সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিষয়টোক লৈ কংগ্ৰেছ আৰু এআইইউডিএফক সমালোচনা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ 

সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিষয়টোক লৈ কংগ্ৰেছ আৰু এআইইউডিএফক সমালোচনা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ 

ৰঙিলী বাৰ্ত্তাসেৱা-  সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰুদ্ধাচৰণ কৰি অহা প্ৰধান বিৰোধী দল কংগ্ৰেছক তীব্র সমালোচনা কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে কংগ্ৰেছে প্রতিবাদ কৰিবই। কংগ্ৰেছৰ দোকান ৫০ বছৰলৈ বন্ধ হৈ গ’ল। সমষ্টি পুনৰ নিৰ্ধাৰণ হৈ যোৱাৰ পাছত কংগ্ৰেছৰ চকুৰে ইমান পানী ওলাব যে বৰষুণৰ পানীয়েও বীট  কৰিব নোৱাৰিব। ধুমুহা-বৰষুণতকৈ কংগ্ৰেছৰ চকুপানী বেছি হ’ব। সেইদৰে এআইইইডিএফ দলকো তীব্র কটাক্ষ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- এআইইউডিএফে আন্দোলন কৰিলে মোৰ শাস্তিত টোপনি আহে। এআইইউডিএফ-আজমলৰ মানুহ চটফটালে সেইদিনা ৰাতি মোৰ ভাল টোপনি হয়। পিছদিনা সাংবাদিকৰ লগতো স্ফূৰ্তিত কথা পাতো । এআইইউডিএফক জ্বালা দিবলৈয়ে তেওঁ মুখ্যমন্ত্ৰী হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই পুনৰ কয় যে বাঁওপন্থী আৰু আজমলৰ মানুহ চটফটালে ৰাতি তেওঁৰ ভাল টোপনি হয়। আনহাতে, বৰাক উপত্যকাৰ প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, বৰাকৰ যিসকলে ভাৰতীয় হিচাপে জীয়াই থাকিব বিচাৰে সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাখনক লৈ তেওঁলোকৰ মনত পাৰভগা উছাহ। বৰাক বিজেপিৰ লগতে শিলচৰৰ সাংসদ ডাঃ ৰাজদীপ ৰয়ে মোক সাক্ষাৎ কৰি খচৰাখনৰ বাবে ধন্যবাদহে জনাইছে। অৱশ্যে মই এই ধন্যবাদ দেশৰ নিৰ্বাচন আয়োগক জনাবলৈহে তেওঁলোকক পৰামৰ্শ দিছোঁ। বৰাক উপত্যকাত উত্থাপন হোৱা পৃথক বৰাকৰ দাবীটো অন্য বিষয় বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই কয় যে কৰিমগঞ্জ লোকসভা সমষ্টিটো বহুদিন ধৰি অনুসূচিত জাতিৰ বাবে সংৰক্ষিত আছিল। এইবাৰ সমষ্টিটো সংৰক্ষণমুক্ত হোৱাত জনসাধাৰণে ভাল পাইছে।