সমাগত নৱবৰ্ষক লৈ শংকা
প্ৰাণ প্ৰতিমা বড়া
অধিবক্তা তথা লেখিকা,গুৱাহাটী
বৰ্তমান সময়বোৰ আমাৰ বাবে বৰ জটিল হৈ পৰিছে ৷ যুৱপ্ৰজন্মৰ মাজত দিনকদিনে বাঢ়ি অহা অপৰাধ প্ৰৱণতা, অস্থিৰতাৰ বাবে সমাজখনলৈ ভাবুকি আহি পৰিছে ৷ ২০২৫ চনটো আমাৰ বাবে অত্যন্ত দুখজনক সময় হিচাপে পৰিগণিত হৈছে কিয়নো আমাৰ জাতীয় সত্ত্বা জুবিনদাক হেৰুৱাই আমি দুখত দিন কটাবলগীয়া হৈছে ৷ দুখ-শংকাৰ মাজেৰে আমি দিন কটাইছোঁ৷ আমি ২০২৬ চনটোক আদৰিবলৈ সাজু হৈছোঁ যদিও মনত হেজাৰটা ভয় আৰু শংকাই থিতাপি লৈছে ৷ নৱবৰ্ষৰ আদৰিবলৈ আমি সাজু হৈছোঁ ৷কিন্তু যুৱপ্ৰজন্মৰ মনঃস্তত্ত্বৰ দিশটো চাবলৈ গ’লে তেওঁলোকৰ উৎসৱ আৰু উদযাপন মানে বেছিভাগৰে মাদক দ্ৰৱ্য সেৱনৰ লগতে নিচাসক্ত মানসিকতাৰে নানানটা অপৰাধজনিত কাৰণ জড়িত হৈ থাকে ৷ উশৃঙ্খলভাৱে ডাঙৰ-সৰু গণ্য নকৰা মানসিকতাৰে যুৱপ্ৰজন্মই যেতিয়াই তেতিয়াই অৰাজকতাৰ সৃষ্টি কৰিবলৈ লৈছে ৷ বৰ্তমান সময়বোৰ যথেষ্ট গধুৰ হৈ পৰিছে ৷ এটি শুভ সময়ৰ বাবে আমি আশাবাদী যদিও বাটে-পথে বিভিন্ন ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সন্মুখীন হোৱাৰ ভয় এটাই অনবৰতে মনত থিতাপি লৈছে ৷ বেছিভাগ পৰিয়ালৰ মনত যেন এই শংকাবোৰে মনত অশান্তি দি আহিছে ৷ নিচাসক্ত , মাদক দ্ৰৱ্য সেৱনৰ ফলত বৰ্তমান যুৱপ্ৰজন্মৰ মাজত অস্থিৰ মানসিকতাৰ ফলত দিনকদিনে বাঢ়ি অহা অপৰাধ প্ৰৱণতাই গ্ৰাহ কৰাৰ ফলত কিমান পৰিয়ালৰ লোকে একোটা অনাকাংক্ষিত বিপদৰ বাবে চিন্তাত দিন নিয়াব লাগে তাৰ কোনো ঠিকনা নোহোৱা অৱস্থা এটা আহি পৰিছে ৷ বন্ধুৰ হাতত বন্ধুৰ হত্যা, ধৰ্ষণ, পুত্ৰৰ হাতত পিতৃ-মাতৃৰ প্ৰাণনাশ এনেবোৰ অপৰাধ দিনকদিনে বাঢ়ি অহা আমি দেখিবলৈ পাওঁ ৷ এনেবোৰ অপৰাধৰ বাবে একোটা পৰিয়ালৰ লগতে একো-একোখন সমাজৰ বাবেই ভাবুকি আহি পৰিছে ৷ গতিকে নৱবৰ্ষৰ উদযাপনকৈ মনলৈ অহা ভাবুকিয়েহে আমাৰ মনবোৰ অস্থিৰ কৰি তুলিছে ৷
