সময়ৰ বাকৰিত বন্দী শৈশৱ – ভাস্কৰ প্ৰিয়ম হাজৰিকা

সময়ৰ বাকৰিত বন্দী শৈশৱ

ভাস্কৰ প্ৰিয়ম হাজৰিকা,কৰচুং সত্ৰ, নগাঁও

স্মৃতিৰ বাকৰিত এৰি থৈ আহোঁ শৈশৱৰ আদিপাঠ।

সময়বোৰ আকৌ খুচৰি চাওঁ নিৰৱতাৰ বুকুত। সেই সময়বোৰ বৰ সতেজ আছিল, জীৱনটো মধুৰ আৰু সহজ-সৰল আছিল। পোৱা-নোপোৱাৰ কোনো চিন্তা নাছিল। বৰ্তমানবোৰক লৈয়ে জীয়াই আছিলোঁ। সময়বোৰ উপভোগ কৰিবলৈ কাষত আছিল সমনীয়া, সহপাঠী আৰু খেলাৰ লগৰীয়া। ম’বাইল ফোনৰ সলনি আছিল বালিভাত, চেংগুটি, আৰু অন্যান্য পৰম্পৰাগত খেল। যিবোৰে হৃদয়ত ভাতৃত্ববোধ গঢ়ি তুলিছিল।

এতিয়া জুলাই মাহ আৰম্ভ হৈছে। জুলাই মানেই গৰম বন্ধ আৰু দীঘলীয়া ছুটি। সেয়ে মনত আহে অপাৰ আনন্দ আৰু দীঘলীয়া পৰিকল্পনা। মামাঘৰত যাম, সমনীয়া লগত খেলিম এই অজস্ৰ সপোনে আমনি কৰিছিল। সেই সময়ত ম’বাইল ফোন, ইণ্টাৰনেট বা দূৰদেশ ভ্ৰমণৰ বিলাসীতা নাছিল। মামা ঘৰখনেই আছিল আনন্দৰ উৎস। পিতাইৰ লগত পথাৰলৈ যোৱা, আইতাৰ মুখত সাধু শুনা সেইবোৰ সকলো পৰিকল্পনাই এক অনন্য সৃষ্টিৰাজি হৈছিল।

সেই সোণোৱালী দিনবোৰ বৰকৈ মনত পৰে। গৰমবন্ধত কলপাতত সৰুনেওঁতা, বৰ নেওঁতা লিখা সময়বোৰে বৰকৈ আমনি কৰে।

আজি দিনটো এটা বিশেষ কাৰণতে মনত পৰে। বিদ্যালয়ত আজি দিনটোতেই গৰম বন্ধৰ পূৰ্বৰ সভা আছিল। সকলোৱে গীত, আবৃত্তি কৰি এমাহৰ বাবে সমনীয়াসকলৰ পৰা বিদায় লৈছিলোঁ।

সঁচাকৈ, ভাললগা সময়বোৰ ক’ৰবাত এৰি থৈ আহিলোঁ। এতিয়া সকলোবোৰ আছে। ম’বাইল, ইণ্টাৰনেট কিন্তু নাই সেই সমনীয়াৰ সময়, সতেজতা, মৰমৰ লগ। সময়েই যেন সকলোকে অকলশৰীয়া কৰি পেলাইছে। কিতাপৰ বোজাবোৰেই ভাল আছিল, কিন্তু এতিয়া জীৱনৰ বোজা কঢ়িয়াই কঢ়িয়াই ক’ৰবাত যেন নিজকে হেৰুৱাই পেলাইছোঁ। সময়বোৰে আমাক যন্ত্ৰ কৰি পেলাইছে, স্বাৰ্থপৰ কৰি তুলিছে।

আজি আকৌ হেৰাই গৈছোঁ সোণোৱালী শৈশৱৰ মাজত দুষ্টামি ভালপোৱা, সাধুসন্ধানী, কৌতূহলী সেই শিশুটোৰ দৰে।