সফল মহাকাশ অভিযান সামৰি মাতৃভূমিত সুভাংশু শুক্লা
ৰঙিলী বাৰ্ত্তাসেৱা- মহাকাশ অভিযান সফলতাৰে সামৰি দেওবাৰে পুৱাই মাতৃভূমিত পদার্পণ কৰে ভাৰতৰ মহাকাশচাৰী গ্রুপ কেপ্টেইন সুভাংশু শুক্লা। বিগত এবছৰ ধৰি আইআইএছলৈ এক্সিয়ম-৪ মিছনৰ বাবে আমেৰিকাত প্রশিক্ষণ গ্রহণ কৰি মহাকাশ যাত্ৰা কৰা সুভাংশু শুক্লাক দিল্লী বিমানবন্দৰত কেন্দ্রীয় মন্ত্রী জিতেন্দ্র সিং, ইছৰোৰ অধ্যক্ষ ভি নাৰায়ণ আৰু দিল্লীৰ মুখ্যমন্ত্রী ৰেখা গুপ্তাই ৰাজকীয়ভাৱে আদৰণি জনায়। ২৫ জুনত ফ্ল’ৰিডাৰ পৰা উৰা মাৰি আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত অৱতৰণ কৰা শুক্লাই ১৮ দিনীয়া অভিযান সামৰি ১৫ জুলাইত পৃথিৱীলৈ ঘূৰি আহিছিল। শনিবাৰে স্বদেশ অভিমুখে বিমানত বহি মহাকাশচাৰী শুক্লাই ইনষ্ট্ৰাগ্রামত এক মিশ্রিত আৱেগিক পোষ্ট কৰিছিল। বিগত সময়ছোৱাত তেওঁৰ মহাকাশ অভিযানৰ সময়ত শুভাকাংক্ষীৰ অবিশ্বাস্য মৰম আৰু সমর্থনৰ বাবে সকলোকে ধন্যবাদ জনাই গ্রুপ কেপ্টেইন শুক্লাই অনাগত দিনত আৰু অধিক আগুৱাই যোৱাৰ সংকল্প গ্রহণ কৰে। শুক্লা আৰু তেওঁৰ সহযোগী মহাকাশচাৰী প্ৰশান্ত নায়াৰে শুকুৰবাৰে হিউষ্টনৰ ভাৰতীয় বাণিজ্য দূতাৱাসত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল। ইফালে প্রধানমন্ত্রী মোদীয়ে লালকিল্লাত স্বাধীনতা দিৱসৰ ভাষণত ভাৰতে নিজাকৈ মহাকাশ গবেষণা কেন্দ্র স্থাপন কৰাৰ কথা উল্লেখ কৰি গ্ৰুপ কেপ্টেইন সুভাংশু শুক্লাৰ সফল মহাকাশ অভিযানৰ কথাও সদৰী কৰিছিল। আজি প্রধানমন্ত্রী মোদীক সাক্ষাৎ কৰিব কেপ্টেইন সুভাংশু শুক্লাই। ইফালে ২২ আৰু ২৩ আগষ্টত ৰাষ্ট্ৰীয় মহাকাশ দিৱস উদযাপন অনুষ্ঠানতো অংশগ্ৰহণ কৰিব ভাৰতীয় মহাকাশচাৰীগৰাকীয়ে।