সমাগত ২০২৪ৰ লোকসভা নিৰ্বাচনত ৫০ শতাংশ ভোটৰ লক্ষ্য বিজেপিৰ

সমাগত ২০২৪ৰ লোকসভা নিৰ্বাচনত ৫০ শতাংশ ভোটৰ লক্ষ্য বিজেপিৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  তিনি ৰাজ্যত চমকপ্রদ বিজয়ে উজ্জীৱিত হৈ থকা বিজেপিয়ে একেৰাহে তৃতীয়বাৰৰ বাবে দিল্লী দখলৰ বাবে ৰণনীতি প্রস্তুত কৰি তুলিছে। দলটোৱে ২০২৪ৰ লোকসভা নির্বাচনত বিগত নির্বাচনতকৈ অধিক আসন জয়ৰ পৰিকল্পনাৰে নির্বাচনী নীতি সাজু কৰিছে। ৩৫০তকৈ অধিক আসন জয়েৰে ক্ৰমাগতভাবে তৃতীয়বাৰ বাবে দিল্লীৰ গাদীত অধিষ্ঠিত হোৱাৰ লক্ষ্য লৈ ইতিমধ্যে টঙালি বান্ধিছে বিজেপিয়ে। নতুন দিল্লীৰ মুখ্য কাৰ্যালয়ত বিজেপি নেতাৰ সৈতে হোৱা ৰুদ্ধদ্বাৰ বৈঠকত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ২০২৪ৰ লোকসভা নির্বাচনত বিজয় নিশ্চিত কৰাই নহয়, পূর্বতকৈ অধিক আসন আৰু ভোটৰ শতাংশ বৃদ্ধিৰ বাবে মিছন মুডত কাম কৰিবলৈ নেতা-কর্মীক পৰামর্শ আগবঢ়াইছে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ সভাপতিত্বত অনুষ্ঠিত, নির্বাচনী ৰণনীতি বিশেষজ্ঞ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ উপস্থিতিত নতুন দিল্লীত অনুষ্ঠিত হৈ যোৱা বৈঠকত প্রধানমন্ত্রী মোদীয়ে দলীয় নেতাক ২০২৪ৰ লোকসভা নির্বাচনত ৫০ শতাংশতকৈ অধিক ভোট লাভ কৰাটো নিশ্চিত কৰিবলৈ নির্দেশ দিছে। তদুপৰি প্রধানমন্ত্রী মোদীয়ে কয় যে ২০১৯ চনৰ লোকসভা নির্বাচনত ৩০৩খন আসন লাভ কৰা বিজেপিয়ে ২০২৪ চনত ইয়াতকৈ অধিক আসন লাভ কৰাটো নিশ্চিত যদিহে মিছন মুডত নেতা-কর্মীসকল কাম কৰি যায়। দলীয় নেতা- কর্মীসকলক ৪ জাতি বিশেষকৈ যুৱ, দৰিদ্র, মহিলা আৰু কৃষকৰ প্ৰতি লক্ষ্য ৰাখি কাম কৰি যাবলৈ নির্দেশ দিয়ে প্রধানমন্ত্রীগৰাকীয়ে। আনপিনে লোকসভা নির্বাচন আগতীয়াকৈ অনুষ্ঠিত কৰাৰ বাবেও বিজেপিয়ে পৰিকল্পনা কৰি আছে বুলি চর্চিত হৈছে। বৈঠকত এই সন্দর্ভত কি সিদ্ধান্ত গ্রহণ কৰা হৈছে, সেয়া স্পষ্ট হোৱা নাই যদিও বিজেপিৰ লোকসভা নির্বাচনক লৈ কৰা ৰণনীতিয়ে নির্বাচন আগতীয়াকৈ অনুষ্ঠিত হোৱাৰ ইংগিত দিছে। দেশৰ দক্ষিণ-পূব অঞ্চলৰ ১৬০টা সমষ্টিত দলটোৰ স্থিতি দুৰ্বলৰ প্ৰতি লক্ষ্য ৰাখি সেই সমষ্টিকেইটাত দলটোৱে বিশেষ গুৰুত্ব সহকাৰে মিছন মুডত কাম কৰি যোৱাৰো লক্ষ্য নির্ধাৰণ কৰিছে। কংগ্রেছৰ প্রাক্তন সভানেত্রী ছোনিয়া গান্ধীয়ে প্রতিনিধিত্ব কৰা ৰায়বেৰেলি লোকসভা সমষ্টি, সমাজবাদী পার্টীৰ ডিম্পল যাদবে প্রতিনিধিত্ব কৰা মেইনপুৰী সমষ্টিকে ধৰি দেশৰ বিজেপিৰ স্থিতি দুৰ্বল ১৬০টা সমষ্টিক লৈ বিশেষ ৰণনীতি প্রস্তুত কৰিছে দলটোৱে। এই ১৬০টা সমষ্টিত আগতীয়াকৈ প্রার্থী ঘোষণা কৰাৰ পৰিকল্পনা কৰিছে দলটোৱে।