“সমন্বয় সাহিত্য মঞ্চ, অসম”ৰ তৃতীয় প্ৰতিষ্ঠা দিৱস উদযাপন
ৰঙিলী বাৰ্ত্তাসেৱা- ১৯ ছেপ্টেম্বৰ ২০২৪ তাৰিখত দিনজোৰা কাৰ্যসূচীৰে গুৱাহাটী প্ৰেছক্লাবত সমন্বয় সাহিত্য মঞ্চ, অসমৰ তৃতীয় প্ৰতিষ্ঠা দিৱস উদযাপন অনুষ্ঠিত কৰা হয়। ৰাতিপুৱা ১০:০০ বজাত মঞ্চৰ সভাপতি ঊষামণি শইকীয়াই পতাকা উত্তোলন কৰে। ১০:৩০ বজাত মঞ্চৰ প্ৰাক্তন মুখ্য উপদেষ্টা- প্ৰয়াত শুক্লেশ্বৰ নাথ দেৱৰ স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰা হয়। ১১:০০বজাৰ পৰা প্ৰতিনিধি সভা অনুষ্ঠিত হয়,সভাপতিত্ব কৰে মঞ্চৰ সভাপতি – ঊষামণি শইকীয়া ডাঙৰীয়ানী আৰু অতিথি হিচাপে মঞ্চত উপস্থিত থাকে নৱ নিযুক্ত মুখ্য উপদেষ্টা নগেন্দ্ৰ মোহন ভট্টাচাৰ্য, উপদেষ্টা- নিজৰা গগৈ, কাৰ্যকৰী সভাপতি মেৰাজ ৱাচিকুৰ ৰহমান, উপ সভাপতি – ডাঃ বিজুজ জাহান ছালেহা বেগম। সভাৰ আত্ ধৰাৰ লগতে বছৰেকীয়া প্ৰতিবেদন পাঠ কৰে সমন্বয় সাহিত্য মঞ্চ, অসমৰ মুখ্য সম্পাদক ময়েজ উদ্দিন আহমেদে।
উক্ত অনুষ্ঠানত অসমৰ বিভিন্ন স্তৰৰ বিশেষ ব্যক্তি যেনে, সমাজ বন্ধু সাজন ভূঞা,(গুৱাহাটী), জুমি বেগম (নলবাৰী) চুমী ৰহমান (গুৱাহাটী) ৰীণা বেগম (গুৱাহাটী), ৰেইনড্ৰপছ ইনিশিয়েটিৱ, (অসম) চুলতান মাহমুদ মিৰ্ধা, (বৰপেটা) ৰঞ্জনা পাঠক, (গুৱাহাটী) আব্দুৰ ৰহিম আহমেদ, (বৰপেটা) দীপলু শৰ্মা,(গুৱাহাটী) আলামিন আহমেদ,(অধিবক্তা, বৰপেটা) ৰুহুল আমিন, অধ্যাপক,আদি কৰি ২০ জন বিভিন্ন প্ৰেক্ষাপটৰ পৰা বিশিষ্ট ব্যক্তিক বিশেষ ভাবে সম্বৰ্ধনা জনোৱা হয়।
দিনৰ ১২:০০ বজাত মুকলি সভাৰ লগতে বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত কৰা সভাৰ সভাপতিত্ব কৰে মঞ্চৰ কাৰ্যকৰী সভাপতি মেৰাজ ৱাচিকুৰ ৰহমান, বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে সমালোচক,কবি, সাংবাদিক সন্মানীয় বিপুল শৰ্মা ডাঙৰীয়া, আৰু অসম ভূমি কাকতৰ মুখ্য সম্পাদক, লোক সংস্কৃতিৰ গৱেষক সন্মানীয় লীলাধৰ হাজৰিকা, উক্ত অনুষ্ঠানত প্ৰচাৰ বিমূখ সমাজকৰ্মী, সৰ্বধৰ্মীয় লোকৰ বিপদৰ বন্ধু সমন্বয়ৰ বাহক যুগল ভূঞা ডাঙৰীয়াক সমন্বয় সাহিত্য মঞ্চ, অসমৰ ২০২৪ৰ “সমন্বয়” বঁটা প্ৰদান কৰা হয়। আৰু বিশিষ্ট সাহিত্যিক, অৱসৰী ভাৰপ্ৰাপ্ত অধ্যক্ষ, সন্মানীয় ড° হাফিজ আহমেদ ডাঙৰীয়াক সমন্বয় সাহিত্য মঞ্চ, অসমৰ ২০২৪ ৰ “সমন্বয় সাহিত্যৰ জীৱনজোৰা সাধনা বঁটা” প্ৰদান কৰা হয়।
বঁটা গ্ৰহণ কৰি যুগল ভূঞা দেৱে কয়……..
বঁটা গ্ৰহণ কৰি ড° হাফিজ আহমেদ দেৱে কয়……
সভাত আলোচনী সম্পাদক, নুৰ ইছলামৰ লগতে সম্পাদনা সমিতিয়ে সম্পাদনা কৰা “সমন্বয় সাহিত্য মঞ্চ অসম”ৰ মুখপত্ৰ “সমন্বয়” উন্মোচন কৰা হয়।
উন্মোচন কৰে … ঔপন্যাসিক, সমাজকৰ্মী,ৰুণা লাইলা ডাঙৰীয়ানীয়ে। শেষত ২:০০ বজাত সাংস্কৃতিক অনুষ্ঠান, লগতে “শেৱালীৰ সুবাসত গীতে মাতে কবিতাৰ এদিন” শীৰ্ষক কবি সন্মিলন অনুষ্ঠিত কৰা হয়, সঞ্চালনা কৰে বিশিষ্ট কবি, নঞ্জু দত্ত ডাঙৰীয়ানী .। বিভিন্ন অঞ্চলৰ কবি সকলে কবিতা পাঠ কৰে । মুখ্য সম্পাদক ময়েজ উদ্দিন আহমেদে উপস্থিত ৰাইজৰ লগতে মঞ্চৰ বিষয়ববীয়া সকলে কৰা সহায় সহযোগিতাৰ বাবে বিশেষ ভাৱে শলাগৰ শৰাই আগবঢ়ায়। সমন্বয় সাহিত্য মঞ্চ, অসমৰ ফালৰ পৰা আগন্তুক দিনত অসমৰ বিভিন্ন জিলাত জিলা সমিতি আৰু অঞ্চালিক সমিতি গঠন কৰি এই সংগঠনক অসমৰ এক জাতীয় মঞ্চ হিচাপে গঢ়ি তোলাৰ চিন্তা কৰাৰ কথা জনায়, অসমৰ সমাজ জীৱনত সাহিত্যৰ লগতে সমন্বয়ৰ ভেটি আৰু সামাজিক কামকাজবোৰ নিয়াৰিকৈ কৰি যাব বুলি সমন্বয় সাহিত্য মঞ্চ অসমৰ মুখ্য সম্পাদক ময়েজ উদ্দিন আহমেদে আমাক জানিবলৈ দিয়ে।