সমর্থ প’র্টেলত স্নাতকৰ নামভর্তি প্রক্রিয়া আৰম্ভ

সমর্থ প’র্টেলত স্নাতকৰ নামভর্তি প্রক্রিয়া আৰম্ভ

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যৰ শিক্ষা বিভাগে উচ্চ শিক্ষানুষ্ঠানসমূহত স্নাতক পাঠ্যক্রমত নামভৰ্তিৰ বাবে জাননী জাৰি কৰিছে। শিক্ষা বিভাগে ‘সমর্থ’ প’ৰ্টেলৰ যোগেদি চলিত ২০২৫-২৬ বৰ্ষৰ স্নাতক পাঠ্যক্ৰমৰ নামভর্তি সম্পর্কীয় সময়সূচী প্রকাশ কৰিছে। চলিত বৰ্ষৰ ১১ এপ্রিলত সমর্থ প’র্টেলযোগে ছাত্ৰ-ছাত্ৰীৰ পঞ্জীয়ন আৰম্ভ কৰা হৈছিল। বিভাগীয় নির্দেশনা অনুসৰি অহা ১২ মে’ৰ পৰা নামভৰ্তি সম্পৰ্কীয় ব্যৱস্থাসমূহ আৰম্ভ হ’ব। প্রকাশিত নিৰ্দেশনা অনুসৰি অনা-উমৈহতীয়া বিশ্ববিদ্যালয় বাছনি পৰীক্ষাত অৰ্থাৎ নন-চিইউইটিৰ প্ৰাৰ্থীসকলৰ ক্ষেত্ৰত অহা ১২ মে’ৰ পৰা ২২ মে’লৈকে আবেদনকাৰীৰ দ্বাৰা পাঠ্যক্ৰম নির্বাচন আৰু শিক্ষানুষ্ঠানৰ দ্বাৰা আবেদনসমূহৰ পৰীক্ষণ প্ৰক্ৰিয়া আৰম্ভ হ’ব। ২৩ৰ পৰা ২৫ মে’লৈকে ছাত্ৰ-ছাত্ৰীৰ বাবে সংশোধনৰ সময়সীমা, ২৬-২৮ মে লৈকে উচ্চ শিক্ষানুষ্ঠানৰ দ্বাৰা সংশোধিত আবেদনৰ পৰীক্ষণ যদি থাকে সেয়া সম্পন্ন কৰা হ’ব। ২৯ মে’ৰ পৰা ১ জুনৰ ভিতৰত প্ৰথমখন মেধাৰ তালিকা প্ৰস্তুত কৰি চূড়ান্ত কৰাৰ লগতে ২ জুনত প্রথম মেধাৰ তালিকা প্রকাশ কৰা হ’ব। ৪-৫ জুনত প্রথম মেধা তালিকাত অন্তর্ভুক্ত ছাত্ৰ-ছাত্ৰীৰ নামভর্তি প্রক্রিয়া সম্পন্ন কৰা হ’ব। ৬ জুনত দ্বিতীয়খন মেধাৰ তালিকা প্ৰস্তুত কৰা হ’ব আৰু ৭ জুনত উক্ত তালিকাখন প্রকাশ কৰা হ’ব। ৯-১০ জুনত তালিকাখনত অন্তর্ভুক্ত ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ হ’ব। ১১-১৪ জুনত থিতাতে হোৱা নামভর্তি অর্থাৎ স্প’ট এডমিছন আৰম্ভ হোৱাৰ পাছতে অহা ১ আগষ্টৰ পৰা প্ৰথম ষাণ্মাসিকৰ শ্ৰেণীসমূহ আৰম্ভ হ’ব। আনহাতে উমৈহতীয়া বিশ্ববিদ্যালয় বাছনি পৰীক্ষা অর্থাৎ চিইউইটিৰ জৰিয়তে নিৰ্বাচিত প্রার্থীসকলৰ নামভৰ্তিৰ ক্ষেত্ৰত অহা ৫ জুলাইৰ পৰা সকলো প্ৰক্ৰিয়া আৰম্ভ হ’ব। বিভাগীয় নির্দেশনা মতে অহা ৫ জুলাইৰ পৰা ১৩ জুলাইলৈকে পঞ্জীয়ন, আবেদনকাৰীৰ দ্বাৰা পাঠ্যক্রম নির্বাচন আৰু শিক্ষানুষ্ঠানসমূহৰ দ্বাৰা আবেদনসমূহৰ পৰীক্ষণ প্ৰক্ৰিয়া আৰম্ভ হ’ব। ১৪-১৫ জুলাইত সংশোধন আৰু ১৬-১৮ জুলাইলৈকে যদি শিক্ষানুষ্ঠানসমূহৰ দ্বাৰা সংশোধিত আবেদনৰ পৰীক্ষণ থাকে সেয়া কৰা হ’ব। ১৯ জুলাইত প্রথম মেধা তালিকা প্ৰস্তুত কৰি প্ৰকাশ কৰা হ’ব। ২১-২২ জুলাইত উক্ত তালিকাৰ অন্তৰ্ভুক্ত ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ হ’ব। ২৩ জুলাইত দ্বিতীয় মেধাৰ তালিকা প্ৰস্তুত কৰি প্ৰকাশ কৰা হ’ব আৰু ২৫-২৬ জুলাইত নামভর্তি প্রক্রিয়া হ’ব। ২৮ জুলাইত স্প’ট এডমিছন আৰু ১ আগষ্টত প্রথম ষাণ্মাসিকৰ শ্ৰেণী আৰম্ভ হ’ব। অৱশ্যে চিইউইটিৰ ফলাফল ঘোষণাৰ সময়ৰ সৈতে সংগতি ৰাখি এই সময়সূচী পৰিৱৰ্তন হোৱাৰো সম্ভাৱনা নথকা নহয় বুলি বিভাগে সদৰী কৰিছে। আনহাতে, ১ আগষ্টৰ পৰা ৫ আগষ্টলৈকে পৰৱৰ্তী নামভৰ্তিকৰণ প্ৰক্ৰিয়াসমূহ আৰম্ভ হ’ব।