সমাজকৰ্মী প্ৰদীপ কুমাৰৰ মৃত্যুত পলাশবাৰীত গভীৰ শোকৰ ছাঁ

সমাজকৰ্মী প্ৰদীপ কুমাৰৰ মৃত্যুত পলাশবাৰীত গভীৰ শোকৰ ছাঁ

মিৰ্জা,ৰঙিলী বাৰ্ত্তাসেৱা- অসম ৰাজ্যিক পাঠ্যপুথি প্ৰকাশন আৰু প্ৰণয়ন নিগমৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী তথা পলাশবাৰী অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী প্ৰদীপ কুমাৰৰ যোৱা ৮ নৱেম্বৰৰ নিশা নিজ বাসভৱনত মৃত্যু হয় ৷ বিগত প্ৰায় দুটা বছৰ ধৰি দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ অকাল মৃত্যুক আকোঁৱালি লোৱা প্ৰয়াত কুমাৰ পলাশবাৰী ৰাস মহোৎসৱ সমিতিৰ মুখপত্ৰ ৰাসক্ৰীড়াৰ বহুকেইটা সংখ্যাৰ যুটীয়া সম্পাদক, পলাশবাৰী সংস্কৃতি বিকাশ ভৱনৰ প্ৰাক্তন খেল সম্পাদক আৰু বৰ্তমানৰ সহকাৰী সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ উপৰি অঞ্চলটোৰ বহুকেইটা অনুষ্ঠানৰ সৈতে ওতপ্ৰোতভাবে জড়িত লগতে ব্ৰীজ আৰু কেৰম খেলৰ তেওঁ এগৰাকী দক্ষতা সম্পন্ন খেলুৱৈ আছিল ৷ ৬৫ বছৰীয়া জীৱন কালত প্ৰদীপ কুমাৰে বহুকেইখন গ্ৰন্থ আলোচনী সম্পাদনা কৰি উলিয়াইছে ৷ পলাশবাৰী বৰাতলি নিবাসী প্ৰদীপ কুমাৰৰ মৃত্যুত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে ৷