সমগ্ৰ বিশ্বতে বৃদ্ধি পাই আহিছে পৰিৱেশ কৰ্মীক হত্যাৰ ঘটনা

pc NDTV

সমগ্ৰ বিশ্বতে বৃদ্ধি পাই আহিছে পৰিৱেশ কৰ্মীক হত্যাৰ ঘটনা

অনলাইন বাৰ্ত্তাসেৱা – বৰ্তমান সময়চোৱাত সমগ্ৰ বিশ্বতে পৰিৱেশ আৰু ভূমিৰ অধিকাৰৰ হকে সংগ্ৰাম চলোৱা পৰিৱেশ কৰ্মী হত্যাৰ বলি হোৱা ঘটনা বৃদ্ধি পাই আহিছে। গ্ল’বেল উইটনেছ নামৰ সংস্থা এটাই চলোৱা বিশ্বজুৰি পৰিৱেশৰ সজাগতাৰ অধ্যয়নত ভয়াৱহ তথ্য পোহৰলৈ আহিছে। ২০১৯ চনৰ তুলনাত ২০২০ চনত পৰিৱেশ কৰ্মীক হত্যাৰ ঘটনা বৃদ্ধি পাইছে। গ্ল’বেল উইট্নেছ পৰিৱেশৰক্ষক শীর্ষক প্রতিবেদনত প্রকাশিত তথ্যই উদ্বিগ্ন কৰি তুলিছে বিশ্বৰ পৰিৱেশ কৰ্মীক। সংস্থাটোৱে প্ৰতিবেদনত প্ৰকাশ কৰা মতে অবৈধ কাঠৰ ব্যৱসায় তথা বে-আইনীভাৱে বনাঞ্চল ধ্বংস কৰা, অবৈধ খনন, বৃহৎ পৰিমাণৰ কৃষি ব্যৱসায়, জলবিদ্যুৎ বান্ধ আৰু অন্যান্য বিভিন্ন পৰিৱেশ বিঘ্নিত কৰা আন্তঃগাঁথনিৰ বিৰুদ্ধে যুঁজ কৰা পৰিৱেশ আৰু মানৱাধিকাৰ কৰ্মীক দুষ্ট চক্রই আক্ৰমণৰ লক্ষ্য কৰি লৈছে। বিগত ২০২০ বৰ্ষত এই ঘটনাত হত্যা কৰা হৈছে ২২৭ পৰিৱেশ কৰ্মীক৷ গ্ল’বেল উইটনেছৰ জ্যেষ্ঠ বিষয়া খ্ৰীছ মেডেনে প্ৰকাশ কৰা মতে, ইয়াৰ সমান্তৰালকৈ একাংশ সাংবাদিক আৰু মানৱাধিকাৰ কৰ্মীক হত্যা কৰা হৈছে। বনাঞ্চল ধ্বংসৰ বিৰুদ্ধে মাত মতাৰ বাবে ব্রাজিল, নিকাৰাগুৱা, পেৰু আৰু ফিলিপাইনছত ২৩জনকৈ পৰিৱেশ কৰ্মীক হত্যা কৰা হৈছে। আনপিনে, জলবায়ু পৰিৱৰ্তনৰ অগ্ৰগণী যোদ্ধা বিশেষকৈ খিলঞ্জীয়া লোকক কলম্বিয়াত আক্রমণ কৰা হৈছে ৷ দুষ্ট চক্ৰৰ হাতত এই দেশখনৰ ৬৫জন লোকৰ মৃত্যু ঘটিছে। খ্ৰীছ মেডেনে এই উদ্বেগজনক তথ্য প্রকাশ কৰি দেশৰ চৰকাৰসমূহক পৰিৱেশৰক্ষক সকলক সুৰক্ষিত কৰি ৰখাত গুৰুত্ব দিবলৈ আহ্বান জনাই।

(UD.)