সময় – মধুস্মিতা শৰ্মা

PC- Toppr
সময়  
মধুস্মিতা শৰ্মা
সোণাপুৰ
আজিকালি বন্দুক-বাৰুদবোৰ বৰ সহজতে পায়,
তেনেকৈ মৃত্যুও –
কলমবোৰহে বৰ লেহুকা হ’ল
নিববোৰে লেখিব নোৱাৰে
দুঃসাহসী শব্দবোৰ ,
লেখিব পৰা কলমবোৰ মৌন হয় স্বাৰ্থত,
কোনোবাটোৱে পৃষ্ঠাভৰা তোষামোদ লেখি
আদায় কৰে চিয়াহীৰ দাম,
কোনোবাটো আকৌ ভোগ-লালসাত বিক্ৰী হয়,
 কিছুমান কলমে সৃষ্টি কৰে অশান্ত পৰিৱেশ,
আজি কালি কলমতকৈ বন্দুকৰ ওজন বেছি ,
সময় এতিয়া চক্ৰবেহুত আবদ্ধ !
মই চাই থাকোঁ,
মোৰ কলম লেখিব পৰাকৈ শাণ ধৰা নাই,
কলমৰ দুৰ্দশা দেখি মোৰ বৰ ভয় হয়,
হেৰুৱাব নে কি কলমে নিজৰ সন্মান ?
মোৰ কলমটো সাজু  কৰিম নিৰ্ভীকতাৰে
ঠিয় দিম সকলো অন্যায়ৰ বিৰুদ্ধে ,
সময়ক গঢ়িম সচেতন হোৱাকৈ ।