সময়
বিশ্বৰ শক্তিশালী যোদ্ধা হল ধৈৰ্য্য আৰু সময়,
জীৱন শূন্য যদি কৰোঁ ইয়ালৈ ভয়,
মোৰ প্ৰতি উশাহে সময়ক মাতে,
মোৰ প্ৰতি কান্দোনত সময়ে গতি কৰে।
অতীতক সময়ে নোৱাৰে উভতাব,
ভৱিষ্যতক সময়ে নোৱাৰে বুজাব।
সময় মাথোঁ সেইটো যিয়ে আমাক বান্ধি ৰাখিছে,
সময় মাথোঁ সেইটো যিয়ে মানুহক মানুহ বনাইছে।
এলেহুৱা হলে সময়ে ভয়ংকৰ ৰূপ ল’ব,
যিয়ে আমাক সকলোফালৰ পৰা পৰিৱৰ্তন কৰিব।
সৎ মানুহক আনিব পাৰে দানৱৰ ৰূপলৈ,
দানৱক আনিব পাৰে উচিত পথলৈ।
সময়ে কাৰ বাবেনোঁ ৰৈ থাকিব,
সময়ে কাৰ কেতিয়া মৃত্যুক মাতিব।
সময়ৰ নাই শেষ আৰু আৰম্ভণি,
সময় এনে বস্তু যি কোনো মুহূৰ্ততে আনিব পাৰে তৃপ্তি।
সময়ক চাব পাৰো ঘড়ীৰ কাটাৰে,
সময়ক ৰাখিব পাৰি নিজৰ কৰ্মৰে।
সময়ৰ মতে কলিৰ পৰা ফুল হব,
সময়ৰ মতে ডাৱৰে বৰষুণ পেলাব।
সময়ৰ মতে পৃথিৱীত দিন ৰাতি হব,
সময়ৰ মতে সকলো প্ৰাণীৰ সমাপ্ত নিশ্চিত কৰিব।
সময়ৰ মতে সকলোৱে নয়ন মেলিব,
সময়ৰ মতে সকলোৱে নয়ন ঢাকিব।
অমৰ হবলৈ সময়ৰ সৎ ব্যৱহাৰ কৰিব লাগে,
এইটো সঁচা যে সময় কাৰোবাবে ৰৈ নাথাকে।
-নিতিষ্মান দাস
সপ্তম শ্রেণী