সমাজকৰ্মী আব্দুল ৰহমানৰ মৃত্যু

সমাজকৰ্মী আব্দুল ৰহমানৰ মৃত্যু

ৰঙিলী বাৰ্ত্তাসেৱা- মহানগৰীৰ ধীৰেনপাৰাৰ নিবাসী,সমাজকৰ্মী আব্দুল ৰহমানৰ ২৯ নৱেম্বৰত পুৱা ৫ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হয়৷মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬৯ বছৰ৷তেওঁ সহজ সৰল,অমায়িক স্বভাৱৰ লোক আছিল৷ৰহমানৰ মৃত্যুত অঞ্চলটোত এক শোকৰ ছাঁ পৰে৷তেওঁ গুৱাহাটীৰ চানমাৰিস্হিত গড়কাপ্তানী বিভাগত উচ্চ বৰ্গৰ সহায়ক হিচাপে কাম কৰি অৱসৰ গ্ৰহণ কৰিছিল৷ৰহমানে অঞ্চলটোৰ নুৰ ই মছজিদ কমিটীৰ বিত্ত বিভাগৰ সম্পাদক হিচাপে কাম কৰাৰ উপৰিও মৃত্যুৰ আগলৈকে বিভিন্ন অনুষ্ঠান- প্ৰতিষ্ঠানৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আছিল৷তেওঁ মৃত্যুৰ সময়ত সহধৰ্মিণী,ল’ৰা দুজন সহ অনেক গুণমুগ্ধক এৰি যায়৷