সমগ্ৰ ৰাজ্যৰ লগতে ডিব্ৰুগড়তো ৰাষ্ট্ৰীয় কুষ্ঠ নিবাৰণী আঁচনিৰ অধীনত কুষ্ঠৰোগ চিনাক্তকৰণ অভিযান

সমগ্ৰ ৰাজ্যৰ লগতে ডিব্ৰুগড়তো ৰাষ্ট্ৰীয় কুষ্ঠ নিবাৰণী আঁচনিৰ অধীনত কুষ্ঠৰোগ চিনাক্তকৰণ অভিযান

এম হাছিম আলী,ডিব্ৰুগড়, ৰঙিলী বাৰ্ত্তাসেৱা- সমাজৰ পৰা কুষ্ঠৰোগ নিৰ্মূলৰ বাবে চৰকাৰ তথা স্বাস্থ্য বিভাগৰ বিশেষ আঁচনিৰ দ্বাৰা কেৱল সজাগতা সভাই নহয় এতিয়াৰ পৰা ঘৰে ঘৰে গৈ কুষ্ঠৰোগ চিনাক্তকৰণৰ আৰু চিকিৎসাৰ অভিযানত নামিছে স্বাস্থ্যকৰ্মী আৰু বিষয়া সকল ৰাষ্ট্ৰীয় কুষ্ঠ নিবাৰণী আচঁনিৰ অধীনত কুষ্ঠৰোগ চিনাক্তকৰণ অভিযান সমগ্ৰ ৰাজ্যৰ লগতে ডিব্ৰুগড়তো যোৱা ৩০ অক্টোবৰৰ পৰা এই আঁচনি আৰম্ভ হয়।ডিব্ৰুগড়ৰ ৰাজ্যিক চিকিৎসালয়ত এই অভিযান আনুষ্ঠানিক ভাৱে যোৱা ৩০ অক্টোবৰৰ পৰা আৰম্ভণি কৰা হয়। জিলাখনৰ প্ৰতি ঘৰে ঘৰে গৈ কুষ্ঠৰোগৰ লক্ষণ পৰীক্ষা কৰিব জিলা খনৰ স্বাস্থ্যকৰ্মীয়ে। ৩০ অক্টোবৰৰ পৰা ১২ নৱেম্বৰলৈ চলিব লগা এই অভিযানত নামিব ডিব্ৰুগড় জিলাৰ ১২৯৫ গৰাকী আশাকৰ্মীৰ লগতে বহু সংখ্যক স্বাস্থ্যকৰ্মীক এমাহ ধৰি প্ৰশিক্ষণ দিয়া হৈছিল । জিলাখনৰ প্ৰতিঘৰত এগৰাকীকৈ আশাকৰ্মীৰ লগতে এগৰাকী পুৰুষ স্বাস্থ্য কৰ্মীয়ে গৈ ৰোগৰ লক্ষণসমূহ পৰীক্ষা কৰিব। যদিহে কোনো লোকৰ দেহত কুষ্ঠৰোগৰ লক্ষণ দেখা দিয়ে তেনেহ’লে চৰকাৰৰ ফালৰ পৰা বিনামূলীয়াকৈ এই ৰোগৰ চিকিৎসা কৰা হ’ব বুলি কুষ্ঠৰোগ স্বাস্থ্য বিষয়া ডাঃ ৰাণী চুতীয়া হুছেইনে জানিবলৈ দিয়ে। তাৎপৰ্যপূৰ্ণ যে ৰাজ্যৰ ভিতৰত ডিব্ৰুগড় জিলাতেই কুষ্ঠ ৰোগীৰ সংখ্যা আটাইতকৈ বেছি বুলি চিহ্নিত কৰা হৈছে। কেৱল এপ্ৰিল মাহৰ পৰা বৰ্তমানলৈ জিলাখনত ধৰা পৰিছে ৬৫ জন কুষ্ঠৰোগী। ডিব্ৰুগড় জিলাত শেষতীয়াকৈ কুষ্ঠ ৰোগীৰ সংখ্যা মুঠ ১৬৭ জনলৈ বৃদ্ধি পাইছে।স্বাস্থ্য বিভাগৰ ফালৰ পৰা এই ৰোগী সকলৰ সুচিকিৎসাৰ লগতে জৰুৰী ঔষধপাতি আদি নিয়মিত ভাবে প্ৰদান কৰি থকা হৈছে।ইফালে জিলাখনৰ চাহ বাগিছা অঞ্চলত এইৰোগৰ প্ৰাদুৰ্ভাব উদ্বেগজনক ভাবে বেছি। বিভিন্ন সময়ত সজাগতাৰ অভাৱত কুষ্ঠ ৰোগৰ বিষয়ে ৰাইজ অৱগত নহয় , সেয়েহে চৰকাৰৰ এই অভিলাষী আচঁনিয়ে কুষ্ঠৰোগ চিনাক্ত কৰাৰ লগতে ৰাইজৰ মাজত এই বিষয়ে সজাগতাও সৃষ্টি কৰিব বুলি আশা কৰা হৈছে। অতিৰিক্ত মুখ্য স্বাস্থ্য বিষয়া ডাঃ তৃষ্ণা বৰুৱা, মুখ্য পৰিয়াল কল্যাণ কুষ্ঠৰোগ বিষয়া ডাঃ ৰাণী চুতীয়া হুচেইন, কুষ্ঠৰোগ বিভাগৰ পৰামৰ্শ দাতা ডাঃ দিলীপ বুঢ়াগোহাঁই , অন্যতম বিষয়া ডাঃ সপ্না শইকীয়া আদি বিষয়া সকল এই আঁচনিৰ অন্যতম তত্ত্বাৱধায়ক।