সময়বোৰ এনেকুৱাই – সবিতা বেগম

PC - Wallpaper.com
সময়বোৰ এনেকুৱাই
সবিতা বেগম, বৰপেটা

মোৰ পৰা আঁতৰি যাবলৈ
তোমাৰ খুবেই হেঁপাহ !!!
মাথোঁ মোৰ বাবে আঁতৰিব
পৰা নাই ,
কষ্ট মোৰ অলপো হোৱা নাই।
অলপ আগতেও ভবা নাছিলোঁ
তুমি তোমাক বিচাৰি থকা বুলি।
জানা , এতিয়া তোমাক আঁতৰাবলৈ
মই যে একেবাৰেই বাধ্য।
এডোখৰ উকা পৃষ্ঠা বুকুত সাৱটি
কলমটোক নিচুকাবলৈ।
জানা, মই মাথোঁ তোমাকেই ভাল পাইছিলোঁ
বদনামী চুক্তিত স্বাক্ষৰ কৰিবলৈ নহয়।
তুমি মোক দূৰত্ব দেখুৱাই
অৰ্থৰ নামত , কলংকৰ ভয়ত
ভিন্ন কাৰণত উপস্থাপন কৰিছা
দীঘল দলিল
জানো ,লুকাবলৈ এয়া তোমাৰ মুক্তিৰ আহ্বান …।
মাথোঁ মোক আঁতৰাবলৈ
মিছা শব্দৰ মালা গাঁথিবলৈ কিনো প্ৰয়োজন।
সিটো সাঁজে তোমাক একেবাৰেই
ভাল নালাগে।
সিদ্ধান্ত মোৰ ভুল তোমাৰতো নহয়
ইচ্ছা নাই যাব পাৰা
ইচ্ছা আছিল আহিছিলা
মই তোমাক জোৰ কৰিম কেনেকৈ
তুমি মোৰ হৈ থকা বুলি….!!
মই তোমাৰ ভুৱা প্ৰেমৰ
শক্তিহীন অযোগ্য প্ৰেমিকা।
সময়বোৰ এনেকুৱাই
মোৰ বাবে , এদিন তোমাৰ বাবে
এদিন আন কাৰোবাৰ বাবে।
ব্যৰ্থ খেদ কৰি লাভ নাই
ভোকাতুৰ কুম্ভীৰৰ ওচৰত
জীৱন ভিক্ষা কৰি।