঘটে সেইবাবে মই বৰবৰিকৰ দৰে এজন মহান যোদ্ধাৰ শিৰচ্ছেদ কৰিবলৈ বাধ্য হৈ পৰিলোঁ। অৰ্থাৎ উপৰোক্ত আলোচনাৰ জৰিয়তে কথা এটা স্পষ্ট হৈ পৰিল যে,সমাজত আলু পাচলিৰ দৰে থকা ব্যক্তিত্বটো বৰ ভয়াবহ ।