সফল ব্যক্তিসকল জীৱনৰ প্ৰথম অবস্থাত সদায় অপমানিত হয় – চন্দ্ৰ শেখৰ পৰাজুলী

Pc- Money Marketing

সফল ব্যক্তিসকল জীৱনৰ প্ৰথম অবস্থাত সদায় অপমানিত হয়

চন্দ্ৰ শেখৰ পৰাজুলী
বিশ্বনাথ চাৰিআলি

ভাৰতৰ মিছাইল মানৱ” ৰূপে খ্যাত তথা ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডঃ এ পি জে আব্দুল কালামে নিজা জীৱন কালত বহুতো মহত্বপূৰ্ণ কথাবোৰ লিপিবদ্ধ কৰি থৈ গৈছে। তাৰে ভিতৰতে তেখেতৰ এক অন্যতম অনুভৱ এটিত প্ৰকাশ কৰিছে যে,” জীৱনত যিমানেই কষ্ট পাবা সিমানেই অভিজ্ঞতা বাঢ়িব আৰু জীৱনত যিমানেই অভিজ্ঞতা হব সিমানেই শক্তিশালী হৈ উঠিব। অৰ্থাৎ তেখেতৰ এই কথাষাৰ কোৱাৰ তাৎপৰ্য এইটোৱেই যে, জীৱনত শক্তিশালী অৰ্থাৎ সফল হবলৈ হলে জীৱনৰ পোনপ্ৰথমে বহু কষ্টৰ সন্মুখীন হবই লাগিব। কষ্টকৰ জীৱনৰ জৰিয়তে নিজা ব্যক্তিগত অভিজ্ঞতাত বৃদ্ধি হয় আৰু তাৰ পৰবৰ্তী পৰ্যায়ত এক শক্তিশালী জীৱন গঢ়ি তুলিব পাৰি। যদি এনেকুৱা ধৰণৰ চিন্তাধাৰা যদি এজন মহামানৱ হয় তেন্তে আমি অকনমান কষ্টকৰ জীৱন দেখিলেই কিয় সেই ঠাইটোৰ পৰা আতৰি আহোঁ বা পলায়ন কৰিবলৈ চেষ্টা কৰোঁ ?

আচলতে মোৰ জীৱন অভিজ্ঞতা পৰা যিমানখিনিলৈকে গম পাওঁ প্ৰতিজন সফল ব্যক্তিসকল জীৱনৰ প্ৰথম অবস্থাত সদায় অপমানিত হয়। আৰু সেই অপমানিত হোৱাৰ প্ৰতিশোধবোৰ সফল ব্যক্তিসকলে হাত,ভৰি,মুখ বা শাৰীৰিক বল প্ৰয়োগৰ জৰিয়তে নহয় নিজ নিজ উচ্চ গুণগত মানদণ্ডৰ কৰ্মৰ জৰিয়তে প্ৰকাশ কৰিছে বা প্ৰকাশ কৰে। গতিকে আপুনি যদি বৰ্তমানে আৰ্থিক ৰূপত, পাৰিবাৰিক ,বা সামাজিক নাইবা প্ৰেমৰ জৰিয়তে অপমানিত হৈছে তেন্তে নিশ্চিত মনে আপুনি কেৱল নিজে কৰি থকা কৰ্ম বা কৰ্তব্যৰ প্ৰতি নিৰন্তৰ ৰূপত মনোনিবেশ কৰি যাওক । আৰু যেতিয়ালৈকে অন্যান্য সাধাৰণ মানুহৰ তুলনাত আপুনি আগুৱাই যাবলৈ সক্ষম নহয় তেতিয়ালৈকে কেৱল ধৈৰ্য্য সহকাৰে একেটা কৰ্মৰ লগতে লাগি থাকক। আৰু যেতিয়াই আপুনি নেৰানেপেৰাকৈ লাগি থকা কৰ্মৰ জৰিয়তে এদিন সফলতাৰ হাঁহি মাৰিব ঠিক তেতিয়া আপোনাক অতীততে অপমানিত কৰিবলৈ ওলাই অহা লোকসকলে আপোনাক প্ৰথমে আহি আলিংগন কৰিবলৈ আগবাঢ়ি আহিব। গতিকে বৰ্তমানে আপুনি অপমানিত হৈছে তেন্তে আপুনি একেবাৰে চিন্তা নকৰিব। কাৰণ তাৰ প্ৰতুত্তৰ আপুনি মুখেৰে নাইবা শাৰীৰিক বল প্ৰয়োগৰ দিয়াৰ পৰিবৰ্তে আপুনি নিজা সৎ কৰ্মবোৰৰ জৰিয়তে দিবলৈ সদায় যত্ন কৰক। আৰু নিজকে এদিন ইমানেই ওপৰলৈ উঠাই তুলিব যাতে সিহঁতে লাজতে আপোনাৰ ওচৰ চাপিবলৈ সাহস গোটাব নোৱাৰে। “সফলতা” শব্দটো উচ্চাৰণ কৰিবলৈ যিমান সহজ। ইয়াক অৰ্জন কৰিবলৈ সিমানেই জটিল সংগ্ৰামৰ সন্মুখীন হব লাগে। জগতৰ জৰিয়তে অপমানিত হোৱাটো প্ৰতিজন সফল মানুহৰ জীৱনৰ এক অংশ বিশেষ।