সমগ্ৰ দেশতে ‘ৰাজহুৱা পৰীক্ষা (অনৈতিক উপায় প্ৰতিৰোধ) আইন-২০২৪’ বলৱৎ

সমগ্ৰ দেশতে ‘ৰাজহুৱা পৰীক্ষা (অনৈতিক উপায় প্ৰতিৰোধ) আইন-২০২৪’ বলৱৎ

ৰঙিলী বাৰ্ত্তাসেৱা- সৰ্বভাৰতীয় পৰ্যায়ৰ প্রতিযোগিতামূলক পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল-কেলেংকাৰি সংঘটিত হোৱাৰ পাছতে তৎপৰ হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ। শিক্ষার্থীৰ ভৱিষ্যতক লৈ হেতালি খেলা এনেধৰণৰ দুষ্কাৰ্যৰ পুনৰাবৃত্তি নোহোৱাৰ লক্ষ্যৰে সমগ্ৰ দেশতে ৰাজহুৱা পৰীক্ষা (অনৈতিক উপায় প্ৰতিৰোধ) আইন-২০২৪’ বলৱৎ কৰা হৈছে। কেন্দ্রীয় কর্মচাৰী, ৰাজহুৱা অভিযোগ আৰু পেন্সন মন্ত্রালয়ে ৩৯০২০/১২/২০২৩-পিপি (বি আই) নম্বৰৰ এই সম্পর্কীয় অধিসূচনা জাৰি কৰে। ইয়াৰ লগে লগে ২১ জুনৰে পৰা কেন্দ্ৰীয় লোকসেৱা আয়োগ, ষ্টাফ ছিলেকচন কমিছন, ৰে’লৱে ৰিকুইটমেন্ট ব’ৰ্ড, ইনষ্টিটিউট অৱ বেংকিং পাছনেল ছিলেকচন, কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰালয় বা বিভাগসমূহ, নেচনেল টেষ্টিং এজেঞ্চী আৰু কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা অধিসূচিত অন্যান্য কর্তৃপক্ষই অনুষ্ঠিত কৰা পৰীক্ষাৰ ক্ষেত্রত এই আইনখন কাৰ্যকৰী হ’ব। লক্ষণীয়ভাৱে ‘ৰাজহুৱা পৰীক্ষা (অনৈতিক উপায় প্ৰতিৰোধ) আইন- ২০২৪’ত বিভিন্ন কঠোৰ শাস্তি সন্নিৱিষ্ট কৰা হৈছে। বিশেষকৈ আইন ভংগ কৰি লিপ্ত হোৱা সকলোধৰণৰ অপৰাধ বিচাৰযোগ্য, জামিনবিহীন আৰু আপোচবিহীনৰূপে গণ্য কৰা হ’ব। তদুপৰি পৰীক্ষাৰ প্ৰশ্নকাকত বা উত্তৰ ফাদিলৰ দৰে কাৰ্যত জড়িত লোকে ৩ৰ পৰা ৫ বছৰ পৰ্যন্ত কাৰাবাস খটাৰ উপৰি ১০ লাখ টকালৈকে জৰিমনা ভৰিব লাগিব। জৰিমনা আদায়ত ব্যর্থ হ’লে ভাৰতীয় ন্যায় সংহিতা-২০২৩ৰ নিৰ্ধাৰিত ধাৰা অনুসৰি অতিৰিক্ত কাৰাবাস খটাটো বাধ্যতামূলক। আইনখনে পৰীক্ষাত অনৈতিক উপায়ত লিপ্ত সেৱা প্ৰদানকাৰী (ছার্ভিচ প্রভাইড়াৰ) ৰ ক্ষেত্ৰতো শাস্তিমূলক ব্যৱস্থা