সময়েও গতি সলাই – ৰূপালী গগৈ চুতীয়া

Pc- istockphoto

সময়েও গতি সলাই 

ৰূপালী গগৈ চুতীয়া,ডিব্ৰুগড়

জীৱন ঘড়ীৰ কাটা
কোনে ঘূৰাই
সুখ দুখৰ নাটকখন
কোনে চলাই
আমিও জানো সেই দুল
আমাৰ হাতত নাই।
ধুমুহাৰ বৃষ্টি আহে আৰু যায়
সময়েও গতি সলাই
পৃথিৱীৰ সমস্ত বোৰ
জীয়াই থাকোঁতে নিজৰ কৰাৰ
হাবিয়াস বোৰে তেওঁকেই
খুলি খুলি খাই ।
ওৰে জীৱন মৰাক মাৰি
নিজৰ কৰাৰ সপোন
কেঁচা কলিজাৰ ঘাঁ সুকোৱাবলৈ
আজি তেওঁৰ চকুলোত
ঠাই আৰু নাই।
মনে মনে কান্দিছে
আনে দেখাকৈ হাঁহিছে
আজি নিজকে আঁতৰাই
সুখী হৈছে কিয় জানানে?
জীৱন ঘড়ীৰ কাটা
মন গ’লেই নিজেই ঘূৰাই
নিজেই ঘূৰাই !!!
error: Content is protected !!