সভাপতি দিলীপ শইকীয়াৰ শোকপ্ৰকাশ
ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতীয় জনতা পার্টি, লখিমপুৰ জিলা সমিতিৰ অন্তৰ্গত তেলাহী মণ্ডলৰ অনুসূচিত মৰ্চাৰ প্ৰাক্তন সভাপতি তথা বুথৰ প্ৰাক্তন সভাপতি, শক্তিকেন্দ্ৰ প্রমুখ তথা ১৩১ নং বুথৰ ‘মন কি বাত’ৰ প্রমুখ ৰমেন দাসৰ আকস্মিক বিয়োগৰ খবৰে অত্যন্ত মৰ্মাহত কৰিছে। ‘মন কি বাত’ শ্ৰৱণ কৰি থকা অৱস্থাত হোৱা তেওঁৰ পৰলোকগামী দলৰ বাবে এক অপূৰণীয় ক্ষতি বুলি মন্তব্য কৰে ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ সভাপতি দিলীপ শইকীয়াই ৷সভাপতি শইকীয়াই তেওঁৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি শোকস্তব্ধ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে ৷