আৰোপ কৰিছে। সেই অনুসৰি আইন উলংঘাকাৰী সেৱা প্ৰদানকাৰীয়ে এক কোটি টকাপর্যন্ত জৰিমনা আদায় দিয়াৰ উপৰি সমানুপাতিকভাৱে পৰীক্ষাৰ ব্যয়ো বহন কৰিব লাগিব। লগতে অনাগত চাৰি বছৰপৰ্যন্ত কোনোধৰণৰ ৰাজহুৱা পৰীক্ষা পৰিচালনা কৰাৰ দায়িত্বৰ পৰা সংশ্লিষ্ট সেৱা প্রদানকাৰীক আঁতৰাই ৰখা হ’ব। তদুপৰি তদন্তকালত যদিহে সেৱা প্রদানকাৰী প্ৰতিষ্ঠানৰ সঞ্চালক, জ্যেষ্ঠ বিষয়া বা ভাৰপ্ৰাপ্ত বিষয়াৰ সন্মতিসাপেক্ষে পৰীক্ষাত অনৈতিক উপায় অৱলম্বন কৰাৰ তথ্য পোহৰলৈ আহে, তেন্তে সংশ্লিষ্ট ব্যক্তিজনে ৩ৰ পৰা ১০ বছৰপৰ্যন্ত কাৰাবাস খটাৰ উপৰি আদায় দিব লাগিব এক কোটি টকা জৰিমনা। জৰিমনা অনাদায় ভাৰতীয় ন্যায় সংহিতা-২০২৩ৰ নিৰ্ধাৰিত ব্যৱস্থা অনুসৰি অতিৰিক্ত কাৰাবাস খটাটো বাধ্যতামূলক। যদি পৰীক্ষা অনুষ্ঠিত কৰা কর্তৃপক্ষকে ধৰি কোনো ব্যক্তি বা দল বা সেৱা প্ৰদানকাৰী তথা অন্য প্রতিষ্ঠানে সংগঠিতভাৱে এনেধৰণৰ অপৰাধ সংঘটিত কৰে, তেন্তে সংশ্লিষ্টসকলে ৫ৰ পৰা ১০ বছৰপৰ্যন্ত কাৰাদণ্ড ভোগ কৰিব লাগিব। লগতে তেওঁলোকে এক কোটি টকা জৰিমনা আদায় দিয়াটো বাধ্যতামূলক। লগতে কোনো প্রতিষ্ঠানে যদি এনেধৰণৰ সংগঠিত অপৰাধৰ লগত জড়িত হৈ পৰে, তেন্তে সেই প্রতিষ্ঠানটোৰ সম্পত্তি জব্দ কৰাৰ উপৰি পৰীক্ষাত হোৱা সমানুপাতিক ব্যয় আদায় দিব লাগিব। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল যে এনেধৰণৰ গোচৰৰ তদন্ত উপ-আৰক্ষী অধীক্ষক বা সহকাৰী আৰক্ষী আয়ুক্ত পর্যায়ৰ তলৰ বিষয়াই কৰিব নোৱাৰে। ইয়াতকৈ ঊর্ধ্বতন পৰ্যায়ৰ আৰক্ষী বিষয়াকহে দিব লাগিব গোচৰটোৰ অনুসন্ধানৰ দায়িত্ব। তদুপৰি পৰীক্ষাত অনৈতিক উপায় অবলম্বনৰ ঘটনাৰ তদন্তভাৰ কেন্দ্রীয় অনুসন্ধান সংস্থাৰ হাতত ন্যস্ত কৰাৰ ক্ষমতা কেন্দ্ৰীয় চৰকাৰৰ হাততহে থাকিব বুলি আইনখনত স্পষ্টভাবে উল্লেখ কৰা হৈছে। পৰীক্ষাত অনৈতিক উপায় অবলম্বন সন্দৰ্ভত স্পষ্টভাবে ব্যাখ্যা কৰা হৈছে ‘ৰাজহুৱা