সময় নিষ্ঠুৰ নে নিয়তি – ইভা গান্ধীয়া ফুকন 

PC - Wallpaper.com
সময় নিষ্ঠুৰ নে নিয়তি
 ইভা গান্ধীয়া ফুকন 
বৰষুণৰ দুপৰত ভাঁহি আহে
কৰুণ বাঁহীৰ সুৰ
ডাৱৰৰ আঁৰৰ বেলি উজ্বলে
বন্যাতৰ কপালত
নদী- উপনদী ওফন্দি উঠিছে
ঘৰ- দুৱাৰ, পশুধন, খেতি- পথাৰ সকলো বানত বুৰিছে
শুবলৈ নিদিয়া টোপনিটোৱে কেনেকৈ যায় পাহৰি
প্ৰাণটোলৈ কোনোমতে আছে আশ্ৰয় লৈ
ওখ ঠাই,মথাউৰি কিম্বা চৰকাৰী বিদ্যালয়ত
বন্যাতৰ হাহাঁকাৰ
সময় কাৰো বাবে আপোন নহয়
যেনেদৰে চিৰস্থায়ী নহয় জীৱন
বান আহে আৰু যায়
তাতনো কি নতুনত্ব
বানপানী এটা শব্দ নহয়
ই অসমৰ স্বচ্ছন্দতাৰ প্ৰতীক
মনৰ মাজতে বানৰ এখন পাইকাৰী দোকান
সুলভ মূল্যত বিক্ৰী হয় বন্যাতৰ সপোন
পানীৰ সতে সহবাস
পিয়াহত মৰে পিয়াহাতুৰ
সময় নিষ্ঠুৰ নে নিয়তি
নে বানৰ চাকনৈয়াত
হেৰায় জীৱনৰ সুঁতি
প্ৰসববেদনা ,মৃতকৰ শ্ৰাদ্ধ
বানে ধোৱা ঘৰৰ আলহী হয়
বতাহ বাঢ়ি গ’লে
পানীৰ ঢৌবোৰ গভীৰ হয়
যন্ত্ৰণাত দহে বুকু
মূৰ তুলি চাই থাকি আকাশ
কমলা কুঁৱৰী পানীত ডুব যায়
ৰাতিবোৰ গহীন
দিনবোৰ জয়াল
চাৰিওফালে মাথোঁ হুমুনিয়াহ
একাঁজলি বান সাহায্যৰ অপেক্ষা
বিজুলী সংযোগ বিচ্ছিন্ন
কেৰাচিনৰ বেজাৰত লেম্প লুকাল
মমবাতিৰ পোহৰত সময় হেৰাল
প্ৰাণৰ মমতাত জীয়াই থকাৰ সংগ্ৰাম  !