সময় গতিশীল – ৰিজু কাকতি

সময় গতিশীল

ৰিজু কাকতি , গুৱাহাটী

ৰাতিপুৱা উঠি ৰুমৰ দুৱাৰ
খিৰিকিবোৰ খুলিবলৈ লওঁতে
দেৱালত আৰি থোৱা ঘড়ী
টোৱে কয়-
ছয় বাজিল ,সাত বাজিল ,
এনেকৈয়ে গুচি যায় সময় বোৰ ।
আজি সোমবাৰ,কালিলৈ মংগল বাৰ
এনেকৈয়ে গুচি যায় দিন
বোৰ ,দিনৰ পিছত দিন
সপ্তাহৰ পিছত সপ্তাহ ৷
এনেকৈয়ে গুচি যায় সপ্তাহটো ।
জানুৱাৰী,ফেব্ৰুৱাৰী, এনেকৈয়ে
গুচি যায় মাহবোৰ ।
মাহৰ মূৰত মাহ আহি পৰে বছৰটো,
এনেকৈয়ে গুচি যায় বছৰ বোৰ ।
*সময়ে সময়ৰ কাম কৰি যায়
সময়ৰ লগে লগেই আমিবোৰ
আগুৱাই যাওঁ ,
সেয়া হ’ ল প্ৰকৃতিৰ নিয়ম ।
সময়ৰ কামবোৰ সময়ত
নকৰিলে , থাকিব জানোঁ সময়
আমাৰ বাবে ৰৈ !
ঘড়ীটোৱে সকিয়াই দিব
বাৰে বাৰে মই গৈ আছোঁ
তোমালোকো নাথাকিবা ৰৈ ।