পৰীক্ষা (অনৈতিক উপায় প্ৰতিৰোধ) আইন- ২০২৪’ত। সেই অনুসৰি প্ৰশ্নকাকত আৰু উত্তৰ বা তাৰ অংশবিশেষ ফাদিলৰ উপৰি পৰীক্ষাৰ সময়ত প্রত্যক্ষ বা পৰোক্ষভাৱে কর্তৃত্ববিহীনভাৱে পৰীক্ষাৰ্থীক সহায় কৰা, উত্তৰবহী বিকৃতকৰণ, ইচ্ছাকৃতভাৱে কেন্দ্রীয় চৰকাৰে নির্ধাৰণ কৰি দিয়া ৰাজহুৱা পৰীক্ষাৰ নিয়ম-নীতিৰ উলংঘা, পৰীক্ষাৰ্থীৰ মেধা বা স্থান নির্ধাৰণৰ বাবে প্রয়োজনীয় নথি-পত্ৰৰ বিকৃতকৰণ, পৰীক্ষাৰ সময়ত নিৰাপত্তা ব্যৱস্থা অমান্য কৰা, কম্পিউটাৰৰ নেটৱৰ্ক-সম্পদ-ছিষ্টেম বিকৃতকৰণ, পৰীক্ষাৰ্থীৰ আসন ব্যৱস্থাত বিসংগতি সৃষ্টি, পৰীক্ষাৰ সৈতে জড়িতসকলৰ জীৱনৰ প্ৰতি ভাবুকি অনা আদি কাৰ্য অপৰাধৰূপে বিবেচনা কৰা হ’ব। আইনখনত উল্লেখ কৰা অনুসৰি যেতিয়ালৈকে ভাৰতীয় ন্যায় সংহিতা ২০২৩ দেশত কাৰ্যকৰী নহ’ব, তেতিয়ালৈকে এনেধৰণৰ গোচৰৰ ক্ষেত্ৰত আৰোপ কৰা হ’ব ভাৰতীয় দণ্ডবিধিৰ নিৰ্দিষ্ট বিধিসমূহেই। উল্লেখ্য যে ‘ৰাজহুৱা পৰীক্ষা (অনৈতিক উপায় প্রতিৰোধ) বিধেয়ক-২০২৪’খন যোৱা ৬ ফেব্ৰুৱাৰীত লোকসভাত আৰু ৯ ফেব্ৰুৱাৰীত ৰাজ্যসভাত গৃহীত কৰা হৈছিল। ইয়াৰ পিছতে যোৱা ১২ ফেব্ৰুৱাৰীত ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মুৱে প্রয়োজনীয় অনুমোদন দিয়াৰ লগে লগে বিধেয়কখন আইনলৈ পৰিণত হয়। কিন্তু চাৰি মাহতকৈ অধিক সময় উকলি যোৱাৰ পিছতো আইনখন সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে অধিসূচনা জাৰি কৰা নাছিল। যাৰ বাবে বলবৎ হোৱা নাছিল আইনখন। কিন্তু শেহতীয়াকৈ নীট-ইউজি আৰু ইউজিচি-নেটত হোৱা কেলেংকাৰিয়ে সমগ্র দেশ তোলপাৰ লগাই থকাৰ সময়তে কালি আন এটা সৰ্বভাৰতীয় প্রতিযোগিতামূলক পৰীক্ষা চিএছআইআৰ-ইউজিচি নেট বাতিল হোৱাৰ পাছত কেন্দ্রীয় কৰ্মচাৰী, ৰাজহুৱা অভিযোগ আৰু পেন্সন মন্ত্ৰালয়ৰ অধীনস্থ কৰ্মচাৰী-প্রশিক্ষণ বিভাগে তাৎক্ষণিকভাৱে ‘ৰাজহুৱা পৰীক্ষা (অনৈতিক উপায় প্রতিৰোধ) আইন- ২০২৪’ৰ অধিসূচনা জাৰি কৰে।