সময়ৰ খেলা
শ্ৰী ৰূপৰেখা শৰ্মা
নাভাবি বা বন্ধু
তোমাক পাহৰিছো বুলি
ম’বাইল কম্পিউটাৰ ৰ লগত
খেলা কৰি কৰি
হৈ পৰিছো একোটা যন্ত্ৰ
সময়ৰ তাগিদাত
সমাজৰ দায়বদ্ধতাত
ভবা মতে নহয় নিজৰ কাম
নোৱাৰো পাহৰিব বিদ্যালয়ত
লগপোৱা মোৰ প্ৰিয় সহপাঠীসকলক
নাজানো সকলোৰে ঠিকনা
নাজনীন, প্ৰণালী, জুনুৰ জানো মাথোঁ ঠিকনা
হাঁহি থকা মধুমিতাৰ
হাঁহি ভৰা মুখখন দেখা পাওঁ
ৰাতিৰ আকাশত তৰাৰ মাজত
বাকী সকলৰ জানা যদি
দিবাচোন ঠিকনা
সময়ৰ খেলাটো
পাহৰিব পৰা নাই
স্কুলৰ সেউজীয়া
সাজযোৰৰ কথা
লগপালে কথা পাতিম
এৰি অহা দিনবোৰৰ
মধুৰ কথা।
