সময় ডায়েৰীত জীৱনৰ অধ্যায়
সংগীতা দেৱী, ৰজনীগন্ধা
নিস্তব্ধ উজাগৰি সামৰি এটি
পূৰঠ স্বপ্নৰ ৰজনী।
মৌন ওঁঠত আজি হেঁপাহৰ কিৰিলি!
যেন জাগ্ৰত এজাক সেউজৰ ছবি।
ক’ত দিন! ক’ত ৰাতি!
হিচাপবিহীন সময়ৰ গতিত
বেদনাও যেন শক্তি।
কোনে কয় মই সুখী বুলি?
এক বঠাহীন নাওঁৰ যাত্ৰী মই,
মই এক অবুজ সাঁথৰৰ উত্তৰ!
সংজ্ঞাহীন, কল্পনা বিহীন
মাথোন এক নীৰৱ যান্ত্ৰনাৰ…
ফাঁকু নাসানিবা!
ৰঙেৰে ৰঙীন কৰিব নোৱাৰা,
আকাংক্ষাৰেই মৰীচিকা মই!
পৰিসমাপ্তি হোৱা ৰঙৰ সন্ধানত…!
কোনে কয় মই দুখী বুলি?
হঠাৎ! সৌৱা হঠাৎ এজাক আশাৰ বৰষুণ
হেঙুলীয়া হাবিয়াসৰ পূৰ্ণাংগ সজ্জা।
হৃদয়ত প্ৰতিপল অগাভেটা কৰা।
ব্যাকুল অনুভৱ অনুভূতিৰ
প্ৰাপ্তিৰ ৰজনী।
ৰ’বা চোন!উজ্জ্বলি উঠা আশাত লাগিব নেকি
আকৌ গ্ৰহণ?
থুনুকা বিশ্বাসৰ শিখাই কিমান সময়
পোহৰাই ৰাখিব?
আৰ্তনাদৰ সত্যক ও এতিয়া হৃদয়ে
কৰিব নোখোজে বিশ্বাস।
সময়ে খেলে সত্যৰ সৈতে
বেদনাময় কাহিনীৰ ক’ত লুকাভাকু!
এদিন সময়বোৰো শেষ হয়
সময়বোৰো নতুন হয়
সমাপ্তি প্ৰণয়ৰ সজীৱ ৰঙেৰে।
সোণোৱালী বাটেৰে বয় সপোনৰ ধল।
সাজে সাপোনে ৰঙৰ কাৰেং।।