সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাৰ পদত্যাগ

সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাৰ পদত্য

ৰঙিলী বাৰ্ত্তাসেৱা- আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাৰ পদত্যাগ। অগপ দলৰ সাধাৰণ সম্পাদকৰ লগতে দলৰ সমূহ বিষয়বাবৰ পৰা অব্যাহতি বিচাৰি সভাপতিলৈ পত্ৰ প্ৰেৰণ বিধায়কগৰাকীৰ। সমষ্টি পুনৰ নিৰ্ধাৰণৰ চৃড়ান্ত তালিকাত আমগুৰি সমষ্টি বিলুপ্তি হোৱাৰ পাছতেই এই সিদ্ধান্ত গ্ৰহণ কৰে প্ৰদীপ হাজৰিকাই। আমগুৰি সমষ্টি বিলুপ্তিৰ পাছতেই সমষ্টিবাসীয়ে তীব্ৰ প্ৰতিবাদ, প্ৰতিক্ৰিয়া তথা তেওঁৰ ভূমিকাত অসন্তুষ্টি প্ৰকাশ কৰাৰ বাবে এই সিদ্ধান্ত লোৱা বুলি পত্ৰত উল্লেখ কৰে বিধায়কগৰাকীয়ে। তেওঁ পত্ৰখনিত স্পষ্টভাৱে উল্লেখ কৰিছে যে- ‘বিধায়ক হিচাপেই নহয় অগপ দলৰ এজন জ্যেষ্ঠ কর্মকর্তা হিচাপেও দলৰ স্বাৰ্থ সুৰক্ষিত কৰি ৰখা আৰু নিজৰ সমষ্টিবাসী ৰাইজৰ ভৱিষ্যতৰ সুৰক্ষা দিয়াৰ বিফলতাৰ নৈতিক দায়িত্ব মূৰ পাতি লৈ তৎকালে বলৱৎ হোৱাকৈ অগপ দলৰ সাধাৰণ সম্পাদক, দলৰ কেন্দ্ৰীয় সমিতিৰ সদস্য পদ তথা সমূহ সাংগঠনিক বিষয় বাব আৰু দায়িত্বৰ পৰা অব্যাহতি বিচাৰি এই পত্ৰ যোগে মোৰ পদত্যাগ কৰিলো।’