সময় এনেকুৱাই
মাৰ্জিনা বেগম,
বৰপেটা
কোনোবা এটি শৰতৰ নিশা
তৰা জ্বলা আকাশলৈ
থৰ লাগি চাই থকাৰ পৰাই
স্থানান্তৰিত হৈছিলোঁ মই ….
পিতাইৰ বহল বুকুৰ পৰা
আইতাৰ কোমল কোলালৈ ।
জোনবাইৰ দেশৰ সাধু শুনি শুনি
আইতাৰ বুকুৰ উমনিত শুই থাকোঁতে
জাৰ গৈ জহৰ নিশা নাপাওঁতেই
এদিন গুচি গৈছিল তেওঁ …
কোনোবা নীলাৰ সিপাৰে তৰাৰ দেশলৈ ,
হয়তো সকলোৰে অজ্ঞাতে জিলিকিছিল
ক’ৰবাত এটি তৰা ফুল হৈ অথবা
কোনোবা পুত্ৰহাৰা মাতৃৰ বেদনাৰ চকুলো হৈ
আৰু…. সোঁৱৰণি হৈ বিদায় লৈছিল
ধূলি- ধেমালিৰে ভৰা মোৰ সোণালী শৈশৱ……
তৰা গণা দিনবোৰ বন্দী হৈছিল
জাগ্ৰত নিশাৰ বন্ধ কোঠাত।
ৰূঢ় বাস্তৱক আঁকোৱালি মই
সময়ৰ সোঁতত উটি আহিলোঁ,
কঠিন শিলৰ আঘাতত ৰক্তাক্ত হোৱা
কান্ধত তুলি বিদাৰিত কলিজা …..
ৰূপ সলালে প্ৰকৃতিয়ে
গতি সলালে নদীয়ে
সময়ো সলনি হ’ল
গাত জিলিকিল শত শত ঘুণে খোৱা দাগ,
তথাপি নহ’ল সময়ৰ অলপ সময়
চোঁচৰি-বাগৰি কতনা কৰিলোঁ কাকুতি –
অ’ সময় ৰৈ যা….
সপোন বুটলিবলৈ আৰু কিছু পৰ দেৰি ….
প্ৰত্যুত্তৰত প্ৰতিবাৰেই ফুটি উঠিল ভেঙুচালি –
” সময়….. সময় এনেকুৱাই অ’ আজলী”।।