সময়ৰ গতিত নিজকে ক’ৰবাত হেৰুৱাই পেলাইছোঁ নেকি – গায়ত্ৰী গগৈ

সময়ৰ গতিত নিজকে ক’ৰবাত হেৰুৱাই পেলাইছোঁ নেকি

গায়ত্ৰী গগৈ, দ্বাদশ শ্ৰেণী,
স্বধ্যায় একাডেমি(বৰবৰুৱা)

এইখন ব্যস্ততাৰে ভৰা এক পৃথিৱী য’ত সকলো মানুহ নিজৰ জীৱনৰ লগত খুব ব্যস্ত।কোনোবাই যদি সময়ৰ লগে লগে খোজ মিলাই গৈছে।আন কোনোবাই আকৌ সময়ৰ গতিক চেৰ পেলাই নিজৰ জীৱনত আগবাঢ়িব খুজিছে।মুঠৰ ওপৰত সকলোৱে দ্ৰুতগতিৰে জীৱনত আগুৱাই গৈছে।কাৰো পিছলৈ ঘূৰি চাবলৈ সময় নাই।কোনে কি এৰি আহিছে,তাৰ যেন হিচাপ ল’বলৈ সকলোৰে হাতত সময়ৰ অভাৱ।কিন্তু এই ব্যস্ততাৰে ভৰা জীৱনটোত আগবাঢ়ি যাওঁতে আমি নিজকে সময় দিবলৈ পাহৰি যাওঁ।সময়ৰ গতিত আগবাঢ়োঁতে নিজকে আমি ক’ৰবাত এৰি অহা নাইনে? কোনোবাদিনা আমি নিজকে বিচাৰিবলৈ চেষ্টা কৰিছোঁ জানো? হয়তো বিচাৰি চোৱাৰ প্ৰয়োজনবোধ নকৰোঁ।কাৰণ আমি সকলো আমাৰ এই ব্যস্ততাৰে ভৰা জীৱনটোৰ লগত সুখী হ’বলৈ শিকি লৈছোঁ।আমি আমাৰ দৈনন্দিন কামবোৰ কৰাৰ লগতে সদায় যেন কিবা নতুন এটাৰ সন্ধানত ঘূৰি ফুৰিছোঁ।আজি যদি কিবা এটা ভাল কৰিছোঁ,কাইলৈ ইয়াতকৈ দুগুণ ভাল কৰিম,এই মনোভাৱেৰেই যেন জীৱনটো আগবাঢ়ি গৈছোঁ।ব্যস্ততাৰে ভৰা জীৱন সকলোৰে প্ৰিয়।কাৰণ ব্যস্ত হৈ থাকিলে মনৰ ভিতৰত কোনোধৰণৰ চিন্তাই আহি খু-দুৱনিৰ সৃষ্টি কৰিব নোৱাৰে।সেয়েহে নিজকে এনে এটা জীৱনৰ লগত হেৰুৱাই পেলাইছোঁ।এদিন বন্ধৰ দিন এটাত ঘৰত কৰিবলগা একো নাছিল বাবে আমনি লাগিছিল।সেয়েহে অলপ ওলাই গলোঁ।সেয়া আবেলিৰ সময় আছিল।ঘৰৰ অলপ কাষতে থকা নৈখনৰ ওচৰলৈ গলোঁ।তাৰ কাষতে অলপ বহিলোঁ আৰু অলপ সময় নিজৰ লগত কটাবলৈ চেষ্টা কৰিলোঁ।অস্ত যোৱা বেলিটো,চৰাই-চিৰকটিৰ সুন্দৰ সংগীত আৰু কুলু-কুলুকৈ বৈ যোৱা নদীৰ সোঁতৰ শব্দ বতাহত ভাঁহি আহি কাণত পৰিল।চাৰিওফালে যেন দেহ মন জুৰ পেলোৱা এজাক ঠাণ্ডা বতাহ মোৰ শৰীৰত ছাটি মাৰি গ’ল।কিমান দিনৰ মুৰত যে এনেকুৱা এটা পৰিৱেশ পাইছোঁ।দুচকু মুদি সামৰি ললোঁ সকলো।নিজকে বিলীন কৰি পেলালোঁ প্ৰকৃতিৰ মাজত।এইদৰে অলপ সময় থকাৰ পাছত নিজৰ সেই জীৱনটোলৈ ঘূৰি গলোঁ।ভাল-বেয়া বহুতো স্মৃতিয়েই মনত আহি আলোড়নৰ সৃষ্টি কৰিলে।বহুতো মানুহৰ মুখমণ্ডল চকুৰ আগত ভাঁহি আহিব ধৰিলে।যিবোৰ মানুহৰ লগত এটা সময়ত ঘনিষ্ঠ সম্পৰ্ক আছিল,আজিকালি সেইবোৰ মানুহৰ লগত কোনোধৰণৰ যোগাযোগ নাই।লগৰ লগত ফুৰিব যোৱা,বন্ধৰ দিন এটা পালে সকলো মিলি ক’ৰবাত ফুৰিবলৈ সকলো যোৱাৰ প্লেনিং,এইবোৰেই আছিল যেন জীৱনৰ মাদকতা।আজিকালি এইবোৰৰ বাবেই হাতত সময়ৰ অভাৱ।সঁচায়ে সময় বৰ গতিশীল।সময়ে যেন সকলো সলনি কৰি পেলাইছে।সময়ৰ গতিত আগবাঢ়িব খোজোতে জীৱনটোত কিমান কিযে এৰি আহিছিলোঁ।ভৱিষ্যতে ভাল কিবা কৰাৰ স্বাৰ্থত বৰ্তমানক যেন উপভোগ কৰিবলৈ পাহৰি গৈছিলোঁ।আজি উপলব্ধি কৰিছোঁ যে ব্যস্ততাৰে  ভৰা জীৱনটোৰ আঁৰত যেন আন এটা সুন্দৰ জীৱন লুকাই আছে যাক কেতিয়াও বিচৰাৰ চেষ্টা কৰা নাই।ব্যস্ততাৰে ভৰা জীৱনটোৰ মাজত নিজকে বিচাৰি পাইছোঁ।যেতিয়া অনুভৱ কৰিছোঁ যে নিজকে মই কিমান দূৰত এৰি আহিছিলোঁ।জীৱনটো কিমানযে সুন্দৰ।কিন্তু জীৱনলৈ অহা দুখ আৰু কিছুমান বেয়া স্মৃতিৰ বাবেই যেন এনে এটা জীৱনৰ মাজত নিজকে হেৰুৱাই পেলাইছিলোঁ।কিন্তু জীৱনত অহা সুখ-দুখেইতো জীৱনৰ প্ৰকৃত মাদকতা।জীৱনত সুখ আহিবলৈ হ’লে দুখৰো প্ৰয়োজন।বেলি লহিয়ালে,ঠাইখিনিত এক নিৰ্জনতাই বিৰাজ কৰিলে,ঘৰলৈ উভতি আহিব ললোঁ,কিন্তু মন যোৱা নাছিল কাৰণ বহুদিনৰ পাছত এনে এটা পৰিৱেশ পাইছিলোঁ।কিন্তু সময় বহু নিষ্ঠুৰ।পুনৰ উভতি যাব লাগিব এই ব্যস্ততাৰে ভৰা  জীৱনটোলৈ।কিন্তু এইবোৰ যিমান সময়ৰ গতিত আগুৱাই গ’লেও নিজক কেতিয়াও হেৰুৱাই নেপেলোৱাৰ প্ৰতিশ্ৰুতিৰে পুনৰ নিজৰ ঘৰলৈ খোজ ললোঁ।