সভাসমিতি,উৎসৱ-পাৰ্বন,ৰাজহুৱা মেলমিটিঙবোৰক অনুদান সাহায্য দিয়া বন্ধ হব লাগে
( মুখ্যমন্ত্ৰীলৈ মুকলি চিঠি )
শৈলেন কুমাৰ,মিৰ্জা ( কামৰূপ )
সমাগত বহাগ বিহু,বহাগ বিহু অসমীয়া জাতিৰ স্বভিমান বুলি অতীতৰ পৰা আমি জ্ঞাত,বহাগ বিহুত নাচি উঠে অসমীয়াৰ মনপ্ৰাণ ৷ যিহেতুকে বহাগ বিহু অসমীয়াৰ কৃষিকাৰ্য খেতিপথাৰৰ লগত জৰিত এটা উৎসৱ গতিকে অসমৰ খেতিয়ক সকলে অতীতৰ পৰম্পৰা স্বৰূপে বিহু উদযাপন কৰি আহিছে ৷ বৰ্তমান অসমত পথাৰ নাই,পথাৰবোৰ এতিয়া অনাঅসমীয়া বনিক গোষ্ঠীৰ হাতত,উদ্যোগীকৰণৰ আগ্ৰাসনত বৰ্তমানৰ অসমীয়াৰ বজাৰ আৰু পথাৰ ৷ বিহু মানে পইচা কালেকচন কৰি মাৰি খোৱাৰ ধাণ্ডা ৷ সামাজিক সভাসমিতি,উৎসৱ সমূহৰ নামত আয়োজন কৰা মেলমিটিঙবোৰে নিজস্ব অস্তিত্ব হেৰুৱাই লক্ষ্য আৰু উদ্দেশ্যৰ পৰা ফালৰি কাটি অন্য ৰূপ লৈছে ৷ অৰ্থবাদী অভিলাষত অসমৰ মানুহৰ মনমগজু,একাংশ ভণ্ড লোকৰ গুণ্ডামি বাঢ়িছে ৷ এটা অনুষ্ঠানৰ মুৰব্বী যদি ভ্ৰষ্টাচাৰী ব্যভিচাৰী দুৰ্নীতিগ্ৰস্থ হয় তেতিয়া হ’লে অনুষ্ঠানৰ লক্ষ্য উদ্দেশ্য সংকটত পৰে আগুৱাই অহা নৱপ্ৰজন্মৰ বাবে বিপদাপন্ন হয় ৷ আজি ৰাইজৰ অজ্ঞানতাৰ সুযোগ একাংশ পদবী লুভীয়া ব্যক্তিয়ে লোৱা পৰিলক্ষিত হয় ৷ মহৎ উদ্দেশ্য আগত ৰাখি জয়ধ্বনিৰে ৰাইজক আবেগিক কৰে তথাকথিত একাংশ সমাজবিৰোধী ব্যক্তিয়ে ৷ লুণ্ঠনৰ নগ্ন নৃত্য নাচে সিহঁতবোৰে ৷ স্বাৰ্থবাদী সমাজব্যৱস্থাত নিস্বাৰ্থভাবে চলিব বিচৰা একাংশৰ হৃদয় ভাঙি পৰে ৷ দেখুওৱা হয় অন্য কিবা চলি থাকে অন্য কিবা ৷ কি ঘৰ,কি সমাজ সকলোতে কেৱল চক্ৰান্তৰ মায়াজাল ৷ ভেশছন ধৰি সিহঁতে হাঁহি-কান্দি মুনাফা আদায় কৰে ৷ এজন ব্যক্তিৰ চিন্তাধাৰাই উন্নতি আৰু অধঃপতন মাতিব পাৰে ৷ সৎ চিন্তাত উন্নতি আৰু অসৎ চিন্তাত অধঃপতন হোৱাটো নিশ্চিত হৈ পৰে ৷ লোভ লয়লাসত আৱদ্ধ বৰ্তমানৰ মানুহৰ মনমগজু ৷ মোৰ নাম,মোৰ প্ৰতিষ্ঠা অধঃপাতে যাওক আদৰ্শ সমাজ গঢ়াৰ আশা – আকাংক্ষা ৷ মই দুৰ্নীতি কৰিম,মই লুণ্ঠন কৰিম সমাজৰ দোহাই দি প্ৰকৃতি সমাজ ধ্বংস কৰিম ৷ এইযে যুদ্ধবিগ্ৰহ হৈ আছে এইবোৰ আচলতে এটা সম্প্ৰদায় বা এটা জাতিৰ যুদ্ধ নহয়,এইবোৰ হৈছে এজন ব্যক্তিৰ চিন্তাধাৰাৰ পৰিণাম – পৰিণতি ৷ ধনদাবী কৰি পইচা কালেকচন কৰি বিহু পাতিলেহে নেকি অসমীয়াৰ স্বভিমান ৰক্ষা হয় ৷আপুনি ভাবি চাইছেনে কেতিয়াবা আমিযে নিজৰ মঙহ নিজে চোবাই আছোঁ ৷ আজি একাংশ আত্মঅহংকাৰী সমাজবিৰোধী মানসিকতাৰ ব্যক্তিৰ জঘন্য কাৰুকাৰ্য্যত ভুক্তভোগী হৈছে সাধাৰণ জনগন ৷ কোনোবাই দেহেকেহে খাটে আৰু কোনোবাই ভোগ কৰে ৷ আমি চিন্তা কৰিব হ’ল আপুনি যোগ্য নে অযোগ্য ব্যক্তিক প্ৰাধান্য দিব ? অপসংস্কৃতি,অনীতিক মুল্য দিবনে ? সংস্কৃতিশীল,নীতিগত চিন্তাধাৰাক প্ৰাধান্য দিব ? ভৱিষ্যতটো আপোনালোকে অন্ধকাৰ বিচাৰেনে,পোহৰ ? ৰাইজৰ পইচাৰে বিহু পাতি অসমীয়াৰ স্বভিমান ৰক্ষা নহয় বৰঞ্চ লাঘৱ হয় ৷ বিহুৰ প্ৰকৃত মৰ্যাদা খেতিপথাৰত খেতি কৰা খেতিয়কে বুজি পাৱ কিন্তু সেই মৰ্যাদা মঞ্চত মুখাপিন্ধা আদৰ্শ খেতিয়ক সকলে বুজি নেপায় ৷ বিহুৰ চকীয়তা খেতিপথাৰত মঞ্চত কেতিয়াও হ’ব নোৱাৰে ৷ মঞ্চত অনুষ্ঠিত কৰা বিহুবোৰ ৰাইজৰ টকা কালেকচন কৰি মাৰি খোৱা অবিহুহে ৷ মঞ্চ এৰি প্ৰকৃত অৰ্থত খেতিয়ক হৈ পথাৰত নামি বিহু পাতিলেহে অসমীয়াৰ স্বভিমান ৰক্ষা হব বুলি ভাৱোঁ ৷